/asomiyapratidin/media/media_files/2025/02/22/uLHqVWMfgHf3GX4ZO2fC.jpg)
ঢকুৱাখনাত প্ৰতিবাদ
ডিজিটেল সংবাদ,ঢকুৱাখনা : জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন, যুৱ কংগ্ৰেছৰ নেতা তাঞ্জিল হুছেইন আৰু সাংসদগৰাকীৰ নিৰাপত্তাৰক্ষীৰ ওপৰত দুৰ্বৃত্তই চলোৱা আক্ৰমণৰ সবল প্ৰতিবাদ সাব্যস্ত হয় ঢকুৱাখনাত। চামগুৰিৰ ৰূপহীহাটত মুকলিভাৱেই মুখ মণ্ডলত ক’লা কাপোৰ বান্ধি সাংসদ আৰু অন্যান্য সকলক কৰা আক্ৰমণৰ তীব্ৰ নিন্দা কৰি শনিবাৰে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ উদ্যোগত সাব্যস্ত কৰা হয় প্ৰতিবাদ।
ব্লক কংগ্ৰেছৰ কাৰ্য্যালয় ৰাজীৱ ভৱনৰ সন্মুখত ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰি ব্লক কংগ্ৰেছে উত্তাল পৰিবেশৰ সূচনা কৰে । মুখ্যমন্ত্ৰী তথা গৃহদপ্তৰৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদপুষ্ট হৈ নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে নিৰাপত্তাৰক্ষীৰ ওপৰত পৰিকল্পিত আক্ৰমন চলোৱা বুলি ব্লক কংগ্ৰেছে অভিযোগ উত্থাপন কৰি ৰাজপথৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰে ।
/asomiyapratidin/media/media_files/2025/02/22/uDNmV3OgjGWu5Abk8sts.jpg)
ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া , ব্লক মহিলা কংগ্ৰেছ সভানেত্ৰী ইনামণি বৰুৱা সমন্বিতে গৰিষ্ঠ সংখ্যক কৰ্মী আৰু নেতৃত্বই হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ ,হিমন্ত বিশ্বৰ গুণ্ডাগিৰী নচলিব , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ’ বেক , বিজেপি হায় হায়, ৰকিবুল হুছেইন জিন্দাবাদ, প্ৰদেশ কংগ্ৰেছ জিন্দাবাদ, গৃহ বিভাগ মুর্দাবাদ আদি শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে আৰু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰে ।
প্ৰতিবাদী ব্লক কংগ্ৰেছৰ নেতৃত্বই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি কেইবাগৰাকী আৰক্ষী কৰ্তব্যৰত অৱস্থাতে নিৰ্মমভাৱে প্ৰহৃত হোৱাৰ পাছতো গৃহমন্ত্ৰীগৰাকীৰ মৰটোপনি ভগা নাই বুলি উল্লেখ কৰি ৰাজ্যত শাসনৰ নামত অপশাসন চলাৰ অভিযোগ উত্থাপন কৰে। প্ৰতিবাদকাৰী দলীয় কৰ্মী নেতৃত্বই ৰাজ্যত আইন শৃংখলাৰ দ্ৰুত অৱনতি ঘটাৰ অভিযোগ উত্থাপন কৰি সাধাৰণ নাগৰিকৰ জীৱন সম্পত্তিৰ সুৰক্ষা নোহোৱা জটিল পৰিস্থিতিৰ উদ্ভৱকাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনায় ।