ধলগুৰিত পথ গতিৰোধক স্থাপনৰ দাবীত এঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী

পথত গতিৰোধক স্থাপনৰ দাবীত ধলগুৰিত আমছুৰ সহযোগত স্থানীয় ৰাইজে এঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে৷ 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দলগাওঁ-শিঙৰী- ঢেকীয়াজুলি সংযোগী অসম মালা পথত ট্ৰাকৰ দৌৰাত্ম্য ৷ প্ৰত্যেক দিনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ৷ এই পথত গতিৰোধক স্থাপনৰ দাবীত ধলগুৰিত আমছুৰ সহযোগত স্থানীয় ৰাইজে এঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ  কৰে ৷ 

52fe9fd9-f404-4197-a62c-ef9e23a744ab

উল্লেখ্য যে, ক্ষুব্ধ ৰাইজে দিনৰ ১০ বাজি ৩০ মিনিটৰ পৰা ধলগুৰিত এঘণ্টা সময় পথ অৱৰোধ কৰা পৰিলক্ষিত হয়৷ ইপিনে সোমবাৰে বিয়লি ধলগুৰিত তীব্ৰ বেগি ট্ৰাকৰ খুন্দাত একে পৰিয়ালৰ তিনিজন লোকৰ মৃত্যুৰ পাছতে প্ৰতিবাদমুখৰ হৈ পৰিছে স্থানীয় ৰাইজ।  

52fe9fd9-f404-4197-a62c-ef9e23a744ab

ঢেকীয়াজুলি