ঢালিগাঁৱত অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ দ্বিতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিৱেশন

অসমৰ বিভিন্ন জিলাৰ পৰা অহি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যৰ উপস্থিতিত আৰম্ভ হয় ২০২৫-২৭ কাৰ্যবৰ্ষৰ দ্বিতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিৱেশন।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,চিৰাংঃ   আজি চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ বিনোদন কেন্দ্ৰত অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ দ্বিতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হয়। পুৱা আয়োজক সমিতিৰ সভাপতি ধৰ্মেশ্বৰ দাসে পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পিছতেই এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় ।

Advertisment

অসমৰ বিভিন্ন জিলাৰ পৰা অহা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যৰ উপস্থিতিত আৰম্ভ হয় ২০২৫-২৭ কাৰ্যবৰ্ষৰ দ্বিতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিৱেশন। তাৰ আগতে আয়োজক সমিতিয়ে ঢোল-খোল বজাই, বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰ মাজেৰে সমদল কৰি সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীক কাৰ্যনিৰ্বাহক সভাস্থলীলৈ আদৰি অনা হয়।

সভাৰ আৰম্ভণিতে চিৰাং জিলাৰ আয়ুক্ত যতীন বৰাই আদৰণি ভাষণেৰে সভাৰ কাৰ্য্যসূচীৰ আৰম্ভ কৰে । সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰাই আঁতধৰা অনুষ্ঠানৰ সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে । দিনৰ ১১ বজাত আৰম্ভ হোৱা এই কাৰ্যনিৰ্বাহক সভা বিয়লি ৩ বজাত অন্ত পৰে ।

 কাৰ্যনিৰ্বাহকৰ অধিৱেশন সমাপ্ত হোৱাৰ পিছত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আজি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । তাৰে ভিতৰত ব্ৰহ্মপুত্ৰ-বৰাক উপত্যকাৰ পুৰণি মান অভিমানৰ অন্ত পেলাই অসম সাহিত্য সভাই আগন্তুক পূৰ্ণাংগ কাৰ্যনিৰ্বাহকৰ অধিৱেশন বৰাক উপত্যকাৰ শিলচৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । 

বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয় বাৰ্তাৰে অহা ১১ অক্টোবৰ শিলচৰত অসম সাহিত্য সভাৰ তৃতীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰাৰ লগতে ভূপেন হাজৰিকা দেৱৰ জন্ম শতবৰ্ষ অসম বিশ্ববিদ্যালয়(শিলচৰ)ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ এই কাৰ্যনিৰ্বাহক সভাত সাহিত্য সভাৰ সভাপতি ড০ বসন্ত গোস্বামীয়ে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ তুলনাত বৰাক উপত্যকা বহু অৱহেলিত হৈ আছে ।

যাৰ কাৰণে বৰাক উপত্যকাৰ ৰাইজ অসম চৰকাৰৰ প্ৰতি ক্ষুন্ন হৈ আছে বুলি মন্তব্য কৰে ! ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাত দ্ৰুতগতিত উন্নয়ণ হোৱা নাই ! ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাতো দ্ৰুতগতিৰ উন্নয়ণৰ প্ৰয়োজনীয়তা আছে !

এই বিষয়টো অসম সাহিত্য সভাই অসম চৰকাৰক আহ্বান জনাব বুলি সদৰি কৰে। অসমৰ তালিকাভূক্ত অন্যান্য জাতি জনগোষ্ঠী সমূহৰ লগতে তালিকাভুক্ত নোহোৱা জনগোষ্ঠী সমূহক তালিকা ভুক্ত কৰি ভাৰতীয় ন্যায় সংহিতা অনুসৰি সূৰক্ষিত কৰাব দাবীৰে প্ৰস্থাৱ গ্ৰহণ কৰে।

যুৱ সমাজক ড্ৰাগছ কবলৰ পৰা ৰক্ষা কৰিবলৈ ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ ব্যৱস্থা কৰা, শিশুৰ মোবাইলৰ প্ৰতি আসক্তি ৰোধ কৰিবলৈ আইন প্ৰনয়ণ কৰি সীমিত কৰা, ১৫ টাকৈ নতুনকৈ শাখা সাহিত্য সভাৰ স্বীকৃতি প্ৰদান কৰি অনুমোদন জনোৱাৰ উপৰি বিভিন্ন জিলা সাহিত্য সভাৰ উদ্যোগত প্ৰকাশ কৰি উলিওৱা ৭ টাকৈ গ্ৰন্থ আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয়।

অসম সাহিত্য সভাৰ ইতিহাসত পোন প্ৰথমবাৰৰ বৰাক উপত্যকাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ঐতিহাসিক সিদ্ধান্ত বুলি আখ্য দিয়ে শিলচৰৰ বিধায়ক তথা কাৰ্যনিৰ্বাহক অধিৱেশন আয়োজনকাৰী সমিতিৰ সাধাৰণ সম্পাদক দ্বীপায়ণ চক্ৰৱৰ্তীয়ে। শিলচৰৰ ভাষা আন্দোলনৰ ছহীদ সকলৰ পবিত্ৰ স্মাৰকত যিদিনাখন অসম সাহিত্য সভাৰ প্ৰতিনিধি দলে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ পিছতেই এক নতুন যুগৰ সূচনা হৈছিল।

 সাহিত্য সভাৰ প্ৰতিনিধি সকলে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ মিলনৰ প্ৰয়াসেৰে শিলচৰত অসম সাহিত্য সভাৰ তৃতীয় কাৰ্যনিৰ্বাহক অধিৱেশন আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল যি প্ৰস্তাৱ বৰাক উপত্যকাৰ ৰাইজে সাদৰে গ্ৰহণ কৰিছিল । অসম সাহিত্য সভাৰ এই সিদ্ধান্ত লোৱাৰ বাবে বাবে অসম সাহিত্য সভাক ধন্যবাদ জনায় শিলচৰৰ বিধায়ক দ্বীপায়ণ চক্ৰৱৰ্তীয়ে ।

অসম সাহিত্য সভা