Advertisment

ধলাই আৰক্ষীৰ সফলতা : ৯ কোটিৰো অধিক টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ

৩৯ টা পেকেটত লুকুৱাই অনা টেবলেটখিনিৰ মূল্য প্ৰায় ৯ কোটি ৭৫ লাখ টকা হ’ব বুলি সদৰী কৰিছে আৰক্ষীয়ে। টেবলেট সৰবৰাহৰ অভিযোগত মেলাঘৰৰ ৰাকেশ মিঞা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
dholai police

dholai police

ডিজিটেল সংবাদ শিলচৰ : ১ কোটি, ২ কোটি নহয়; ৯ কোটিৰো অধিক টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে ধলাই আৰক্ষীয়ে। চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে আৰক্ষীয়ে।  

Advertisment

উল্লেখযোগ্য যে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ধলাই জিলাৰ আৰক্ষীয়ে গণ্ডাচৰাৰ উল্টচৰাৰ পৰা ৩ লাখ ৯০ হাজাৰ য়াবা টেবলেট জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এখন বাইকৰ পৰা জব্দ কৰা হয় টেবলেটখিনি।  

৩৯ টা পেকেটত লুকুৱাই অনা টেবলেটখিনিৰ মূল্য প্ৰায় ৯ কোটি ৭৫ লাখ টকা হ’ব বুলি সদৰী কৰিছে আৰক্ষীয়ে। টেবলেট সৰবৰাহৰ অভিযোগত মেলাঘৰৰ ৰাকেশ মিঞা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

police tripura