পহিলা বহাগতে অকৰ্মণ্য নব দলে মূর্দাবাদ শ্লোগানেৰে ৰাজহুৱা প্ৰতিবাদ...

ৰঙালীৰ মাদকতাত ৰাজ্যবাসী মতলীয়া হোৱাৰ সময়তে ঢকুৱাখনাৰ এখন গাঁওৰ চহাপ্ৰাণ গঞাই সাব্যস্ত কৰিলে প্ৰতিবাদ । নব দলে নামৰ এগৰাকী আধুনিক ঢকুৱাখনাৰ নিৰ্মাতা বুলি আত্মজাহিৰ

author-image
Asomiya Pratidin
New Update
okokokok...

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ৰঙালীৰ মাদকতাত ৰাজ্যবাসী মতলীয়া হোৱাৰ সময়তে ঢকুৱাখনাৰ এখন গাঁওৰ চহাপ্ৰাণ গঞাই সাব্যস্ত কৰিলে প্ৰতিবাদ । নব দলে নামৰ এগৰাকী আধুনিক ঢকুৱাখনাৰ নিৰ্মাতা বুলি আত্মজাহিৰ কৰি অহা বিধায়কৰ গুৰুত্বহীনতা, অকমন্যতা আৰু জনদায়বদ্ধহীনতাৰ বিৰুদ্ধে পঞ্জীভূত ক্ষোভ উজাৰি ৰাজহুৱা প্ৰতিবাদত নামিল ভুক্তভোগী ৰাইজ ।

Advertisment

ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত কেঁকুৰীৰ চেলাজান কছাৰী গাঁওবাসীযে বহাগ বিহুৰ প্ৰথম দিনাই চেলা চাৰিকড়ীয়া নদীৰ ওপৰত এখন পকী দলং বিচাৰি সাব্যস্ত কৰে বৃহৎ ৰাজহুৱা প্ৰতিবাদ । বহাগৰ উৎসৱমুখীতাক তুচ্ছ কৰি মঙলবাৰে পুৱা বেলা গাঁওখনৰ দুৰ্ভগীয়া ৰাইজ একত্ৰিত হৈ চেলা চাৰিকড়ীয়া নদীৰ পাৰত অবস্থান লৈ নিস্কৰ্মা বিধায়ক মূর্দাবাদ,  বিধায়ক নৱ দলে নিপাত যাওক, অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী মূর্দাবাদ, চেলা চাৰিকড়ীয়া নদীৰ ওপৰত এখন পকী দলং দিয়ক, চেলাজান গাঁওবাসীৰ জীৱনকলৈ হেতালি খেলা অকমন্য বিধায়ক নব দলে হুচীয়াৰ, ঢকুৱাখনা সমজিলা প্ৰশাসন মূর্দাবাদ , আমাক পকী দলং লাগিবই আদি শ্লোগান দি নদীৰ পাৰত উত্তাল পৰিবেশৰ সৃষ্টি কৰে ।

3a6e0bd6-61ee-45a2-bc66-16d4985be109

ভুক্তভোগী গঞা ৰাইজৰ অভিযোগ বৃহত্তৰ গাওঁখনলৈ যাতায়তৰ অন্যতম পথটোৰ চেলা চাৰিকড়ীয়া নদীৰ ওপৰত এখন সুৰক্ষিত আৰু পকী দলং নথকাৰ বাবেই নিৰীহ পথচাৰীযে অকাল মৃত্যুক সাৱটিব লগা হৈছে । গাঁওখনৰ শিক্ষানুষ্ঠানলৈ শিক্ষক আহিবলৈ আগ্ৰহ প্ৰকাশ নকৰা হৈছে । বৃহত্তৰ নদীপৰিয়া গাঁওখনত ঢকুৱাখনাৰ ইতিহাস সমৃদ্ধ কৰা ঐতিহাসিক গৰখীয়া দল উপেক্ষিত হৈ ৰৈছে । পৰ্যটকৰ আগমন ৰুদ্ধ হৈছে ।

চিকিৎসালয়লৈ ৰোগীক নিবলৈ মৰণত শৰণ দি যাব লগা হৈছে যুগ যুগ ধৰি । বাৰম্বাৰ ঢকুৱাখনাৰ বিধায়ক নৱ দলেক ,সাংসদ প্ৰদান বৰুৱা আৰু ঢকুৱাখনা সমজিলা প্ৰশাসনক এই জলন্ত সমস্যাৰ সমাধান কৰি যাতায়ত সুচল কৰাৰ বাবে দাবী জনায় অহা হৈছে ।কিন্তু এইসকল ধৃতৰাষ্ট্ৰ ৰূপী ৰাজনীতিক, আমোলাৰ কাণ্ডজ্ঞানহীনতাৰ ওৰ নপৰিল ।

7de5a9f3-fa5b-4395-a443-d7bdba1fd11b

বাৰিষা খৰালি মৰণফাণ্ড সদৃশ্য যাতায়ত ব্যবস্থা নাৱেৰে জীৱন যাত্ৰা অব্যাহত ৰাখিব লগা হোৱা স্বত্তেও মৰটোপনি নভগা এনেবোৰ অকমন্য জনপ্ৰতিনিধি আমোলাৰ বিৰুদ্ধে পঞ্জীভূত ক্ষোভ উজাৰি দুৰ্ভগীয়া ৰাইজ একত্ৰিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ । 

মানুহ বিহুৰ দিনাই অমানুহ সদৃশ স্থিতি লৈ গাঁওবাসীক জীয়া যন্ত্ৰণা ভোগাই অহা এনেবোৰ বেপৰোৱা পক্ষৰ বিৰুদ্ধে ৰাজহুৱা প্ৰতিবাদ কৰি এনে অবিবেচকী স্থিতি  পৰিহাৰ কৰিবলৈ সকীয়াই দিয়ে । গাঁওখনৰ বৃদ্ধ বৃদ্ধা, যুৱক যুৱতী, কিশোৰ কিশোৰী ,মুনিহ তিৰোতা সকলোৱে হাতে হাতে দাবী সম্বলিত প্লে'কাৰ্ডলৈ,শ্লোগান দি গাঁওখনত ৰাজপথেৰে চেলাচাৰিকড়ীয়া নদী অভিমুখে সমদল কৰে।

2e816986-54ba-4ae2-8b03-6456052f7081

ৰাইজে চেলা চাৰিকড়ীয়া নদীৰ পাৰাপাৰৰ একমাত্ৰ সম্বল নাওৰ ওপৰত অৱস্থান কৰি আধুনিক ঢকুৱাখনাৰ নিৰ্মাতা বুলি ডাংকোব মাৰি অহা বিধায়ক নৱ দলেৰ উলংগ স্বৰূপ এইখন ছবিয়েই উন্মোচিত কৰি অহা বুলি কৈ এই ৰাজহুৱা সমস্যাৰ যদি তৎকালীন ভাবে সমাধানৰ ব্যৱস্থা নকৰে তেন্তে আগত পঞ্চায়তৰ লগতে বিধানসভা নিৰ্বাচন বর্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ঐক্যবদ্ধমত পোষণ কৰে ।

স্মৰ্তব্য যে প্ৰাপ্য অধিকাৰ বঞ্চিত চেলাজান কছাৰী গাঁওবাসীৰ এই সংঘবদ্ধ প্ৰতিবাদ সংবাদ মাধ্যমত প্ৰকাশ নোহোৱাকৈ ৰাখিবলৈ কৌশলী নীতি লৈ বিধায়কজনে একাংশ সাংবাদিকক মঙলবাৰে তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ কৰি নি গামোচা পিন্ধাই সম্বৰ্ধনা (!) জনোৱাত ব্যস্ত ৰখাৰো গুৰুতৰ অভিযোগ উথাপিত হৈছে । 

ঢকুৱাখানা