/asomiyapratidin/media/media_files/2025/01/29/hZm7uYd8MUdt9hsibkB5.jpg)
ডিজিটেল সংবাদ,ধুবুৰী: ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অনুমতি অবিহনে গ্ৰাম্য অঞ্চলত অবৈধভাৱে বিল্ডিং নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা অভিযান তীব্ৰতৰ কৰি তুলিছে ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণ কাৰ্যালয়ে। আজি ধুুবুৰীৰ ঝগৰাৰপাৰ লিংক ৰোডত ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অনুমতি অবিহনে গ্ৰাম্য অঞ্চলত অবৈধভাৱে বিল্ডিং নিৰ্মাণ কৰাৰ বিৰুদ্ধে চলিল উচ্ছেদ অভিযান।
ধুবুৰীৰ ঝগৰাপাৰ লিংক ৰোডস্থিত হবিবৰ মোল্লাহ নামৰ ব্যক্তি গৰাকীক অবৈধভাৱে নিৰ্মাণ কৰা বিল্ডিঙৰ বিৰুদ্ধে ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণ কাৰ্যালয়ৰ ফালৰ পৰা এবাৰ নহয় চাৰিবাৰকৈ জাননী দিয়া হৈছিল যদিও উক্ত জাননীক অৱমাননা কৰাৰ ফলত আজি জিলা প্ৰশাসনৰ সহযোগত ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ে উক্ত ঠাইত উচ্ছেদ অভিযান চলাই ঠাই ডোখৰ খালি কৰি লয়।
এই সংক্ৰান্তত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা এক গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত আজি এই উচ্ছেদ অভিযান চলাই বুলি ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণ কাৰ্যালয়ৰ উচ্চ বৰ্গ সহায়ক টুটুল ৰায়ে জানিবলৈ দিয়ে।