দেশৰ আন ঠাইৰ লগতে ধুবুৰী, বিলাসীপাৰাতো ধনতেৰাছ পালন...

author-image
Asomiya Pratidin
New Update
দেশৰ আন ঠাইৰ লগতে ধুবুৰী, বিলাসীপাৰাতো ধনতেৰাছ পালন...

dhanteras

ডিজিটেল সংবাদ ধুবুৰীঃ আজি ধনতেৰাছ । ভাৰতবৰ্ষৰ আন ঠাইৰ লগতে সমগ্ৰ ধুবুৰী জিলাকে ধৰি বিলাসীপাৰাতো ধনতেৰাছ পালন কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, কালী পূজা আৰু দীপাৱলী উৎসৱৰ ঠিক আগতে আহে ধনতেৰাছ, যি কাৰ্তিক মাহত কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত উদযাপন কৰা হয়।

Advertisment

আজি এই উপলক্ষে ধুবুৰী,গৌৰীপুৰ আৰু বিলাসীপাৰা চহৰত দিনটোত সোণ আৰু ৰূপৰ অলংকাৰ ক্ৰয় কৰাৰ দীৰ্ঘদিনীয়া পৰম্পৰ উদযাপন কৰা হৈছে। আজি চহৰখনৰ বহুলোকে অলংকাৰৰ সলনি,ঝাৰু, বাচন-বৰ্তনো ক্ৰয় কৰে।

সোণৰ অলংকাৰৰ দোকান,বাচন-বৰ্তনৰ দোকানত আজি গ্ৰাহকে উপচি পৰে। বিশ্বাস কৰা হয় যে, এই তিথিত যিকোনো ধাতুৰ সামগ্ৰী ক্ৰয় কৰাটো পৰিয়ালৰ বাবে ভাল।ধনতেৰাছ ২৩ অক্টোবৰ, দেওবাৰে সন্ধিয়া ৬.০৩ বজালৈ থাকিব।

dhanteras dhubri