খজুৱা-সোনাৰী চাপৰিত নিৰ্মীয়মান লোকনিৰ্মানৰ পথত ৰাজহুৱা উচ্ছেদ...

এই পথছোৱা মেৰামতিৰ ঠিকা লাভ কৰিছিল গুৰুং নামৰ এজন ঠিকাদাৰে। কিন্তু নিৰ্ধাৰিত সময় উকলাৰ পাছতো কাম নকৰিলে ঠিকাদাৰজনে। ফলত সুদীর্ঘ দিন ধৰি অতি বিধ্বস্ত ৰূপ লৈ পথছোৱা যাতায়ত বিপদাপন্ন কৰি তুলিছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ  ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান (পথ) সংমণ্ডলৰ অন্তৰ্গত এটা গুৰুত্বপূৰ্ণ পথ খজুৱা তিনি আলিৰ পৰা সোনাৰী চাপৰি সংযোগী পথ। এই সদাব্যস্ত আৰু বিধ্বস্ত পথৰ মেৰামতিৰ বাবে লোকনিৰ্মান বিভাগে গ্ৰহণ কৰা এক পদক্ষেপ বুধবাৰে স্থানীয় ৰাইজে  বাধা প্ৰদান কৰি নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে ।

Advertisment

স্থানীয় ভুক্তভোগী ৰাইজৰ অভিযোগ অতি ক্ৰুটিপূৰ্ণ কামেৰে পথছোৱা মেৰামতি কাম সম্পন্ন কৰা হৈছে । পৰ্য্যাপ্ত পৰিমাণৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰা নাই পথত। যাৰ বাবে হাতেৰে দাঙি দিলেই  বখলা বখলে উঠি আহে নিৰ্মান কৰা অংশ ।

উল্লেখযোগ্য যে পথছোৱাৰ প্ৰায় ২ কিলোমিটাৰ অংশৰ কেৱল বিধ্বস্ত অংশ মেৰামতি কৰিবলৈ বিভাগে দিয়া নিৰ্দেশৰ ভিত্তিত বুধবাৰে  নিয়োজিত ঠিকাদাৰ শ্ৰী গণেশ এণ্টাৰপ্ৰাইজে সমগ্ৰ অংশ ভাঙি উঠাই মেৰামতি কৰি থকা অৱস্থাত একাংশ ৰাইজে নিৰ্মাণৰত পকী অংশ পথ সঠিক ভাবে নোহোৱাৰ অভিযোগ উত্থাপন কৰি নিৰ্মাণ কৰা অংশ উঠাই দিয়ে। ৰাইজে নিম্ন মানৰ কামৰ অভিযোগ তুলি দলবব্ধ ভাবে নিৰ্মাণৰত  পথৰ বিস্তৰ অংশ  ক্ষতি সাধন কৰে।

এই সন্দৰ্ভত এক উশৃংখল পৰিস্থিতিৰো পাছত  উদ্ভৱ হয় । পাছত বিষয়টো লোকনিৰ্মান বিভাগৰ অৱগত কৰি নিয়োজিত  প্ৰতিষ্ঠানটোৱে মেৰামতি কাম নকৰাৰ সিদ্ধান্ত লৈ সমস্ত যন্ত্ৰপাতি, সামগ্ৰী লৈ উভতি  আহে। এই সন্দৰ্ভত লোকনিৰ্মান বিভাগে ঢকুৱাখনা সমজিলা আয়ুক্তক অৱগত কৰি ঢকুৱাখনা সদৰ থানাত গোচৰ ৰুজু কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জনাইছে।

স্মৰ্তব্য যে এই পথছোৱা মেৰামতিৰ ঠিকা লাভ কৰিছিল গুৰুং নামৰ এজন ঠিকাদাৰে। কিন্তু নিৰ্ধাৰিত সময় উকলাৰ পাছতো কাম নকৰিলে ঠিকাদাৰজনে। ফলত সুদীর্ঘ দিন ধৰি অতি বিধ্বস্ত ৰূপ লৈ পথছোৱা যাতায়ত বিপদাপন্ন কৰি তুলিছিল।

পৰৱৰ্তী সময়ত এই পথৰ ভগ্ন অংশ মেৰামতিৰ বাবে শ্ৰী গণেশ গোষ্ঠীক দায়িত্ব দিছিল লোকনিৰ্মান বিভাগে। কাম কৰা অৱস্থাতে উদ্ভৱ হোৱা এনে জটিল পৰিস্থিতিৰ পাছত পথছোৱা মেৰামতিকলৈ  অনিশ্চয়তা আহি পৰিছে ।

 

ঢকুৱাখনা