Advertisment

ঢকুৱাখনাত কৃষি বান্ধ নিৰ্মাণৰ নামত ১৯লাখ টকা আত্মসাৎ

ঢকুৱাখনা উন্নয়ন খণ্ডৰ এম জি এন ৰেগা আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া এই কৃষি বান্ধতো নিৰ্মাণ নকৰাকৈ বৃহৎ গ্ৰামোন্নয়ন আঁচনিৰ পুঁজি উদৰস্থ কৰা অৰ্থলোভী চক্ৰটোত এচাম অবিবেচকী,মুনাফালুভী বিষয়া কৰ্মচাৰী প্ৰত্যক্ষভাবে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।

author-image
Asomiya Pratidin
New Update
a

ডিজিটেল সংবাদ,ঢকুৱাখনা: দুৰ্নীতিমুক্ত আৰু স্বচ্ছ পঞ্চায়তীৰাজৰ দম্ভালি মৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কাৰ্যকালত ফোঁপোলা স্বৰূপ উন্মোচিত হৈছে ঢকুৱাখনাত। কাম নকৰাকৈ গ্ৰামোন্নয়ন পুঁজি গোগ্ৰাসে উদৰস্থ কৰা এক ভয়ংকৰ বিত্তীয় কেলেংকাৰী পোহৰলৈ আহিছিল "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অনুসন্ধান কালত ।

Advertisment

পূব ঢকুৱাখনা গাঁও পঞ্চায়তৰ ২০২৩-২০২৪ বর্ষত অনুমোদিত এটা কৃষি বান্ধ নিৰ্মাণৰ নামত সংঘটিত বিত্তীয় কেলেংকাৰী প্ৰকাশ হোৱাৰ পাছত এই লুণ্ঠনৰাজত জড়িত সকলৰ তথ্য পোহৰলৈ আহিছে। সংগৃহীত তথ্য মতে গৰৈমাৰী তিনি আলিৰ পৰা জীয়ামৰিয়া পাৰ ঘাট সংযোগী এই কৃষি বান্ধ নিৰ্মাণৰ নামত শ্ৰমিক ব্যৱহাৰ নকৰাকৈ, মাত্ৰ ৪ট্ৰেক্টৰ মান মাটি পেলাই,এক্সকেভেটৰ লগাই পূৰ্বৰ জৰাজীৰ্ণ পথ চোৱা মসৃণ কৰি উদৰস্থ কৰিছে ১৯লক্ষাধিক টকা ।

ঢকুৱাখনা উন্নয়ন খণ্ডৰ এম জি এন ৰেগা আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া এই কৃষি বান্ধতো নিৰ্মাণ নকৰাকৈ বৃহৎ গ্ৰামোন্নয়ন আঁচনিৰ পুঁজি উদৰস্থ কৰা অৰ্থলোভী চক্ৰটোত এচাম অবিবেচকী,মুনাফালুভী বিষয়া কৰ্মচাৰী প্ৰত্যক্ষভাবে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত তথ্য মতে জবকাৰ্ডৰ একাংশ হিতাধিকাৰীৰ পৰা জবকাৰ্ড সংগ্ৰহ কৰি পঞ্চায়তখনৰ গ্ৰামীণ ৰোজাগাৰ সহায়কে (জি আৰ এছ) অবৈধ প্ৰক্ৰিয়াৰে ডিমাণ্ড দি বিভাগৰ পুঁজি উদৰস্থ কৰাত আগভাগ লৈছিল ।

এই লুণ্ঠনৰাজৰ ফন্দিত কামৰ ডিমাণ্ড দিয়া, মাষ্টাৰ ৰোল প্ৰস্তুত কৰা আদি কামত পূৰ্ণ সহযোগিতা কৰিছিল তদানীন্তন বিতৰ্কিত পঞ্চায়ত সচিব বিদ্যুৎ তায়েংযে। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হল ১৯লাখৰো অধিক  টকা ব্যয়ৰে নিৰ্মান হবলগীয়া সমগ্ৰ কৃষি বান্ধটোত ১৯ইঞ্চি ওখকৈ মাটি নপৰা স্বত্বেও ভুৱা "মিজাৰমেন্ট বুক"(এম বি) প্ৰস্তুত কৰি কমিছনৰ বৃহৎ অংশৰ দাবীদাৰ হৈছিল "এক্ৰিদিয়েটেদ ইঞ্জিনীয়াৰ" দীপক পেগু।

কামৰ "ফিজিকেল প্ৰগ্ৰেছ" নথকাকৈ, জবকাৰ্ডধাৰীৰ প্ৰকৃত জিঅ' টেগ নোহোৱাকৈ কিহৰ ভিত্তিত এই বৃহৎ  কেন্দ্ৰীয় আঁচনিৰ পুঁজি মোকলাই দিবলৈ এইজন অভিযন্তাই বিল প্ৰস্তুত কৰিলে  সেয়া লক্ষণীয় হৈ ধৰা দিছে। কেৱল হাবিতলীয়া ,ভিতৰুৱা লোকচক্ষুত  নপৰা বাবেই এইআঁচনিৰ পুঁজিলৈ লুলুপ দৃষ্টি দি অৰ্থলোভী জি আৰ এছৰ পৰা ইঞ্জিনীয়াৰ পৰ্যন্ত সকলো একত্ৰিত হৈ এম জি এন ৰেগাৰ বৃহৎ পুঁজি উদৰস্থ কৰাৰ ফন্দি পাতিছিল।

যাৰ বাবে এই লুভীয়া চক্ৰটোৱে উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত গাননিক গৰাকীৰ লগতে খণ্ড উন্নয়ন বিষয়াক কাবু কৰি সমস্ত পুঁজি উলিয়াই বৰভোজ পাতিবলৈ সমৰ্থ হৈছিল। তাৎপৰ্যপূৰ্ণ ভাবে খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত আৰু ভাৰপ্ৰাপ্ত গাণনিক অন্যন গগৈয়ে চকু মুদি দেয়ক বিলত অনুমোদন কৰি দিয়া প্ৰসংগই বিশেষ চর্চা লাভ কৰিছে । এই দুই দায়িত্বশীল পক্ষই কিয় ভুৱা , দেয়ক বিলত অনুমোদন জনাই জবকাৰ্ডৰ জৰিয়তে ১৯লক্ষাধিক পুঁজি মোকলাই দিয়াত আগভাগ ল'লে সেয়াও আলোচনাৰ বিষয়বস্তু হৈছে ন্যায়কামী গঞাৰ  মাজত। এই ক্ষেত্ৰত ঢকুৱাখনা সমজিলা প্ৰশাসন, লখিমপুৰ জিলা আয়ুক্তৰ  নিৰপেক্ষ তদন্তৰ পাছতহে প্ৰকৃত ছবি পোহৰলৈ আহিব।

ঢকুৱাখনা