/asomiyapratidin/media/media_files/2025/01/19/YalmVUvxapCwx2MMhWgn.jpg)
ভক্তপ্ৰাণৰ হৰি নামেৰে বিধৌত ঢকুৱাখনাৰ ৰুক্ম নাথ গগৈ সমন্বয় ক্ষেত্ৰ
ডিজিটেল সংবাদ ঢকুৱাখনা: শ্ৰীমন্ত শংকৰদেৱ সংঘ সাম্প্ৰতিক সময়ত কেৱল এক আধ্যাত্মিক আৰু সাংস্কৃতিক মঞ্চ বা অনুষ্ঠান হিচাবে পৰিচিত হৈ থকা নাই । বৰ্তমানৰ অবক্ষয়ী সমাজ সভ্যতা আৰু অস্তিত্বৰ সংকটত নিমৰ্জিত হোৱা বৃহত্তৰ অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ এক সুবৃহৎ সুসংগঠিত অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে । গুৰুজনাই নিৰ্মাণ কৰি যোৱা বৃহত্তৰ অসমীয়া জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে এক পৰিকল্পিত সংগ্রামৰ পাতনি মেলি সফলতাৰে অগ্ৰগতি লাভ কৰিছে ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ শনিবাৰে দ্বিতীয় দিনৰ মুকলি সভাত উপস্থিত থাকি এই মন্তব্য কৰে সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই । ৰুক্ম নাথ গগৈ সমন্বয় ক্ষেত্ৰ ,মাধৱ প্ৰাথমিক শাখাৰ ভকতা পুখুৰী আশ্ৰমত অনুষ্ঠিত বাৰ্ষিক অধিবেশনৰ অন্যতম কাৰ্যসূচী শাখা সমিতি সমূহৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি প্ৰধান সম্পাদক গৰাকীয়ে কয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ ,চিন্তনৰ পৰিশুদ্ধ আৰু সঠিক ৰূপত প্ৰতিষ্ঠা কৰি গুৰুজনাৰ ভক্তি মাৰ্গৰ সাৰ্বজনীন প্ৰচাৰ প্ৰসাৰ কৰি এখন সুশৃঙ্খলিত সমাজ গঠনত সংঘই আত্মনিয়োগ কৰি আহিছে ।
বৌদ্ধিক ভাবে ,আধ্যাত্মিক ভাবে , নৈতিক ভাবে গুৰুজনাৰ আদৰ্শৰ প্ৰচাৰ প্ৰসাৰ কৰি এক নব্য ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । যিটো সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ কাম্য ।"ঢকুৱাখনা জিলা শাখাৰ সভাপতি পূৰ্ণানন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্বোধন কৰে জিলা শাখাৰ সম্পাদক পুতুল শইকীয়াই । সভাত যুৱ বক্তা কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়ক সঞ্জীৱ বৰা ,সংঘৰ প্ৰচাৰ শাখাৰ সভাপতি টংকেশ্বৰ গোঁহাই, মূলৰ সদস্য বলোৰাম দত্ত, শৰণ সদস্য থানেশ্বৰ বৰাকে প্ৰমুখ্য কৰি বহু কেইগৰাকী বিশিষ্ট ধৰ্ম প্ৰাণ ব্যক্তি উপস্থিত থাকে।
জিলা শাখাৰ লগতে আঞ্চলিক শাখা সমূহৰ কেইবা শতাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ।পুৱা বেলা "জাতি জনগোষ্ঠীৰ সমন্বয় সাধনত শ্ৰীমন্ত শংকৰদেৱ সংঘ" শীৰ্ষক এক মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হয় সমন্বয় ক্ষেত্ৰত। প্ৰাক্তন মূলৰ সদস্য দেৱ কুমাৰ গগৈ , ধেমাজিৰ ধৰ্মপ্ৰাণ মহিলা লক্ষী প্ৰভা গগৈযে আলোচক হিচাবে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ সঞ্চালনা কৰে প্ৰশান্ত কুমাৰ চুতীয়াই । ইয়াৰ পাছতেই স্মৃতিগ্ৰন্থ " মাধৱ কথামৃত" উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতে ।
সভাতেই প্ৰয়াত জয়দ্ৰথ গগৈ স্মাৰক গ্ৰন্থ উন্মোচন কৰে অৱসৰ প্ৰাপ্ত শিক্ষাবিদ পূৰ্ণানন্দ গগৈয়ে । এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জিলা সভাপতি পূৰ্ণানন্দ গগৈ ,সম্পাদক পুতুল শইকীয়া, ভক্তপ্ৰাণ চিকিৎসক পুলকানন্দ গগৈ, শিক্ষাব্ৰতী কল্পনা গগৈৰ উপৰিও জিলা শাখা আৰু আদৰণী সমিতিৰ গৰিষ্ঠ সংখ্যক আই বাপ সমস্ত উপস্থিত থাকে ।
সন্ধিয়া অনুষ্ঠিত হয় সাংস্কৃতিক সমাৰোহ । মহাপুৰুষজনাৰ বিৰচিত অতুল্য কৃষ্টি সংস্কৃতিৰ সাৱলীল উপস্থাপন হোৱা এই সাংস্কৃতিক সমাৰোহৰ পাছতে জিলা শাখাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয় ।সভাতেই অনাগত কাৰ্যকালৰ বাবে এখন নতুন জিলা শাখা গঠন কৰা হয় । দেওবাৰে এই বাৰ্ষিক অধিবেশনৰ বৰ্ণিল পৰিসমাপ্তি ঘটিব ।