/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/43958037-f55f-434e-9b9e-085ab2d431ba/1e890d27-d3ce-49aa-bb2b-40cfe810e29d.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: অকামিলা ঢকুৱাখনা আৰক্ষীলৈ আঙুষ্ঠ দেখুৱাই প্ৰতিদিনে ঢকুৱাখনা নগৰত চলিছে চোৰৰ লুটপাত। ঘৰে ব্যৱসায়িক প্ৰতিষ্ঠানে সকলোতে চোৰৰ চাফাই অভিযান অব্যাহত থকাৰ পাছতো কাৰ্যতঃ চোৰ ধৰাত নিষ্ফল ঢকুৱাখনা আৰক্ষী । অন্য দিনৰ লগতে শুক্ৰবাৰে পুনৰ ঢকুৱাখনা সদৰৰ মহঘুলি অঞ্চলৰ এটা ঘৰত দিন দুপৰতে চোৰে চলাই লুটপাত ।
নগৰৰ শিৱ মন্দিৰৰ সমীপৰ ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰবক্তা অসীম সন্দিকৈ আৰু স্বাস্থ্য বিভাগৰ বিষয়া বন্দনা সন্দিকৈৰ ঘৰত শুক্ৰবাৰে দুপৰীয়া কোনো নথকাৰ সুযোগ বুজি চোৰে পাছফালৰ দুৱাৰৰ লক ভাঙি সন্দিকৈ দম্পতিৰ কোঠাত প্ৰৱেশ কৰে । কোঠাৰ আলমিৰাৰ লক খুলি বহু পৰিমাণৰ সোণৰ আ অলংকাৰ ,নগদ ধন আদি লুটি নিয়ে । বহু সময়ৰ পাছত গৃহস্থ ঘৰলৈ আহি এই লুটপাত প্ৰত্যক্ষ কৰে ।
প্ৰায় তিনি লক্ষাধিক মূল্যৰ সোণৰ অলংকাৰ ,নগদ ১০ হাজাৰ টকা লুটি পুনৰ পাছ দুৱাৰেদি চোৰৰ প্ৰস্থান ঘটে । এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত দুৰ্ভগীয়া সন্দিকৈযে এজাহাৰ দাখিল কৰিছে । উল্লেখ্য যে ধাৰাবাহিক ভাবে জনজীৱন অতিষ্ঠ কৰি চোৰৰ দৌৰাত্ম্য অব্যাহত থকাৰ পাছতো ৰহস্যজনক কাৰণত চোৰ ধৰাত গুৰুত্ব নিদিয়ে সোৰোপা ঢকুৱাখনা আৰক্ষীযে । যাৰেই পৰিনতিত নাগৰিকৰ জীৱন সম্পত্তিৰ সুৰক্ষা নোহোৱা হৈছে । কেৱল এজাহাৰ লবলৈ বহি থকা ঢকুৱাখনা আৰক্ষীৰ এনে নিষ্কর্মা ভূমিকাক নাগৰিকৰ সন্দেহ ঘনীভূত হৈছে ।
Also Read: অলিভ অইলঃ হাৰ্ট এটেক, ডায়েবেটিছৰ মহৌষধ...