ঢকুৱাখনা-ঘিলামৰা কংগ্ৰেছৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল...

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ঢকুৱাখনা  আৰু ঘিলামৰা ব্লক কংগ্ৰেছৰ মুঠ ২৬ গৰাকী আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থীয়ে শুক্ৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰে ।

author-image
Asomiya Pratidin
New Update
fffffffffffs

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ঢকুৱাখনা  আৰু ঘিলামৰা ব্লক কংগ্ৰেছৰ মুঠ ২৬ গৰাকী আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থীয়ে শুক্ৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰে ।

ঢকুৱাখনা সম জিলাৰ অন্তৰ্গত ঘিলামৰা জিলা পৰিষদ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ সমাজ সক্ৰিয় যুৱ নেতা দেৱজিৎ হাজৰিকাই ,মৰনৈ সোৱণশিৰী জিলা পৰিষদ সমষ্টিৰ পৰা মনালিছা কমান নৰহে, পূব ঢকুৱাখনা মাতমৰা সমষ্টিৰ পৰা প্ৰবীণ শিক্ষাবিদ মীন ৰাম পেগুৱে, পশ্চিম ঢকুৱাখনা সমষ্টিৰ পৰা মহিলা নেত্ৰী মিনাক্ষী গগৈয়ে দলীয় প্ৰাৰ্থিত্ব লৈ মনোনয়ন পত্ৰ দাখিল কৰে। 

অন্যহাতে ঢকুৱাখনাৰ ১২ খন আঞ্চলিক পঞ্চায়তৰ বিপৰীতে ১২ গৰাকী  আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে দলীয়  প্ৰাৰ্থীত্ব লাভ কৰি  মনোনয়ন পত্ৰ দাখিল কৰে। সেইসকলৰ ভিতৰত সতীশ চুতিয়া, ৰঞ্জিত পেগু, ৰাজীৱ দত্ত ,নকুল দাস, প্ৰণৱ চমুৱা, ৰশ্মি ৰেখা পাঁচনি কোঁচ,মুহিধৰ পেগু, উমাকান্তি পেগু,ৰাজকুমাৰী কুম্বাং, ৰাজশ্ৰী কুলি ,দেবজানী গগৈ, মণিকা পাতিৰে ঢকুৱাখনা ৰাজীৱ ভৱনৰ পৰা সমদল কৰি গৈ মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰে।

ইয়াৰোপৰি ঘিলামৰা ব্লক কংগ্ৰেছৰ অন্তৰ্গত ১০খন আঞ্চলিক পঞ্চায়তৰ  পৰাও দলীয় প্ৰাৰ্থীত্ব লাভ কৰি প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰে দলীয় নেতা কৰ্মীৰে পৰিবেষ্টিত হৈ সমদল কৰি ।ঢকুৱাখনা ৰাজীৱ ভৱনৰ পৰা বৃহৎ সমদল কৰি মনোনয়ন পত্ৰ দাখিল কৰা এই অনুষ্ঠানত কংগ্ৰেছ নেতা ডঃ সুৰজিত দলে, ব্লক কংগ্ৰেছৰ সভাপতি সত্য চমুৱা, সুভাষ দিহিঙীয়া, ৰাকেশ পেগু আদিয়ে নেতৃত্ব গ্ৰহণ কৰে।।

ঢকুৱাখনা