/asomiyapratidin/media/media_files/2025/01/04/zh67vLJnlq3sYMtL7Ohz.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা সমিতিৰ সাংগঠনিক পুনৰ গঠন প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে । ঢকুৱাখনা জিলা সমিতিৰ অন্তৰ্গত মুঠ ৩খন মণ্ডলৰ সাংগঠনিক নবীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ সমান্তৰালভাবে জিলা সমিতিখনো পুনৰ গঠন কৰা হয় ।
সেই অনুক্ৰমে স্বৰূপ কোঁৱৰক সভাপতি হিচাপে লৈ গঠিত নতুন জিলা সমিতিখনে শনিবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে । এই সন্দৰ্ভত জিলা বিজেপিৰ কাৰ্যালয় প্ৰাঙ্গনত বিদায়ী সভাপতি প্ৰদীপ চমুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয় কাৰ্যভাৰ গ্ৰহণ সভা ।
সাংগঠনিক নিৰ্বাচনৰ জিলা নিৰ্বাচনী বিষয়া সিদ্ধাঙ্কু অংকুৰ বৰুৱা, জিলা বিজেপিৰ সদ্যবিদায়ী সভাপতি তথা ৰাজ্যিক পৰিষদৰ সদস্য মনোনীত প্ৰদীপ চমুৱা, দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বসন্ত শইকীয়া, যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ নেতা বিশ্বজিৎ খাউণ্ডকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক বিষয়ববীয়াৰ লগতে নবগঠিত জিলা সমিতিৰ সকলো বিষয়ববীয়া আৰু বিধায়ক নৱ কুমাৰ দলে এই সভাত উপস্থিত থাকে।
ভাৰতীয় জনতা পাৰ্টিৰ ভেঁটি অধিক সুদৃঢ় আৰু দলটোক জনমুখী কৰাৰ আহ্বানেৰে বিধায়ক নৱ কুমাৰ দলে আৰু জিলা সাংগঠনিক নিৰ্বাচনৰ নিৰ্বাচনী বিষয়া সিদ্ধাঙ্কু অংকুৰ বৰুৱাই সভাত পৰামৰ্শমূলক বক্তব্য আগবঢ়াই । সভাতেই ঘিলামৰা মণ্ডলৰ নেত্ৰী কল্পনা দেৱী আৰু ঢকুৱাখনা এছ টি মৰ্চাৰ নেতা হেমেশ্বৰ পেগুক "ষ্টেট কাউন্সিলাৰ" হিচাপে মনোনীত কৰা হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us