/asomiyapratidin/media/media_files/2025/05/04/IAhYMlvf8vB7ttPxj73V.jpg)
ডিজিটেল সংবাদ: ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত দুটা ভোট কেন্দ্ৰত দেওবাৰে আৰম্ভ হৈছে পুনৰ ভোট গ্ৰহণ। পূব ঢকুৱাখনা মাতমৰা জিলা পৰিষদৰ অন্তৰ্গত ৫ নং বগৰিগুৰি ৱাৰ্ড ভোট কেন্দ্ৰ আৰু ডিমৰুগুৰি পশ্চিম ঢকুৱাখনা জিলা পৰিষদৰ অন্তৰ্গত খজুৱা ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৮ নং ৱাৰ্ড ভোট কেন্দ্ৰত দেওবাৰে পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হৈছে পুনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ।
কেন্দ্ৰ দুটাত নিৰ্বাচনী নিয়ম উলংঘা কৰি ভোটাৰে অস্বাভাৱিক পৰিস্থিতিৰ উদ্ভৱ কৰাৰ পৰিপ্ৰেক্ষিতত ঢকুৱাখনা সমজিলা প্ৰশাসনৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যিক নিৰ্বাচনী আয়োগে এই দুটা ভোট কেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিছিল। ইপিনে ইয়াৰে খজুৱা ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰৰ ভোটাৰ সকলে এই ভোট গ্ৰহণ পৰ্বত সহযোগিতা প্ৰদৰ্শন নকৰাৰ ৰাজহুৱা সিদ্ধান্ত লৈছিল ।
শনিবাৰে ৱাৰ্ডবাসী ভোটাৰে এই পুনৰ ভোট গ্ৰহণৰ অন্তৰালত শাসক দলৰ ৰাজনৈতিক চক্ৰান্ত নিৰ্হিত থকাৰ অভিযোগ উত্থাপন কৰিছিল । গেৰুৱা দলৰ সমৰ্থিত ৱাৰ্ড প্ৰাৰ্থী গৰাকীযে এই ক্ষেত্ৰত চক্ৰান্ত কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপন কৰি ভোটাৰে ভোট বর্জনৰ সিদ্ধান্ত লৈছিল।
কিন্তু পৰৱৰ্তী সময়ত ভোট গ্ৰহণ পৰ্ব আৰম্ভ হোৱাৰ পূৰ্বে এই ৰাজহুৱা ভোট বর্জনৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সিদ্ধান্ত লয় ।যাৰ পৰিপ্ৰেক্ষিতত পুৱাৰ পৰা প্ৰখৰ ৰদকো নেওচি শৃংখলাবদ্ধ ভাবে ভোটদান কৰে । ৱাৰ্ডটোৰ বৃদ্ধ বৃদ্ধা, মুনিহ তিৰোতা সকলোৱে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰে দুয়োটা ভোট কেন্দ্ৰত ।
উল্লেখযোগ্য যে খজুৱা পাতিৰ ট্ৰাইবেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত মুঠ ৭৭৭ গৰাকী ভোটাৰ আছে । অন্যহাতে বগৰিগুৰি ভোট কেন্দ্ৰত মুঠ ৮০৯ টা ভোটাৰ আছে । কেন্দ্ৰ দুটাত আজি পুনৰ ভোটাৰে নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰিব।