ঢকুৱাখনাত নিষিদ্ধ সামগ্ৰীসহ সৰবৰাহকাৰী আটক...

ক্ৰমাৎ নিষিদ্ধ ড্ৰাগছৰ মুকলি সৰবৰাহ কেন্দ্ৰলৈ পতিত হৈছে ঢকুৱাখনা । একাংশ অভিভাৱকৰ জ্ঞাতে অজ্ঞাতে   এচাম বিপঠগামী সন্তানৰ সহজলভ্য ধনৰ আশা আৰু আসক্তিৰ বাবে এই মাৰাত্মক নিষিদ্ধ ড্ৰাগছৰ বেহাখন ভয়াবহ হাৰত গা কৰি উঠিছে ।

author-image
Asomiya Pratidin
New Update
ddddddুুু

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ক্ৰমাৎ নিষিদ্ধ ড্ৰাগছৰ মুকলি সৰবৰাহ কেন্দ্ৰলৈ পতিত হৈছে ঢকুৱাখনা । একাংশ অভিভাৱকৰ জ্ঞাতে অজ্ঞাতে   এচাম বিপঠগামী সন্তানৰ সহজলভ্য ধনৰ আশা আৰু আসক্তিৰ বাবে এই মাৰাত্মক নিষিদ্ধ ড্ৰাগছৰ বেহাখন ভয়াবহ হাৰত গা কৰি উঠিছে ।

ঢকুৱাখনা আৰক্ষীয়ে নিৰন্তৰ হাৰত এই মাৰাত্মক সামাজিক ব্যাধি নিৰ্মূল কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে । তাৰেই অংশ হিচাপে শনিবাৰে ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিয়ব্রত গগৈৰ নেতৃত্বত এটা দলে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত এক অভিযান চলাই। হাৰ্হিঘাটৰ ৰাজেন চেতিয়াৰ পুত্ৰ দ্ৰাগছ আসক্ত ৰাহুল চেতিয়া(২৬)ক  তালাচী চলাই ।।আৰক্ষীক দেখি আসক্ত যুৱকজন পথাৰৰ মাজেৰে দৌৰি পলাবলৈ চেষ্টা কৰি বিফল হয় । আৰক্ষীয়ে খেদি খেদি যুৱকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ উপস্থিতিত চলোৱা তালাচী কালত প্ৰায় '৬৫ গ্ৰাম সন্দেহজনক নিষিদ্ধ হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত আসক্ত যুৱকজনৰ স্বীকাৰুক্তিৰ ভিত্তিত ইটাখুলি গাঁওৰ এজন ড্ৰাগছ সৰবৰাহকাৰী যোগেন চেতিয়া(২৯)ক আটক কৰি চলোৱা তালাচী কালত এটা প্লাষ্টিকৰ চাদা টেমাৰ পৰা প্ৰায় '৯৬ গ্ৰাম হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীযে আটকাধীন যুৱকদ্বয়ৰ ওপৰত আইনগত বিধি ব্যৱস্থা গ্ৰহণ কৰিছে । ঢকুৱাখনাৰ সচেতন মহলে আৰক্ষীৰ  ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানৰ শলাগ লৈছে । 

ড্ৰাগছ ব্যৱসায়ী