ঢকুৱাখনা জাহাঙ্গীৰ হত্যাকাণ্ডৰ তদন্তৰ মাজতে আৰক্ষী অধীক্ষকক বদলি

সুনীলৰ ঘৰত চি আই ডিৰ দল

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা জাহাঙ্গীৰ হত্যাকাণ্ডৰ তদন্তৰ মাজতে আৰক্ষী অধীক্ষকক বদলি

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনাৰ জাহাঙ্গীৰ হুছেইন হত্যাকাণ্ডৰ চি আই ডি তদন্ত চলি থকাৰ সময়তে ১ জুনৰ ৰাতি নৃশংসতাৰ পুনৰাবৃত্তি ঘটিল। মাতমৰা মথাউৰীৰ জিৰ পইণ্টত মাজ নিশা আততায়ীয়ে ৯ জাই গুলী বৰ্ষণ কৰে। কোনে,কিয়, কাক উদ্দেশ্যি এই গুলীবর্ষণ কৰে তাৰ তথ্য নাই ঢকুৱাখনা আৰক্ষীৰ হাতত।

Advertisment

ঘটনাস্থলীত ৩ ৰাউণ্ড গুলীৰ খালি কার্টুজ উদ্ধাৰ হয়। আশংকা কৰা হৈছে মাজ নিশা ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁতত অজ্ঞাত লোকক গুলীবিদ্ধ কৰি হত্যা কৰি উটুৱাই দিয়া হৈছে। অথচ নাকত তেল দি শুই আছে ঢকুৱাখনা আৰক্ষী। এনে দোদুল্যমান অৱস্থাৰ মাজতে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজনক বদলি কৰা হৈছে।

আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়লৈ নটৰাজনক বিশেষ বিষয়া হিচাবে বদলি কৰি লখিমপুৰ জিলাত ৰিপুঞ্জয় কাকতিক নিযুক্তি দিয়া হৈছে।এনে এক সময়ত বুধবাৰে হত্যাকাণ্ডৰ তদন্তৰ বাবে চি আই ডিৰ এটা দল সুনীলৰ ঘৰত উপস্থিত হয়। ৮ জনীয়া তদন্তকাৰী দলটোৱে হত্যাকাণ্ড সংঘটিত হোৱা স্থানৰ লগতে পলাতক সুনীলৰ পত্নী আৰু পৰিয়ালবৰ্গৰ সাক্ষ্য গ্ৰহণ কৰে।

বিগত তিনি দিনে ঢকুৱাখনাত বাহৰ পাতি সমগ্ৰ নথিপত্ৰ আৰু প্ৰামানিক তথ্য সংগ্ৰহ আৰু পৰীক্ষণ কৰি দলটোৱে বুধবাৰে সুনীলৰ ঘৰ আৰু ঘটনাস্থলী পৰিদৰ্শন কৰে। এই সন্দৰ্ভত সুনীলৰ পত্নীয়ে সংবাদ মাধ্যমক কয় যে, ঘটনাৰ প্ৰথম অৱস্থাৰ পৰা শেষলৈ সকলো ঘটনাক্ৰম সুধিছিল বিষয়াই। অসম আৰক্ষীলৈ আশা কৰি একো সুদত্তৰ লাভ নকৰা পুষ্পা গগৈয়ে চি আই ডিৰ তদন্তই সঠিক সুদত্তৰ দিব বুলি আশা ব্যক্ত কৰে।

Also Read: নৰ্থ ইষ্ট স্পটৰ্ছ মিটত সোণৰ পদক অৰ্জনেৰে উজলিল ঢকুৱাখনাৰ সমীক্ষা...

dhakuakhana sp