সন্তান তুলি লৈ বিপদ চপালে গুৱাহাটীৰ দম্পত্তিয়ে....

স্বামীৰ অজ্ঞাতে, সন্মতি নোলোৱাকৈ সংগোপনে লখিমপুৰৰ হাস্পতালত পম্পী দত্তই প্ৰসৱ কৰা কন্যা সন্তানক বিক্ৰী কৰি গতাই দিছিল গুৱাহাটীৰ প্ৰৱাল দাসক। পৰৱৰ্ত্তী সময়ত নিৰ্দয় পম্পি মাতৃ ঘৰলৈ আহে চিকিৎসালয়ৰ পৰা। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনা: সন্তান তুলি লৈ বিপদত পৰিছে গুৱাহাটীৰ ফটাশিল আমবাৰীৰ প্ৰবাল দাস আৰু মৌচুমী দাস নামৰ এক দুৰ্ভগীয়া দম্পত্তি। অভিভাৱকত্বৰ স্পৃহা পূৰণৰ বাবে এই দম্পত্তিয়ে তুলি লোৱা এটা নবজাতকৰ বাবেই এতিয়া ৰঙা ঘৰৰ আলহী হব লগা হৈছে দুৰ্ভগীয়া দম্পত্তি।

Advertisment

ঘটনাৰ বিৱৰণী মতে, ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত জিয়ামৰীয়া গাঁৱৰ মিন্টু কোচৰ পত্নী পম্পি কোচে নিৰ্দয় ভাবে নিজৰেই গৰ্ভস্থ সন্তান জন্ম হোৱাৰ এদিন পাছতে গতাই দিছিল উক্ত হতভাগা দম্পত্তিক। নিজ কন্যাৰ এই নিষ্ঠুৰ কাণ্ডজ্ঞানহীন কাৰ্য্যত সহযোগিতা কৰিছিল পম্পিৰ মাতৃ পূণ্য দত্তই।

পাষাণ হৃদয়ৰ মাতৃ পম্পিয়ে সংঘটিত কৰা এই নিষ্ঠুৰ অমানৱীয় কাণ্ডৰ মূল কাৰণ আছিল সামাজিক ভাৱে নিষ্কলুষ হৈ জীৱন জীয়াই থকাৰ কুঅভিপ্ৰায়। কাৰণ ঢকুৱাখনাৰ জিয়ামৰীয়া গাঁও নিবাসী মিন্টু কোচৰ সতে বিবাহ পাশত আবদ্ধ হোৱা মকৰাচুক গাঁওৰ পম্পি দত্তই স্বামীৰে হোৱা মনোমালিন্যৰ বাবে গৰ্ভৱতী অৱস্থাতে মাতৃ গৃহলৈ উভতি  গৈছিল।

গৰ্ভৱতী পত্নী পম্পী দত্তই নিজ পিতৃগৃহ মকৰাচুক গাঁওত থকা অৱস্থাতে মাতৃৰ সৈতে লখিমপুৰলৈ গৈ কিছুদিন পূৰ্বে এটি সুস্থ সন্তান প্ৰসৱ কৰে। পৰৱৰ্তী সময়ত পম্পী দত্ত আৰু মাতৃয়ে মিলি কোনো মধ্যভোগীৰ জৰিয়তে নবজাতক সন্তানক বিক্ৰী কৰিবলৈ চুক্তি কৰিছিল গুৱাহাটীৰ ফটাশিল আমবাৰীৰ প্ৰবাল দাসৰ  সৈতে।

স্বামীৰ অজ্ঞাতে, সন্মতি নোলোৱাকৈ সংগোপনে লখিমপুৰৰ হাস্পতালত পম্পী দত্তই প্ৰসৱ কৰা কন্যা সন্তানক বিক্ৰী কৰি গতাই দিছিল গুৱাহাটীৰ প্ৰৱাল দাসক। পৰৱৰ্ত্তী সময়ত নিৰ্দয় পম্পি মাতৃ ঘৰলৈ আহে চিকিৎসালয়ৰ পৰা। 

স্বামী মিন্টু কোচে জনোৱা মতে তেওঁক পত্নী পম্পি আৰু মাতৃয়ে গৰ্ভস্থ সন্তানৰ সন্দৰ্ভত প্ৰশ্ন কৰাত গৰ্ভপাত কৰা বুলি আভুৱা ভাৰিছিল।বিষয়টোক লৈ সন্দেহ জন্মাত স্বামী মিন্টু কোচে ঢকুৱাখনা সদৰ থানাত অভিযোগ দাখিলৰ পাছতেই আৰক্ষীৰ তদন্তত পোহৰলৈ আহে ভয়ানক ঘটনা। 

পম্পী দত্ত আৰু মাতৃয়ে আৰক্ষীক এই অভিযোগৰ অস্বীকাৰ কৰিছিল। কিন্তু ঢকুৱাখনা আৰক্ষীৰ তদন্ত কালত গুৱাহাটীৰ ফটাশিল আমবাৰীৰ প্ৰবাল দাসৰ জিম্মাৰ পৰা প্ৰায় ৭ দিনীয়া নবজাতক কন্যা সন্তানটি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই অমানৱীয় ঘটনাৰ সন্দৰ্ভত পঞ্জীভূত গোচৰৰ ভিত্তিত অভিযুক্ত মাতৃ পূণ্য দত্ত আৰু কন্যা পম্পি দত্ত দুয়োকে ঢকুৱাখনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সোধা পোচাৰ বাবে আটক কৰিছে গুৱাহাটীৰ প্ৰবাল দাস দম্পত্তিকো। 

ইপিনে প্ৰবাল দাস দম্পত্তিয়ে জনোৱা মতে ষ্টাম্প পেপাৰত পম্পি দত্তই স্বামীহীন অৱস্থাৰ পৰিপ্ৰেক্ষিতত প্ৰতিপালন কৰিব নোৱাৰাৰ বাবে দাস দম্পত্তিক নবজাতকক গতাই দিয়া বুলি চুক্তি পত্ৰ কৰি দিছে। উত্তৰ ঢকুৱাখনাৰ এই নিষ্ঠুৰ আৰু অবিবেচকী ঘটনাই লজ্জানত কৰিছে সমগ্র অঞ্চলবাসীক ।

ঢকুৱাখনা নৱজাতক