/asomiyapratidin/media/media_files/2025/05/13/mBgGxOyWgpx17HkvlJBh.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: সদ্য সমাপ্তি ঘটা পঞ্চায়ত নিৰ্বাচনৰ কালত প্ৰদৰ্শন কৰা হতাশজনক ব্যৰ্থতাৰ দুদিন দুদিন পাছতেই ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি গৰাকীয়ে সভাপতিৰ পদৰ পৰা অব্যাহতি লৈছে । প্ৰায় এটা মাহৰ পূৰ্বে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতিৰ পদত অধিষ্ঠিত হোৱা সত্য চমুৱাই মংগল বাৰে বিয়লি ২-৩৬ বজাত তেওঁৰ পদত্যাগৰ পত্ৰ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰিছে ।
পদত্যাগৰ পত্ৰত চমুৱাই স্বাস্থ্যজনিত কাৰণত সভাপতিৰ পদৰ পৰা অব্যাহতি লোৱা বুলি উল্লেখ কৰিছে যদিও এয়া দলীয় লবীৰ ৰাজনীতি আৰু ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে একাংশ মতলবী কংগ্ৰেছীয়ে সুদীর্ঘ দিন চলাই অহা অহেতুক কাৰচাজিৰ প্ৰতিফলন বুলি জনা গৈছে । উল্লেখযোগ্য যে সম্প্ৰতি ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিখনত তিনিটা লবীৰ সৃষ্টি হৈছে । দলীয় নিষ্ঠাবান সূত্ৰই জনোৱা মতে এগৰাকী প্ৰদেশ কংগ্ৰেছৰ নেতা ,এগৰাকী প্ৰদেশ কংগ্ৰেছৰ যুৱ নেতা আৰু এগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশী ধনৱন্ত শীর্ষ ব্যক্তিৰ নিকৃষ্ট লবীৰ ৰাজনীতিয়ে ঢকুৱাখনা ব্লক কংগ্ৰেছক আপাদ মস্তক গ্ৰাস কৰিছে ।
পৰিণতিত দৈনিক উশৃংখল পৰিবেশৰ সূত্ৰপাত ঘটে ৰাজীৱ ভৱনত । দলীয় স্বাৰ্থক পদপিষ্ট কৰি ন্যস্ত স্বাৰ্থক অধিক গুৰুত্ব দি বহুদিন পূৰ্বে আৰম্ভ হোৱা সুবিধাভোগী ৰাজনীতিকৰ অশুভ পৰম্পৰাৰ বাবেই দলটোৰ সাংগঠনিক ভেঁটি দুৰ্বল হোৱা বুলিও মুকলি মন্তব্য কৰিছে দলৰ নীতিনিষ্ঠ কৰ্মী একাংশই ।
এনে প্ৰেক্ষাপটত ব্লক কংগ্ৰেছৰ সভাপতি গৰাকীয়ে পদত্যাগ কৰা বিষয়টোৱে ঢকুৱাখনাৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে । আশংকা কৰা হৈছে পদত্যাগী চমুৱাই অচিৰেই গেৰুৱা দলত আনুষ্ঠানিক ভাৱে যোগদান কৰিব । অৱশ্যে চমুৱাই এই ক্ষেত্ৰত মন্তব্য দিয়াৰ পৰা বিৰত আছে ।