/asomiyapratidin/media/media_files/2025/04/20/l77dqzOGmqBQN9DbtfKF.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: এজাক বিধ্বংসী ধুমুহাই তচনচ কৰি গল ঢকুৱাখনা সমজিলাৰ বিস্তীৰ্ণ অঞ্চল । দেওবাৰে পুৱতি নিশা অহা এজাক প্ৰচণ্ড ধুমুহাৰ কৰাল গ্ৰাসত পৰি এতিয়া হাঁহাকাৰ কৰিছে অৰ্ধ সহস্ৰাধিক বিধ্বস্ত পৰিয়ালে । এজাক মুষলধাৰ বৰষুণৰ লগতে অহা তীব্ৰবেগী ধুমুহাই ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত কেঁকুৰী, সোনাৰী চাপৰি, ডিমৰুগুৰি , ডাংধৰা, মাতমৰা, খেৰকটা আদি পঞ্চায়তৰ কেইবা শতাধিক পৰিয়ালৰ ঘৰ বাৰী সম্পূৰ্ণৰূপে তচনচ কৰে ।
ধুমুহাজাকে খামন কোঁৱৰ গাঁও, খামন চাৰিআলি, টামাৰ গাঁও ,ঔগুৰি ডাংধৰা, ১নং মইনা পৰা আদি গাঁওৰ বহু সংখ্যক পৰিয়ালৰো ঘৰ ভাঙি ,ঘৰৰ ওপৰত বৃহৎ বৃহৎ গছ পৰি বিস্তৰ ক্ষতি সাধন কৰে ।ঘৰৰ ওপৰত বাঁহ গছ ,তামোল গছ উভালি পৰি ঘৰ ভাঙি নিঃশেষ কৰে ।
ধুমুহাৰ তাণ্ডৱৰ পৰা ৰেহাই নাপালে সোনাৰী চাপৰি আৰক্ষী চকীয়ে। ধুমুহাজাকে সোনাৰী চাপৰি আৰক্ষী চকী সংলগ্ন অস্থায়ী আৰক্ষী নিবেশৰ ওপৰত বৃহৎ গছ ভাগি সমুলঞ্চে নিঃশেষ কৰে । পৰিণতিত আৰক্ষী চকীৰ কৰ্মৰত জোৱান সকলৰ সকলো আচবাব, সা সম্পত্তি বৰষুণত তিতি নিঃশেষ হয় ।
কোনোমতে জখমৰ পৰা ৰক্ষা পৰিল আৰক্ষী জোৱান সকল । সংগৃহীত তথ্য মতে সমজিলাখনৰ অৰ্ধ সহস্ৰাধিক পৰিয়াল যোৱা নিশাৰ এই বিধ্বংসী ধুমুহাৰ গ্ৰাসত পৰি সৰ্বশ্ৰান্ত হৈছে । তাৰোপৰি সমজিলাখনৰ বিভিন্ন স্থানৰ ৰাজপথৰ ওপৰতো প্ৰকাণ্ড প্ৰকাণ্ড গছ পৰি পথ যাতায়ত বাধাগ্ৰস্ত হৈছে ।
পৰিণতিত সমগ্ৰ সমজিলাখনত বৈদ্যুতিক যোগান সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে অনিৰ্দিষ্ট কালৰ বাবে। ঢকুৱাখনা ৰাজহ চক্ৰৰ গাঁও প্ৰধান সকলে পুৱাৰ পৰাই বৰষুণকো নেওচি নিজ নিজ এলেকা পৰিভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ লৈ ক্ষতিগ্ৰস্তৰ তালিকা প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us