ধলাইত মাৰাথান নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন জয়ন্ত মল্লবৰুৱাৰ...

ধলাইত মাৰাথান নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন জয়ন্ত মল্লবৰুৱাৰ...

author-image
Asomiya Pratidin
New Update
ধলাইত মাৰাথান নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন জয়ন্ত মল্লবৰুৱাৰ...

ডিজিটেল সংবাদ,শিলচৰ: ধলাই সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। কাছাৰৰ অভিভাবক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে আদি কৰি বৰাকৰ দুয়োজন সাংসদ, আটাইকেইজন বিজেপি বিধায়ক আৰু নেতা কৰ্মীয়ে ধলাই সমষ্টিত প্ৰচাৰ অভিযান চলাই গৈছে।

Advertisment

উল্লেখযোগ্য যে, দলীয় প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ লগতে অমিয়া কান্তি দাস আৰু সাংসদ পৰিমল শুক্লবৈদ্যৰ মাজত অব্যাহত থকা সংঘাত দূৰ কৰা উদ্দেশ্যে ৫ নৱেম্বৰত ধলাইলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

লগতে ধলাই সমষ্টিৰ পানীভৰা আৰু পালংঘাটত দুখনকৈ নিৰ্বাচনী সভাত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে।‌ মুখ্যমন্ত্ৰীৰ দুয়োখন নিৰ্বাচনী সভাস্থলী আজি পৰিদৰ্শন কৰা উদ্দেশ্যে আজি ধলাইত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

বিধায়ক কৌশিক ৰায়, মিহিৰকান্তি চোম জিলা বিজেপিৰ সভাপতি সহ কেবাজনো দলীয় নেতা কৰ্মী আৰু আৰক্ষী অধীক্ষক নোমাল মাহাত্তাক লগত লৈ মন্ত্ৰী গৰাকীয়ে পানীভৰা আৰু পালংঘাট পৰিদৰ্শন কৰে।

ইয়াৰোপৰি মুখ্যমন্ত্ৰী অবতৰণ কৰিব লগা অস্থায়ী হেলিপেডস্থলীও পৰিদৰ্শন কৰে মন্ত্ৰী জয়ন্ত মল্লই। দুয়োটা স্থানত আয়োজিত দুখন দলীয় সভাত কাৰ্যকৰ্তা সকলৰ সৈতে আলোচনা কৰি মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা দুখন সফল কৰিবলৈ কাৰ্যকৰ্তা সকলক নিৰ্দেশ দিয়ে।

আজি পালংঘাট মণ্ডলৰ নিৰ্বাচনী কাৰ্যলয়ো মুকলি কৰে অভিভাৱক মন্ত্ৰী গৰাকীয়ে।ইফালে, ধলাইত কংগ্ৰেছৰ প্ৰভাব নাই বুলি দাবী কৰি ধলাইত বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস বিপুল ভোটত জয়ী হব বুলি উল্লেখ কৰে জয়ন্ত মল্লই।

আনহাতে, চামগুৰিত কংগ্ৰেছ আৰু ৰকিবুল হুছেইন হতাশাত ভুগি গুণ্ডা বাহিনী লগাই কাজিয়াৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই। চামগুৰি সহ ৫টা সমষ্টিতে বিজেপি জয়ী হব বুলিও দাবী কৰে মন্ত্ৰী গৰাকীয়ে।

Also Read: খৰাশিমলুত দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল দুই মহাৰথী...

dhalai himanta biswa Dhalai CM's programme