/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c6c60f53-985c-43b7-854d-0a73fb1f9b9c/9.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ঢকুৱাখনা আঞ্চলিক সমিতিৰ উদ্যোগত সোমবাৰে কৃতীমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ঢকুৱাখনা টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ প্ৰাঙ্গনত সদ্য উত্তীৰ্ণ শিক্ষাৰ্থী সকলক শৈক্ষিক উত্তৰণমুখী যাত্ৰাত উদগণি যোগাবলৈ আজি দুপৰীয়া অনুষ্ঠিত সভাত আঞ্চলিক সমিতিৰ অন্তৰ্গত মুঠ ৪৮ গৰাকী ৭৫ শতাংশ উৰ্ধৰ নম্বৰ প্ৰাপকক মানপত্ৰ আৰু গ্ৰন্থ সম্ভাৰেৰে সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/70fbb9a7-e18f-4bbe-a5f0-68a397622d43/f420a374-7113-42c7-be77-10f6a59dc72e.jpg)
টাই বিকাশ কেন্দ্ৰৰ সভাপতি জিতেন গগৈৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাৰ আঁত ধৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ৰঞ্জন সন্দিকৈ আৰু বিকাশ কেন্দ্ৰৰ সম্পাদক অৰুণ চমুৱাই।
বিকাশ কেন্দ্ৰৰ সকলো বিষয়ববীয়াৰ লগতে টাই উন্নয়ন পৰিষদৰ সদস্য অৰুপ কুমাৰ গগৈ,বিশিষ্ট নাগৰিক পূৰ্ণানন্দ গগৈ, লক্ষী কোঁৱৰ, দেবেন গগৈ,প্ৰণৱ বৰপাত্ৰ ,প্ৰদীপ চমুৱা,হেমন্ত গগৈ, ৰাজীৱ দাস, মঞ্জু গগৈ,সমুজ্জল চেতিয়া,দেৱজিৎ ফুকন জীৱন চমুৱাকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক ৰাইজ উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/6f0b91ac-4c2a-4f15-ba5a-9a2907fc9264/8b334127-6e10-4620-8259-cc8831b4b942.jpg)
জনাকীৰ্ণ সভাত মুখ্য অতিথি হিচাবে বিধায়ক নৱ দলে,বিশিষ্ট অতিথি হিচাবে টাই উন্নয়ন পৰিষদৰ সদস্য অচ্যুত বুঢ়াগোঁহাই, ডঃ গিৰিন গগৈ আদিয়ে মননশীল বক্তব্য আগবঢ়ায়। তাই আহোম ছাত্ৰ সন্থাৰ ঢকুৱাখনা আঞ্চলিক সমিতিৰ সভাপতি ডেভিড চাংমাই ,ঘিলামৰা আঞ্চলিক সমিতিৰ সম্পাদক ভবেশ বৰুৱাকে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়াই অংশগ্ৰহণ কৰা সভাৰ পূৰ্বে শ্ৰুতিমধুৰ লোক সংগীতেৰে সভা উদ্বোধন কৰা হয়।
সভাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ মুঠ ১৬ গৰাকী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মুঠ ৩২গৰাকী মেধাবী শিক্ষাৰ্থীক ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা সম্বৰ্ধনা জনাই উজ্জ্বল শৈক্ষিক ভৱিষ্যতৰ কামনা কৰে।
Also Read: বঙাইগাঁও শোধনাগাৰ উপনগৰীত একে নিশাই ১৫ টা আৱাসত চুৰিঃ এতিয়াও চোৰৰ সম্ভেদ পোৱা নাই আৰক্ষীয়ে...