/asomiyapratidin/media/media_files/2024/11/21/cUsnw0e6VdBBhFdopndJ.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনাত চৰকাৰী শিক্ষাখণ্ডৰ নির্লজ আৰু উলংগ স্বৰূপ উন্মোচিত হৈছে । চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থা উজ্জীৱিতকৰণৰ দম্ভালি মৰা শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফোঁপোলা স্বৰূপ উন্মোচিত কৰি দিছে ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত কেঁকুৰী উচ্চ মাধ্যমিক বিদ্যালয়খনে। চৰকাৰী শিক্ষা খণ্ডক সাৰ্বজনীন কৰাৰ ডাংকোব মৰা শিক্ষা বিভাগৰ চূড়ান্ত কাণ্ডজ্ঞানহীন ভূমিকাৰ বাবেই শ শ শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰাচন্ন হৈ পৰিছে। এচাম অদক্ষ মন্ত্ৰী, বিধায়ক, প্ৰশাসনিক আমোলা, শিক্ষা বিষয়াৰ দায়িত্বহীনতাৰ কুফল ভোগী শিক্ষাৰ্থী সকলে হাঁহাকাৰ কৰা বিদ্যালয়খন হৈছে কেঁকুৰী উচ্চ মাধ্যমিক বিদ্যালয়।
১৯৮৯ চনতে বৃহত্তৰ কেঁকুৰী অঞ্চলত জ্ঞানৰ আলোক বিলাবলৈ প্ৰতিষ্ঠা কৰা হৈছিল এইখন বিদ্যালয়। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ মুঠ ১০টা শ্ৰেণী বিশিষ্ট এইখন চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ১৩৩গৰাকী শিক্ষাৰ্থীৰ ভৱিষ্যতকলৈ ভয়ংকৰ হেতালি খেলিছে চৰকাৰী আমোলা বিষয়াই। পৰ্যাপ্ত আন্তঃগাঁঠনি আৰু শিক্ষাৰ্থী বিশিষ্ট বিদ্যালয়খনৰ প্ৰধান সমস্যা হিচাবে ধৰা দিছে শিক্ষক কৰ্মচাৰীৰ অভাৱ। বিদ্যালয়খনত মাত্ৰ ৭গৰাকী শিক্ষকক ১০টা শ্ৰেণীৰ বাবে নিযুক্তি দিয়া হৈছে। যাৰ পৰিণতিত একে সময়তে ৭টা শ্ৰেণীত ৭গৰাকী শিক্ষক পাঠদানৰ বাবে প্ৰৱেশ কৰাৰ পাছত ৩টা শ্ৰেণীৰ শিক্ষাৰ্থী সকল পাঠ গ্ৰহণ নকৰাকৈ বহি থাকিব লাগে।
এনেদৰে প্ৰতিটো শ্ৰেণীৰ শিক্ষাৰ্থী সকল নিয়মীয়া শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে বছৰ বছৰ ধৰি। কেৱল সেয়াই নহয়। বিদ্যালয়খনৰ মুখ্য সহায়ক পদৰ ব্যক্তি ৰাম ভদ্ৰ চুতীয়াই অৱসৰ গ্ৰহণ কৰাৰ পাছৰে পৰা শিক্ষা বিভাগে অদ্যপি নিযুক্তি দিয়া নাই কোনো কৰ্মচাৰীক। ফলত বিদ্যালয়ৰ আভ্যন্তৰীণ কাম কাজ সুস্থ পৰিচালনাত বিগত এবছৰ ধৰি সীমাহীন প্ৰতিবন্ধকতাই দেখা দি আহিছে । সমান্তৰাল ভাৱে চকীদাৰৰ এটা পদো খালি হৈ আছে সুদীৰ্ঘ দিন ধৰি । অন্যহাতে পৰ্যাপ্ত শিক্ষকৰ অভাৱত শিক্ষাৰ্থী সকল গুণগত শিক্ষা লাভৰ পৰা বঞ্চিত নকৰাৰ স্বাৰ্থত ৭গৰাকী শিক্ষকে প্ৰতিদিনে ৮তাকৈ শ্ৰেণীত পাঠদান কৰিব লগীয়া কষ্টকৰ আৰু অত্যাধিক মানসিক বোজা বহনকাৰী পৰিস্থিতিৰ সন্মুখীন হব লগা হৈ আহিছে।
বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি নৱজ্যোতি শইকীয়াই জনোৱা মতে শিক্ষাগুৰু সকলৰ এনে নিৰন্তৰ শ্ৰম প্ৰত্যক্ষ কৰি পৰিচালনা সমিতিয়ে প্ৰধান শিক্ষক আৰু অভিভাৱক সকলৰ সৈতে আলোচনা কৰি ৪গৰাকী অবৈতনিক শিক্ষকক পাঠদানত বৰ্তি কৰাই আহিছে। বিদ্যালয়খনৰ অৱসৰী শিক্ষাগুৰু চন্দ্ৰধৰ চুতীয়া,প্ৰাক্তন ছাত্ৰ গৌৰাংগ চুতীয়া , মাধৱ খনিকৰ আৰু কংকণা চুতীয়াই বিনা বেতনে নিয়মীয়াভাবে শিক্ষা দান কৰি আহিছে। এইসকল স্বেচ্ছাসেৱী অবৈতনিক শিক্ষকৰ নিঃস্বাৰ্থ সেৱাৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ শিক্ষাৰ্থী সকলক আনুষ্ঠানিক শিক্ষাৰে সুশিক্ষিত কৰাত মনোনিবেশ কৰিব লগা হৈছে বিদ্যালয় কৰ্তৃপক্ষই ।
তাৎপৰ্যপূৰ্ণ বিষয় হ'ল বিদ্যালয়খনত উদ্ভৱ হোৱা পৰ্যাপ্ত শিক্ষকবিহীন দুৰৱস্থা দূৰীকৰণৰ বাবে বাৰম্বাৰ বিদ্যালয় কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিয়ে শিক্ষা মন্ত্ৰী ৰণোজ পেগু,বিধায়ক নৱ দলে, সমজিলা আয়ুক্ত, লখিমপুৰ জিলা আয়ুক্ত, লখিমপুৰ শিক্ষা চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক, লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আদি সকলোকে স্মাৰক পত্ৰ প্ৰদানেৰে জটিল বিষয়টো অৱগত কৰি আহিছে।
শেহতীয়া ভাবে নৱনিযুক্ত জিলা আয়ুক্ত লাচিত দাসকো এইসন্দৰ্ভত অভিযোগ পত্ৰ প্ৰদান কৰি আহিল। পিছে এনেবোৰ মন্ত্ৰী,বিধায়ক ,আমোলা, বিষয়াৰ মৰ টোপনি নাভাগিল।এনেবোৰ দায়িত্বশীল ব্যক্তিয়ে দায়িত্বহীন ভূমিকাৰে ৰং চাই অহাৰ বাবেই বিদ্যালয়খনে হাঁহাকাৰ কৰিব লগা হৈছে । শিক্ষাৰ্থী সকল বঞ্চিত হৈছে অধিকাৰ লাভৰ পৰা । স্মৰ্তব্য যে, এনেবোৰ অন্ধমুনি ৰূপী অকমন্য ৰাজনীতিক , শীর্ষ প্ৰশাসনিক আমোলা, শিক্ষা বিষয়াৰ কৃপাদৃষ্টি লভি বিদ্যালয়খনৰ সমীপৰে বহু কেইখন শিক্ষানুষ্ঠানত অতিৰিক্ত পৰিমাণৰ শিক্ষকে নূন্যতম কামৰ বোজা বহন নকৰাকৈ বেতন ভোগ কৰি আহিছে ।
এই সন্দৰ্ভত জিলা আয়ুক্ত গৰাকীক লিখিত পত্ৰ প্ৰদান কৰি অহাৰ পাছত আশ্বাস দিছিল আয়ুক্ত গৰাকীয়ে। কিন্তু শীর্ষ আমোলা গৰাকীৰ কথা আৰু কামৰ সাদৃশ্য নেদেখিলে ৰাইজে।উপায়ন্তৰ পৰিচালনা সমিতি আৰু অভিভাৱকে সিদ্ধান্ত লৈছে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰাৰ । শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ নির্লজ হেতালি খেলা এনেবোৰ বেপৰোৱা পক্ষৰ মৰটোপনি ভঙাৰ ।