Advertisment

ঢকুৱাখনা ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী সমদল

ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা এই সন্দৰ্ভত বাহিৰ কৰা হয় এক বৃহৎ প্ৰতিবাদী সমদল। ৰাজীৱ ভৱনৰ পৰা হাতে হাতে,দলীয় পতাকা লৈ প্ৰতিবাদী সমদলত অংশ গ্ৰহণ কৰা গৰিষ্ঠ সংখ্যক কংগ্ৰেছীয়ে ঢকুৱাখনা নগৰৰ মাজেৰে ৰাজপথেৰে সমদল কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

author-image
Asomiya Pratidin
New Update
fdf

ডিজিটেল সংবাদ:ঢকুৱাখনা: গেৰুৱা শাসক দলৰ শাসন কালত ভাৰতীয় গণতন্ত্ৰৰ স্বাভিমান স্বৰূপ ভাৰতীয় সংবিধান ,ভাৰতীয় সংবিধানৰ প্ৰণেতা আৰু জাতিৰ মহানায়ক পিতাৰ প্ৰতি ভয়ানক সংকট নামি আহিছে। শাসনৰ নামত অপশাসনৰ বোজা জাপি নাগৰিকৰ জীৱন বিপৰ্য্যস্ত কৰি তুলিছে কেন্দ্ৰীয় আৰু ৰাজ্যত শাসনৰ গাদীত বহি থকা গেৰুৱা দলে- এই অভিযোগ ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ।

Advertisment

ক্ষমতাৰ ৰাগীত মতলীয়া হৈ বিজেপি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ স্বাভিমান ভাৰতীয় সংবিধানৰ প্ৰতি তুচ্ছ তাচ্ছিল্যসূচক মন্তব্য কৰি, ভাৰতীয় সংবিধানৰ প্ৰণেতা ভীম ৰাও অম্বেদকাৰক উদ্দেশ্যি অসৌজন্যমূলক মন্তব্য কৰাৰ লগতে জাতিৰ পিতা মহাত্মা গান্ধীকো চূড়ান্ত অপমান কৰাত মত্ত হোৱাৰ অভিযোগ উত্থাপন কৰে ঢকুৱাখনা ব্লক কংগ্ৰেছে।

মঙলবাৰে এই অভিযোগ উত্থাপন কৰি ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত সাব্যস্ত কৰে ৰাজহুৱা প্ৰতিবাদ। মঙলবাৰে দুপৰীয়া ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা এই সন্দৰ্ভত বাহিৰ কৰা হয় এক বৃহৎ প্ৰতিবাদী সমদল। ৰাজীৱ ভৱনৰ পৰা হাতে হাতে,দলীয় পতাকা লৈ প্ৰতিবাদী সমদলত অংশ গ্ৰহণ কৰা গৰিষ্ঠ সংখ্যক কংগ্ৰেছীয়ে ঢকুৱাখনা নগৰৰ মাজেৰে ৰাজপথেৰে সমদল কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা দলীয় কৰ্মী নেতা সকলে অত্যাচাৰী বিজেপি চৰকাৰ মুর্দাবাদ,নৰেন্দ্ৰ মোদী হায় হায়,ভাৰতীয় গণতন্ত্ৰৰ শত্ৰু অমিত শ্বাহ হুচিয়াৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ বেক, ভাৰতীয় সংবিধানৰ সুৰক্ষা দিয়ক, সংবিধানৰ প্ৰণেতা ভীম ৰাও আম্বেদকাৰৰ প্ৰতি তাচ্ছিল্যসূচক মন্তব্য কৰা বন্ধ কৰক, ভাৰতীয় সংবিধানৰ প্ৰতি শ্ৰদ্ধাশীল হওঁক ক্ষমতান্ধ বিজেপি আদি শ্লোগান দিয়ে।

ইয়াৰোপৰি ভাৰতীয় সংবিধানৰ শত্ৰু বিজেপি নিপাত যাওক, জাতিৰ পিতাক কৰা অপমান সহ্য কৰা নহ'ব, আমাৰ বাপু অমৰ হওঁক, বিজেপি গ' বে'ক আদি শ্লোগান দি ঢকুৱাখনাৰ নগৰাঞ্চল পৰিভ্ৰমণ কৰে কংগ্ৰেছে। ঢকুৱাখনা ব্লক কংগ্ৰেছ ,যুৱ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছ ,সেৱা দলৰ প্ৰায় শতাধিক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী সমদল কাৰ্যসূচীৰ ৰাজীৱ ভৱনত প্ৰৱেশ কৰি সামৰণি মাৰে। 

ঢকুৱাখনা