সুনীল গগৈ কাণ্ডঃ পত্নী-পুত্ৰৰ স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যোৱাৰ নিৰ্দেশ আৰক্ষীৰ...

সুনীল গগৈ কাণ্ডঃ পত্নী-পুত্ৰৰ স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যোৱাৰ নিৰ্দেশ আৰক্ষীৰ...

author-image
Asomiya Pratidin
New Update
সুনীল গগৈ কাণ্ডঃ পত্নী-পুত্ৰৰ স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যোৱাৰ নিৰ্দেশ আৰক্ষীৰ...

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ বৃহস্পতিবাৰে সুনীল গগৈৰ পত্নী পুষ্পা গগৈ আৰু পুত্ৰ সৌৰভ গগৈৰ স্বাস্থ্য পৰীক্ষা বাবে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত লৈ যায় আৰক্ষীয়ে।

Advertisment

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পৰা ঢকুৱাখনা সদৰ থানাত ৰাখি নিশা ৯-২০ বজাত স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যায়। ইফালে দিনটো তেওঁলোকক সোধ-পোছ কৰা নাই বুলি সুনীলৰ পুত্ৰই জনায়। বিয়লি আৰক্ষীয়ে মাতৃ-পুত্ৰক পৰঠা খাবলৈ দিয়ে।

উল্লেখ্য যে, সুনীলৰ পত্নী পুষ্পা গগৈ মূৰ বিষত আক্ৰান্ত হোৱাত চিকিৎসক ডাঃ দুষ্মন্ত কুম্বাংযে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰে। স্বাস্থ্য পৰীক্ষাৰ পাছত দুয়োকে ঘৰলৈ যাবলৈ দিয়ে।শুকুৰবাৰে পুনৰ আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

dhakuakhana bihu sunil gogoi case