/asomiyapratidin/media/media_files/2025/02/22/qsuq47kKOujsLveFDyvG.jpg)
fff Photograph: (fff)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত মদাৰগুৰী গাঁওত বিদ্যুৎ বিভাগৰ ঠিকাদাৰে পাতিছে ,ভয়ংকৰ মৰণফান্দ । ঢকুৱাখনা সমজিলাৰ মদাৰগুৰিত নিৰ্মান কৰা হৈছে ৩৩ কে ভি সম্পন্ন বিদ্যুৎ কেন্দ্ৰ । এই বিদ্যুৎ ষ্টেচনলৈ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবহনৰ বাবে ঢকুৱাখনাৰ গোবিন্দপূৰ চাৰি আলিৰ পৰা মদাৰগুৰি লোকনিৰ্মান পথৰ দাঁতিৰে স্থাপন কৰা হৈছে সুউচ্চ বিদ্যুৎ খুঁটা ।
বিদ্যুৎ বিভাগৰ ঠিকাদাৰৰ জৰিয়তে স্থাপন কৰা এনেবোৰ বিদ্যুৎ খুঁটাই এতিয়া জনজীবনলৈ নমাই আনিছে ভয়ঙ্কৰ বিপদ । চাৰিকড়ীয়া নদী পাৰহৈ ৰাজপথৰ নিচেই দাঁতিত স্থাপন কৰা এনেবোৰ সুউচ্চ খুঁটা বিভাগীয় প্ৰাককলন অনুসৰি পোতাৰ ব্যৱস্থা নকৰাৰ গুৰুতৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে । গোবিন্দপুৰ চাৰি আলিৰ পৰা মদাৰগুৰি পৰ্যন্ত স্থাপন কৰা এই খুঁটাবোৰ ৰাজপথৰ অতি দাঁতিত , সামান্য ভাবে পুতি , পৰ্যাপ্ত শিল বালি চিমেণ্টৰ মিশ্ৰণ প্ৰস্তুত নকৰাকৈ অতি বেপৰোৱা ভাবে স্থাপন কৰাৰ পৰিণতিত স্থাপনৰ পাছতে পথৰ দাঁতিত বিপদজনক ভাবে হাউলি পৰা পৰিলক্ষিত হৈছে ।
বিদ্যুৎ বিভাগৰ পৰ্য্যাপ্ত পৰ্যবেক্ষণ নথকা দুৰ্নীতি পৰায়ন ঠিকাদাৰ ,বিষয়াৰ কাণ্ডজ্ঞানহীন ভূমিকাৰ বাবে শুক্ৰবাৰে এক ভয়ানক বিপদৰ পৰা ৰক্ষা পৰে এগৰাকী শ্ৰমিক । প্ৰত্যক্ষদৰ্শীযে জনোৱা মতে এনে এটা খুঁটাত উঠি শ্ৰমিকে বিদ্যুৎ তাঁৰ সংযোজন কৰি থকা অৱস্থাতে অকস্মাত পথাৰৰ দিশে হাউলি যায়। ঘটনাৰ ভয়াৱহতা অনুধাৱন কৰি স্থানীয় ৰাইজৰ সহযোগত শ্ৰমিক বিদ্যুৎ খুটাটোত এডাল প্ৰকাণ্ড ৰচীৰে বান্ধি থিয় কৰি শ্ৰমিকজনৰ জীৱন ৰক্ষা কৰে। ।এখন গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনি ৰূপায়ণৰ বেলিকা অকমন্য ঠিকাদাৰ আৰু বিদ্যুৎ বিভাগে গ্ৰহণ কৰা লৰা ধেমালি আৰু চৰকাৰী পুঁজিৰ অপচয় দেখি স্থানীয় ৰাইজে সাময়িক ভাৱে বন্ধ কৰি দিছে আঁচনিৰ কাম কাজ ।
অঞ্চলবাসীযে অভিযোগ কৰা মতে এই উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ চাৰিকড়ীয়া নদীৰ ওপৰেৰে এটাও খুঁটা নিদিয়াকৈ পাৰ কৰা হৈছে । যাৰ পৰিণতিত বান বাৰিষা নাৱেৰে যাতায়ত কৰাৰ ক্ষেত্ৰত ভয়ংকৰ বিপদ নামি অহাটো খাটাং । তাৰোপৰি নদীৰ দুই পাৰত স্থাপন কৰা দুটা খুঁটাও অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি অতি দায়িত্বহীন প্ৰণালীৰে স্থাপন কৰা হৈছে । অঞ্চলবাসী ৰাইজৰ দাবী ঢকুৱাখনা সমজিলা আয়ুক্ত আৰু ঢকুৱাখনা বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাই এই সমস্ত ক্ৰুটিপূৰ্ণ কামৰ চৰজমিন তদন্ত কৰক । অন্যথাই ৰাজহুৱা প্ৰতিবাদৰ সন্মুখীন হোৱাৰো সকীয়নী দিছে উন্নয়নকামী ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us