গুণগত মানদণ্ডৰে ঠিকাদৰে ৭ মাহত সম্পূৰ্ণ কৰিলে এটা পথ...

প্ৰায় ৭ কিলোমিটাৰ দীঘল পথটোৰ নিৰ্মাণত উদ্ভৱ হোৱা জটিল পৰিস্থিতিকো নিৰাময় কৰি নিয়োজিত ঠিকাদাৰদ্বয় শ্ৰী গণেশ এণ্টাৰপ্ৰাইজ আৰু মাধৱ শইকীয়াই মাত্ৰ ৭ মাহৰ ভিতৰতে কাম গুণগত সম্পূৰ্ণ কৰি দৃষ্টান্ত দেখুৱালে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ (পথ) বিভাগৰ এটা পথ। দীর্ঘদিন ধৰি নাগৰিকক দুৰ্ভোগ ভোগাই আহিছিল এই জৰাজীৰ্ণ পথটোৱে। প্ৰায় ৭ কিলোমিটাৰ দৈর্ঘৰ এই পথৰ দুৰৱস্থা আৰু জৰাজীৰ্ণতা দূৰীকৰণৰ সিদ্ধান্ত ল'লে বিধায়ক নৱ দলেয়ে।

Advertisment

ঢকুৱাখনা লোকনিৰ্মাণ (পথ) সংমণ্ডলৰ জৰিয়তে মুখ্যমন্ত্ৰী উন্নত পকী পথ আঁচনিৰ অধীনত নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰি অনুমোদন কৰাই আনিলে আৰ আই ডি এফ ৩০ /২৪/২৫/৩১ শিতানত প্ৰায় ৯৯ লাখ ৯৪ হাজাৰ টকা।

ঘিলামৰা- ঢকুৱাখনা লোকনিৰ্মাণ পথৰ হিলৈদাৰী তিনিআলিৰ পৰা ঢকুৱাখনা সমজিলা আয়ুক্তৰ কাৰ্য্যালয় হৈ বামুনগাঁও তিনিআলিত সংযোগ হোৱা এই গুৰুত্বপূৰ্ণ পথৰ আবন্টন কৰি বিধায়ক নৱ দলেয়ে ৰাজহুৱা সভাত নিয়োজিত যৌথ ঠিকাদাৰ শ্ৰী গণেশ এণ্টাৰপ্ৰাইজ আৰু মাধৱ শইকীয়াক এবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছিল ।

প্ৰায় ৭ কিলোমিটাৰ দীঘল পথটোৰ নিৰ্মাণত উদ্ভৱ হোৱা জটিল পৰিস্থিতিকো নিৰাময় কৰি নিয়োজিত ঠিকাদাৰদ্বয় শ্ৰী গণেশ এণ্টাৰপ্ৰাইজ আৰু মাধৱ শইকীয়াই মাত্ৰ ৭ মাহৰ ভিতৰতে কাম গুণগত সম্পূৰ্ণ কৰি দৃষ্টান্ত দেখুৱালে।

বিভাগীয় সূত্ৰে জনা মতে কামৰ ২০২৪ চনৰ ১২ডিচেম্বৰত নিৰ্মাণ কামৰ শুভাৰম্ভ কৰা আঁচনিখনৰ কাম সম্পূৰ্ণ কৰাৰ সময় সীমা আছিল ২০২৫ বর্ষৰ ১২ ডিচেম্বৰ। কিন্তু বিধায়ক আৰু লোকনিৰ্মাণ বিভাগৰ নিৰ্ধাৰিত নিৰ্দিষ্ট সময়সীমাৰ পূৰ্বে এই গুৰুত্বপূর্ণ পথ নিৰ্মাণ আঁচনি সম্পূৰ্ণ কৰি ক্ষীপ্ৰ ,গুণগত কামৰ সমুজ্জ্বল দৃষ্টান্ত দেখুৱালে বিভাগীয় ঠিকাদাৰদ্বয়ে।

যি সময়ত লোকনিৰ্মাণ আঁচনিৰ কামৰ অগ্ৰগতি প্ৰায় বন্ধ হৈ থকা অৱস্থাত ঢকুৱাখনাৰ এইটো অতি গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণ কাৰ্য নিৰ্ধাৰিত সময়ৰ বহু পূৰ্বে সম্পূৰ্ণ কৰি বিভাগক হস্তান্তৰকৰণেৰে প্ৰদৰ্শন কৰা সামাজিক আৰু বিভাগীয় দায়বদ্ধতা অন্য নিৰ্মাণ সংস্থাবোৰৰ বাবে অনুকৰণীয় হৈছে।

উল্লেখযোগ্য যে, ৪২নং ৰাজ্যিক ঘাই পথৰ হিলৈদাৰী তিনিআলিৰ পৰা ঢকুৱাখনা সমজিলা আয়ুক্তৰ কাৰ্য্যালয় আৰু মাজুলীমুখী যাত্ৰী সকলৰ বাবে এই নিৰ্মীয়মান পথ ,চমু পথ হিচাবে ব্যৱহৃত হ'ব য'ত ঢকুৱাখনা নগৰৰ যানজঁটৰ সন্মুখীন নোহোৱাকৈ ৰাইজৰ যাতায়ত সম্ভৱ হ'ব।

ঢকুৱাখনা