/asomiyapratidin/media/media_files/2025/03/29/6PwkNgJhAJKQcJlXjMME.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাত সংঘটিত হৈছে প্ৰসাদত বিষক্ৰিয়া । ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত নাৰায়ণপূৰ চাপৰি গাঁওত শুক্ৰবাৰে আয়োজন কৰা এক ধৰ্মীয় অনুষ্ঠানত বিতৰণ কৰা হৈছিল মাহ প্ৰসাদ । উক্ত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল নাৰায়ণ পূৰ চাপৰি গাঁওৰ বহু সংখ্যক ভকত বৈষ্ণবে ।
শুক্ৰবাৰে বিয়লি সকামত মাহ প্ৰসাদ খোৱাৰ পাছত নিশাৰ পৰা শৌচ ,বমি ,মূৰ বিষ , পেট বিষত আক্ৰান্ত হয় ভকত বৈষ্ণৱ । পুৱা এয়া সামান্য ৰোগ বুলি ভাবি থকাৰ অন্তত দুপৰীয়ালৈ গাঁওখনৰ কুৰি গৰাকীৰো অধিক ব্যক্তি আক্ৰান্ত হয় । পাছত শনিবাৰে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আক্ৰান্ত সকলক ।
আক্রান্ত সকলৰ ভিতৰত ৮ বছৰৰ তলৰ নাবালক কিশোৰ কিশোৰী ৫ গৰাকী আছে । ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসকে আক্ৰান্ত সকলক ক্ষীপ্ৰতাৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি আছে । ইয়াৰে ৪ গৰাকীক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই । আক্ৰান্ত সকলৰ সংখ্যা অধিক হোৱাৰ আশঙ্কা কৰা হৈছে ।