শ্ৰমিক দিৱসত ব্যতিক্ৰমী  কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত...

শ্ৰমিক দিৱসত ব্যতিক্ৰমী  কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত...

author-image
Asomiya Pratidin
New Update
শ্ৰমিক দিৱসত ব্যতিক্ৰমী  কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত...

ডিজিটেল সংবাদ, ঢকুৱাখনা: এজন মেহনতি যুৱক । নিজস্ব জনদৰদী আৰু ব্যতিক্ৰমী চিন্তা, কৰ্মেৰে  শত সহস্ৰজনৰ শুভার্শীষ বুটলিবলৈ সক্ষম হৈছে এইজন যুৱক। যুৱকজনৰ নাম পাপু দত্ত । ঢকুৱাখনা নগৰত এখন চেলুন খুলি আত্মনির্ভৰশীলতাৰ ঈর্ষণীয় পথেৰে আগুৱাবলৈ সক্ষম হৈছে এওঁ। চৰকাৰী চাকৰিমুখী প্ৰৱণতা ত্যাগী নূন্যতম পুঁজিৰে স্বাধীন চিতিয়া ভাবে কিবা এটা কৰাৰ আছিল মন । কিন্তু দৰিদ্ৰতাৰ বাবেই এখোজ আগলৈ গৈ দুখোজ পিছুৱাই আহিছিল তেওঁ । কিন্তু হাৰ মনা নাছিল প্ৰত্যয়ী যুৱকজন।  সিদ্ধান্ত লৈছিল কম মূলধনৰ ব্যৱসায়এখন চেলুন খুলি এগৰাকী নাপিত হোৱাৰ ।

Advertisment

পৰৱৰ্ত্তী সময়ত হাতত তুলি লৈছিল কেচি ফণী । ২০০৫ চনতে আৰম্ভ কৰা এই স্বাৱলম্বনৰ বৰ্ণিল যাত্ৰাৰ পাছৰ পৰা উভতি চোৱাৰ আহৰি নাই যুৱকজনৰ। নিজস্ব কৰ্মেৰে  সততাৰে কিবা এটা কৰাৰ দুৰ্বাৰ দৃষ্টিভংগীৰে অগ্ৰসৰ হোৱা পাপুৱে আজিৰ দিনত নিজৰ লগতে অন্য ১০জন নিবনুৱা যুৱককো স্বাৱলম্বিতাৰ সেন্দুৰীয়া পথ উপহাৰ দিবলৈ সক্ষম হৈছে।

ঢকুৱাখনা নগৰৰ জীয়ামৰীয়া গাঁওৰ এইজন শিক্ষিত যুৱকে ঢকুৱাখনা নগৰৰ চেতিয়া মাৰ্কেটত স্বাৱলম্বিতাৰ সপোন দেখি খুলিছিল  পাপু চেলুন।  দৰিদ্ৰতাই কোঙা কৰা এইজন যুৱকে উপাৰ্জনৰ মাধ্যম হিচাবে গঢ় দিয়া এই "পাপু চেলুন"খনক সম্প্ৰতি মানৱ সেৱাৰ অন্যতম আহিলালৈ ৰূপান্তৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

দৰিদ্ৰ আৰ্তজনক  বিনামূলীয়াকৈ দাড়ি চুলি কাটি নিজস্ব মানৱদৰদী সেৱা আগবঢ়াই আহিছে বছৰ বছৰ ধৰি। বুধবাৰে  আন্তৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ দিনটো এইজন যুৱকে সকলো শ্ৰমিকৰ  দাড়ি চুলি সম্পূৰ্ণ বিনামূলীয়া ভাবে  কাটি দিয়াৰ এক কাৰ্যসূচী গ্ৰহণ কৰে।   বিগত কেইবা বছৰ ধৰি মে দিৱসত অব্যাহত ৰখা এই জনদৰদী পৰম্পৰাৰ ধাৰাহিকতা অব্যাহত ৰাখে বোধবাৰেও ।

আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ দিনাই পাপু দত্তই ঢকুৱাখনাৰ মেহনতি শ্ৰমিক খাটি খোৱা দৰিদ্ৰ সকলক নিজৰ চেলুনলৈ নিমন্ত্ৰণ কৰি আনি নিজে এই সকলৰ চুলি দাড়ি কাটি পৰিচ্ছন্ন কৰে । শ্ৰমিক দিৱসৰ দিনটো নিজে এজন শ্ৰমিক হৈয়ো  শ্ৰমিকলৈ মৰ্যদা  আৰু মান্যতা প্ৰদান কৰি গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে অৰ্ধশতাধিক নিঃস্ব ব্যক্তি উপকৃত হয় । কৰ্মোদ্যমী পাপুৱে বিশ্বাস কৰে এই বিশেষ পংক্তি" পৰিশ্ৰম যাৰ লাঠী হয় , মজবুত যাৰ কান্ধ হয় , কৰি দিয়ে প্ৰতিটো বাধা দূৰ ,তেৱেঁই হয় মজদুৰ" ....।

ঢকুৱাখনা