ভোটাৰৰ ক্ষোভঃ শাসক দলে পৰিকল্পিত চক্ৰান্তৰে পুনৰ ভোট গ্ৰহণৰ অভিযোগ...

সদ্য সমাপ্তি ঘটা পঞ্চায়ত নিৰ্বাচনৰ সময়ত  নিৰ্বাচনী আইন উলংঘা কৰাৰ অভিযোগত ঢকুৱাখনা সমজিলাৰ দুটা ভোট কেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ নিৰ্বাচনী আয়ুক্তই । নিৰ্বাচনী আয়োগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া সোচ্চাৰ হৈ উঠিছে এটা ৱাৰ্ডৰ ভোটাৰ।

author-image
Asomiya Pratidin
New Update
uyusffff

ডিজিটেল সংবাদ:ঢকুৱাখনা: সদ্য সমাপ্তি ঘটা পঞ্চায়ত নিৰ্বাচনৰ সময়ত  নিৰ্বাচনী আইন উলংঘা কৰাৰ অভিযোগত ঢকুৱাখনা সমজিলাৰ দুটা ভোট কেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ নিৰ্বাচনী আয়ুক্তই । নিৰ্বাচনী আয়োগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া সোচ্চাৰ হৈ উঠিছে এটা ৱাৰ্ডৰ ভোটাৰ।

Advertisment

ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত  ডাংধৰা-পশ্চিম ঢকুৱাখনা জিলা পৰিষদৰ খজুৱা ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৮ নং ৱাৰ্ডৰ ভোট কেন্দ্ৰৰ ভোটাৰ ৰাইজ একত্ৰিত হৈ আয়োগৰ এই সিদ্ধান্তৰ ঐক্যবদ্ধ বিৰোধিতা কৰিছে ।

শনিবাৰে এই ভোট কেন্দ্ৰ প্ৰাঙ্গনত সমবেত হৈ এখন সভা অনুষ্ঠিত কৰে ৱাৰ্ডটোৰ ভোটাৰ ৰাইজে। সম্পূৰ্ণ শান্তিপূৰ্ণ, স্বচ্ছ আৰু প্ৰভাৱমুক্ত অৱস্থাত ভোটাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ পাছতো কি যুক্তিত কেন্দ্ৰটোত পুনৰ ভোট গ্ৰহণ কৰিব লগীয়া হল তাৰ পতিয়নযোগ্য উত্তৰ বিচাৰে ৰাইজে ।

মুঠ ভোট ৭৭৭ গৰাকী ভোটাৰ বিশিষ্ট ভোট কেন্দ্ৰটোত বিধিগত প্ৰক্ৰিয়াৰে ভোটদান কৰিছিল ৬৫৯ গৰাকী ভোটাৰে। সকলো ৰাজনৈতিক দলৰ এজেণ্টৰ উপস্থিতিত সম্পন্ন হোৱা ভোট গ্ৰহণ সম্পন্ন হোৱাৰ পাছতো পুনৰ ভোটগ্ৰহনৰ বাবে প্ৰশাসন সস্তম হোৱাকলৈ ভোটাৰ ক্ষুব্ধ হৈ উঠিছে।

বিজেপি দলৰ সমৰ্থিত ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী জ্যোৎস্না দলে পাতিৰৰ চক্ৰান্ত আৰু ষড়যন্ত্ৰৰ বাবেই এই কাৰ্য হোৱাৰ অভিযোগ উত্থাপন কৰে ভোটাৰ ৰাইজে । ৰাইজে জনোৱা মতে  প্ৰাৰ্থী জ্যোৎস্না দলে পাতিৰে ৩ মান বজাত দুবাৰ ভোট দিয়াৰ ভুৱা অভিযোগ উত্থাপন কৰি অযথা বিতৰ্কৰ সূত্ৰপাত ঘটাই ।

শুক্ৰবাৰে বিয়লি ৪ বজাত ১৪০ টা কুপন বিতৰণ কৰে নিৰ্বাচনী বিষয়াই । সেই অনুসৰি ৪৫ টা ভোট দিয়াৰ সময়লৈকে প্ৰাৰ্থী গৰাকীৰ এজেন্ট বিশ্বজিৎ পাতিৰ ভিতৰত থাকি  নিশা পৰ্যন্ত ভোটদান সম্পন্ন হয় । কিন্তু ইয়াৰ পাছতে এক চক্ৰান্ত ৰচনা কৰি বিধায়ক নব দলেৰ ঘনিষ্ঠ প্ৰাৰ্থী গৰাকীযে শাসক দলৰ ৰাজনৈতিক শক্তি প্ৰয়োগ কৰি কেন্দ্ৰটোত পুনৰ ভোট গ্ৰহণ কৰাৰ ব্যৱস্থা কৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে।


ৰাজহুৱা সভাৰ সমূহীয়া সিদ্ধান্ত অনুসৰি ৱাৰ্ডটোৰ ভোটাৰ ৰাইজে দেওবাৰে অনুষ্ঠিত কৰা পুনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত জড়িত নহয় আৰু ৰাইজে পুনৰ ভোট দান নকৰে । কোনো ভোটাৰ কেন্দ্ৰটোলৈ নাহে আৰু এনে ৰাজনৈতিক ইচ্ছাকৃত ষড়যন্ত্ৰক একেমুখে গৰিহনা দি ভোট বৰ্জন কৰিব বুলি সমূহীয়া সিদ্ধান্ত ব্যক্ত কৰে ।

ইপিনে ঢকুৱাখনা সমজিলা প্ৰশাসনে কেন্দ্ৰটোত পুনৰ ভোট গ্ৰহণৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে । ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত কেন্দ্ৰতোৰ আন্তঃগাঁঠনি সুদৃঢ় ভাবে নিৰ্মাণ কৰি তুলিছে । 

ঢকুৱাখনা