ঢকুৱাখনাত 'শিৱম'ৰ মৰণ ফান্দে প্ৰাণ ল'লে এজনৰ...

ঢকুৱাখনা-মাছখোৱাহৈ ধেমাজি সংযোগী  দ্বৈত পথৰ ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত হুজ গাঁওৰ অংশত দেওবাৰে নিশা সংঘটিত হোৱা এক মৰ্মান্তিক ঘটনাত এজন যুৱকৰ অকাল মৃত্যু ঘটে ।

author-image
Asomiya Pratidin
New Update
dimpuy copy

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা-মাছখোৱাহৈ ধেমাজি সংযোগী  দ্বৈত পথৰ ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত হুজ গাঁওৰ অংশত দেওবাৰে নিশা সংঘটিত হোৱা এক মৰ্মান্তিক ঘটনাত এজন যুৱকৰ অকাল মৃত্যু ঘটে ।

ঘটনাৰ বিবৰণী মতে দেওবাৰে নিশা ডিব্ৰুগড়ৰ বৰপথাৰ কমাৰ গাঁও নিবাসী নাৰায়ণ গগৈৰ পুত্ৰ ,ডিব্ৰুগড়ৰ চি জি পূৰ্বাঞ্চল কলেজৰ ছাত্ৰ যুগল কিশোৰ গগৈয়ে এ এছ ০৬ এ এন  ২৯৫৩  নম্বৰৰ এখন   বাজাজ ডমিনাৰ বাইক লৈ  ঢকুৱাখনা সদৰ চাৰিআলি অভিমুখে তীব্ৰ বেগত আহি আছিল ।  

ৰাতি তীব্ৰ বেগত আহি থকা যুৱকজনে হুজ গাঁওৰ  কালজয়ী সত্ৰৰ সমীপৰ অংশত থকা উপপথৰ পৰিবৰ্তে চিধা গৈ অৰ্ধনির্মিত  দ কাৰ্লভাৰ্টৰ তলত খুন্দিয়াই তললৈ পৰি অকাল মৃত্যুক  সাৱটি লয়।  উল্লেখযোগ্য যে পথ নিৰ্মান সংস্থা  শিৱমে উক্ত অংশত  অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ কৰি প্ৰায় ৭ মাহ ধৰি এটা কাৰ্লভাৰ্ট নিৰ্মাণৰ কাম আৰম্ভ কৰি অৰ্ধনির্মিত ভাবে পেলাই ৰাখিছিল।  

উক্ত অংশত কোম্পানীটোৱে কোনো ধৰণৰ উপপথৰ নিৰ্দেশনা অথবা পথ বন্ধৰ ফলক  দৃশ্যমান কৰি নৰখাৰ বাবেই যুৱকজনে তীব্ৰ গতিত গৈ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লব লগা হয় । পথ নিৰ্মান সংস্থাৰ অদূৰদর্শিতাৰ বাবেই  উক্ত অংশত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি সোমবাৰে পুৱা দুৰ্ঘটনাগ্ৰস্ত স্থানত সমবেত হৈ ৰাজপথ অৱৰোধ কৰে।

বিধায়ক নৱ দলেৰ অকমন্যতা আৰু অবৈধ হস্তক্ষেপৰ বাবেই এই কাম বন্ধ ৰাখি অহা বুলি অভিযোগ উত্থাপন কৰে।  শিৱম গ' বেক,নব দলে মূর্দাবাদ, শীঘ্ৰেই অৰ্ধনির্মিত কাৰ্লভাৰ্টতোৰ পৰিবৰ্তে পথ নিৰ্মান কৰক, ঢকুৱাখনা সমজিলা প্ৰশাসন মূর্দাবাদ আদি শ্লোগান দি সুদীর্ঘ সময় ধৰি  অৱৰোধ কৰি ৰাখে ।পাছত অৱৰোধস্থলীত  ঢকুৱাখনা সমজিলাৰ সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতা উপস্থিত হয় ।

কলিতাক ৰাইজে আবদ্ধ কৰি শীঘ্ৰে এই মৰণফাণ্ড বন্ধ কৰি পথ নিৰ্মাণৰ ব্যৱস্থা কৰাৰ দাবী জনাই ।  বহু সময় ধৰি ৰাজপথ অৱৰোধ কৰাৰ পাছত ৰাইজে পথ মুকলি কৰি প্ৰশাসনৰ জৰুৰী হস্তক্ষেপ দাবী জনাই। আৰক্ষীযে মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰিছে।

ঢকুৱাখনা