ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান বিভাগৰ দৰমহা বিতৰ্কৰ অৱসান...

চৰকাৰক উভতাই দিলে অতিৰিক্ত ৭৭ হাজাৰ টকা
Dhakuwakhana pwrd
Dhakuwakhana pwrd

ডিজিটেল সংবাদ ,ঢকুৱাখনাঃ ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান বিভাগৰ  সংমণ্ডল কাৰ্যালয়ৰ দুগৰাকী বিল এচিষ্টেণ্ট ক্ৰমে গৌতম সূত আৰু  পংকজ দত্তৰ অসাৱধানতা আৰু বেপৰোৱা ভূমিকাৰ বাবে সংমণ্ডলটোৰ এগৰাকী অৱসৰ গ্ৰহণ কৰা নিয়মীয়া মাষ্টাৰৰোল কৰ্মচাৰীলৈ অতিৰিক্ত ভাৱে দুমাহৰ মাহিলি বেতন প্ৰদান কৰা জটিল বিষয়টোৰ অৱশেষত স্থায়ী নিস্পতি ঘটিছে।

সংমণ্ডলটোৰ কাৰ্যবাহী অভিযন্তা কনক বড়োৰ কৰ্ম ব্যস্ততাৰ সুৰুঙাৰে অজ্ঞাতে অন্যান্য বিষয়া কৰ্মচাৰীৰ মাহিলি বেতনৰ সৈতে স্বাক্ষৰিত হৈছিল অৱসৰ প্ৰাপ্ত কৰ্মচাৰী লীলাম্বৰ চাউতাল নামৰ কৰ্মচাৰী গৰাকীৰ  বিপৰীতে যোৱা জুন আৰু জুলাই মাহৰ মাহিলি বেতন বিল । পৰৱৰ্তী সময়ত এই দুমাহৰ দৰমহা পুঁজি অৱসৰী কৰ্মচাৰী চাউতালৰ একাউণ্টত জমা হৈছিল ।

সচেতন সমাজক সচকিত কৰা এই দুষ্কাৰ্যৰ সতে প্ৰত্যক্ষ ভাৱে জড়িত বেতন বিল প্ৰস্তুত কৰা দুগৰাকী বিল এচিষ্টেণ্ট ক্ৰমে গৌতম সূত আৰু পংকজ দত্তক ইতিপূৰ্বে সংমণ্ডলটোৰ কাৰ্যবাহী অভিযন্তা বড়োৱে কৈফিয়ৎ তলব কৰিছিল । সংমণ্ডলৰ কাৰ্যালয়টোৰ লগতে সমগ্ৰ  ঘিলামৰাত চৰ্চা লাভ কৰা এই ভয়ংকৰ বিত্তীয় অনিয়ম সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত বাতৰি প্ৰকাশ হোৱাত থৰকাচুটি হেৰাই বিভাগৰ ।

বাতৰি প্ৰকাশৰ পাছতে সংশ্লিষ্ট কৰ্মচাৰী দুগৰাকীয়ে তৎপৰতা প্রদর্শন কৰি কাৰ্যবাহী অভিযন্তা বড়োৰ নিৰ্দেশত  অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চাউতালৰ একাউন্টত সোমোৱা  জুন মাহৰ  বিল/২০২২২৩/এল কে এম পি ডব্লিউ আৰ০০২/০০০৭৮ নম্বৰৰ বিপৰীতে ওলাই যোৱা মুঠ ৩৮ হাজাৰ ২৯০ টকা আৰু  জুলাই মাহৰ বিল /২০২২২৩/এল কে এম পি ডব্লিউ আৰ ০০২/০০১০১ নম্বৰ বিলৰ যোগে চাউতালৰ একাউন্টত সোমোৱা মুঠ ৩৯ হাজাৰ ৪১৮ টকা সহ সর্বমুঠ ৭৭ হাজাৰ ৭০৮ টকা ৰাজ্য চৰকাৰৰ ৩০৫৪-০১-৯১১-০০-০০" নম্বৰৰ "হেড অব একাউন্ট"ত বিধিগত ভাৱে জমা দিয়ে।

লোকনিৰ্মান বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চাউতালৰ অজ্ঞাতে বিভাগৰ পৰা সোমোৱা উক্ত ধনৰাশি তেওঁৰ চেকৰ জৰিয়তে উলিয়াই আনি বিভাগৰ একাউন্টত জমা দিয়া বুলি জানিব পৰা গৈছে । সংমণ্ডলটোৰ দুগৰাকী দায়িত্বশীল কৰ্মচাৰীৰ অসাৱধানতাৰ বাবেই সৃষ্টি হোৱা এনে অনাহুত জটিল পৰিস্থিতি অৱশেষত চৰকাৰৰ পুঁজি চৰকাৰৰ ঘৰলৈ উভতাই  দিয়াৰ পাছত স্থায়ী নিস্পতি ঘটিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in