শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয় ঢকুৱাখনাৰ কৃতী শিক্ষার্থীলৈ "ৰাম নাথ সন্দিকৈ স্মাৰক বঁটা"...

জনাকীৰ্ণ সম্বৰ্ধনা সভাখন উদ্বোধন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড৹ গিৰিণ গগৈয়ে। সভাত "ৰামনাথ সন্দিকৈ স্মাৰক" বক্তৃতা প্ৰদান কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ একান্ত সংগী, কৃতী শিক্ষক নৰ ফুকনে । 

author-image
Asomiya Pratidin
New Update
dkytttttt

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনাৰ শৈক্ষিক জগতৰ এখন নামজ্বলা ব্যক্তিগত খণ্ডৰ বিদ্যালয় শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয় । উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিত অতুল্য অৱদান আগবঢ়াই অহা এইখন বিদ্যালয়ৰ পৰা ২০২৫ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন নম্বৰ সহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৩ গৰাকী ছাত্ৰী ক্ৰমে তনুশ্ৰী গগৈ, পঞ্চমী দেৱনাথ আৰু  তিতিক্ষা দাসক বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক শিক্ষাগুৰু "ৰামনাথ সন্দিকৈ স্মাৰক বঁটা"২০২৫ শনিবাৰে প্ৰদান কৰা হয়। 
    
বিদ্যালয় প্ৰাঙ্গনত  তৃতীয় বর্ষৰ বাবে  অনুষ্ঠিত হোৱা বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক শিক্ষাগুৰু প্ৰয়াত ৰামনাথ সন্দিকৈ স্মাৰক বক্তৃতানুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠানতে অন্যান্য সাতজন কৃতিমান  শিক্ষাৰ্থীকো বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

Advertisment

বিদ্যালয় পৰিয়ালৰ লগতে শিক্ষাসদী ৰাইজ উপস্থিত থকা মনোজ্ঞ অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয়ৰ অধ্যক্ষ দেৱ কুমাৰ গগৈয়ে। জনাকীৰ্ণ সম্বৰ্ধনা সভাখন উদ্বোধন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড৹ গিৰিণ গগৈয়ে। সভাত "ৰামনাথ সন্দিকৈ স্মাৰক" বক্তৃতা প্ৰদান কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ একান্ত সংগী, কৃতী শিক্ষক নৰ ফুকনে । 

উক্ত অনুষ্ঠানতে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ ঢকুৱাখনা জিলা শাখাৰ সম্পাদক  হেমন্ত ভৰালী, আঞ্চলিক শাখাৰ সভাপতি বলিন কুমাৰ গগৈ, আঞ্চলিক শাখাৰ সম্পাদক প্ৰদীপ গগৈ, বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক অৰুণ চমুৱা আৰু প্ৰয়াত ৰামনাথ সন্দিকৈৰ পৰিয়ালৰ হৈ জ্যেষ্ঠ পুত্ৰ উত্তম কুমাৰ সন্দিকৈ আদি উপস্থিত থাকে ।

উপৰোক্ত বিশিষ্ট ব্যক্তি সকলে সভাত কৃতীমান শিক্ষাৰ্থী সকলৰ লগতে অনুজ বিদ্যাৰ্থী সকলক বিদ্যায়তনিক ক্ষেত্ৰত সফলতাৰে আগুৱাই যোৱাৰ বাবে একাগ্ৰতা আৰু প্ৰচুৰ অধ্যয়নশীল হোৱাৰ পৰামৰ্শ প্ৰদান কৰি বঁটা প্ৰাপক সকলৰ লগতে অন্যান্য কৃতি  শিক্ষাৰ্থী সকলক অভিনন্দন জনাই  সমুজ্জল ভৱিষ্যত কামনা কৰে।

ঢকুৱাখনা