হোমেন বৰগোহাঞি ক্ষেত্ৰত ৪এপ্ৰিলৰ পৰা অসম বিজ্ঞান সমিতিৰ ৫৫সংখ্যক অধিবেশন...

ৰাজ্যখনত নব প্ৰজন্মৰ মাজত বিজ্ঞানমনস্ক চিন্তাধাৰাৰ সাৰ্বজনীন প্ৰচাৰৰ লক্ষ্যৰে গঠিত অসম বিজ্ঞান সমিতিৰ বাৰ্ষিক অধিবেশনখন এইবাৰ ঢকুৱাখনাত অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পন্ন হৈছে ।

author-image
Asomiya Pratidin
New Update
ijijdd

ডিজিটেল সংবাদ:ঢকুৱাখনা: ৰাজ্যখনত নব প্ৰজন্মৰ মাজত বিজ্ঞানমনস্ক চিন্তাধাৰাৰ সাৰ্বজনীন প্ৰচাৰৰ লক্ষ্যৰে গঠিত অসম বিজ্ঞান সমিতিৰ বাৰ্ষিক অধিবেশনখন এইবাৰ ঢকুৱাখনাত অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পন্ন হৈছে । অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ আতিথ্যত হোমেন বৰগোহাঞি ক্ষেত্ৰত অহা ৪এপ্ৰিলৰ পৰা ৬এপ্ৰিললৈ তিনিদিনীয়া কাৰ্যসূচীৰে এই ৫৫ সংখ্যক ৰাজ্যিক অধিবেশনখন অনুষ্ঠিত হব । ঢকুৱাখনা শাখা সমিতিৰ সভাপতি দিগেন্দ্ৰ নাথ হাজৰিকা ,সম্পাদক বিমান সন্দিকৈয়ে জনোৱা মতে অসম বিজ্ঞান সমিতিৰ সভাপতি ডঃ ধীৰেশ্বৰ কলিতাৰ অসম বিজ্ঞান সমিতিৰ পতাকা আৰু ঢকুৱাখনা শাখা সমিতিৰ সভাপতি দিগেন্দ্ৰ নাথ হাজৰিকাৰ ঢকুৱাখনা শাখা সমিতিৰ পতাকা উত্তোলনেৰে অধিবেশনৰ  প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী শুভাৰম্ভ হব ।

Advertisment

পৰৱৰ্তী সময়ত স্মৃতি তৰ্পণ , বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচনৰ পাছতে তিনিওটা দিনৰ অনুষ্ঠানৰ শুভাৰম্ভনি কৰিব বিজ্ঞান সমিতিৰ প্ৰাক্তন সভাপতি প্ৰবীণ শিক্ষাবিদ ডঃ মনোজ কুমাৰ পাটোৱাৰীযে । দুপৰীয়া "কৃত্ৰিম বুদ্ধিমত্তা আৰু ইয়াৰ ভবিষ্যত"শীর্ষক বিশেষ বক্তৃতানুষ্ঠানত সমলব্যক্তি হিচাবে উপস্থিত থাকিব বিশিষ্ট বিজ্ঞানী ডঃ ইফটাক হুছেইন আৰু কৰ্কট ৰোগ সম্পৰ্কে সজাগতামূলক মুখামুখি আলাপত সমলব্যক্তি হিচাবে উপস্থিত থাকিব তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ প্ৰণয় ফুকন ।

বিয়লিলৈ "পৰিবেশ মিত্ৰ অসম"ৰ বঁটা প্ৰাপক দেৱজিৎ ফুকনৰ সঞ্চালনাত জনপ্ৰিয় বক্তৃতানুষ্ঠান আৰু সমলব্যক্তিৰে অন্তৰংগ আলাপ অনুষ্ঠান , "পৰিৱৰ্তিত কৃষি ব্যবস্থা আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণ"শীর্ষক বক্তৃতানুষ্ঠান অনুষ্ঠিত হব । ইয়াত সমলব্যক্তি হিচাবে উপস্থিত থাকিব বিশিষ্ট কৃষি বিজ্ঞানী ডঃ প্ৰবাল শইকীয়া ।

"কৃষিভিত্তিক স্ব নিয়োজনৰ সম্ভাৱনা"শীর্ষক বক্তৃতানুষ্ঠানত সমলব্যক্তি হিচাবে উপস্থিত থাকিব বিশিষ্ট পশুচিকিৎসা বিষয়া ডাঃ প্ৰশান্ত বড়ো আৰু ডাঃ ৰূপম গগৈ। ইয়াৰ পাছতে অসম বিজ্ঞান সমিতিৰ কাৰ্যনিৰ্বাহক সভা  আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হব । অধিবেশনৰ দ্বিতীয় দিনা স্বাস্থ্য সজাগতা অনুষ্ঠানৰ পাছতে মুগা শিল্পৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰা হব । অৱসৰপ্ৰাপ্ত শিক্ষাবিদ আৰু বয়স্ক ৰেচম পালক প্ৰমোদ দত্তই উদ্বোধন কৰিব লগা আলোচনাৰ সঞ্চালনা কৰিব  অৱসৰপ্ৰাপ্ত শিক্ষাবিদ ইন্দিবৰ বুঢ়াগোহাঞিযে ।

আলোচক হিচাবে অংশগ্ৰহণ কৰিব ৰেচম বিজ্ঞানী ডঃ সোমেন্দ্ৰ নাথ বুঢ়াগোহাঁই আৰু ডঃ কাৰ্ত্তিক নেওগে । দুপৰীয়া গণিত বিষয়ৰ বাৰ্তালাপ অনুষ্ঠানত আলোচক হিচাবে উপস্থিত থাকিব বিশিষ্ট শিক্ষাবিদ ডঃ ভীম কান্ত শৰ্মা । ইয়াৰ পাছতে স্মাৰক গ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচন । অধিবেশনৰ স্মাৰক গ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট শিক্ষাবিদ , নাট্য সাধক অমিয় কুমাৰ সন্দিকৈযে। বিয়লি "বন্যপ্ৰাণী সংৰক্ষণ আৰু আমাৰ কৰণীয়" শীর্ষক আলোচনাচক্ৰত বন বিষয়া প্ৰাঞ্জল বৰুৱাই অংশগ্ৰহণ কৰিব।তৃতীয় দিনৰ প্ৰথম কাৰ্যসূচী বিজ্ঞানী সকলৰে অন্তৰংগ আলাপ অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট গৱেষক বিজ্ঞানী ডঃ অৰূপ কুমাৰ মিশ্ৰ আৰু ডঃ জয়দীপ বৰুৱা ।

ইয়াৰ পাছতে বিজ্ঞান সমিতিৰ সভাপতি ডঃ ধীৰেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত বিশিষ্ট গৱেষক বিজ্ঞানী ডঃ পংকজ ভৰালী, প্ৰবীণ শিক্ষাবিদ ডঃ মুকুন্দ ৰাজবংশী, ডঃ বুদ্ধিন্দ্ৰ বৰুৱা, ডঃ অৱনী কুমাৰ ভাগৱতীৰ লগতে  অসম চৰকাৰৰ বহু কেইগৰাকী মন্ত্ৰী ,আমোলা উপস্থিত থকাৰ কথা । বিয়লি বিজ্ঞান সমিতিৰ বিষয় বাচনি সভা অনুষ্ঠিত হব বুলি জানিবলৈ দি আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ অমল চন্দ্ৰ দত্ত ,দেৱজিৎ ফুকন আৰু সম্পাদক পৰমানন্দ দত্তই অধিবেশনৰ সমূহ কাৰ্যসূচীত  শিক্ষানুৰাগী ৰাইজৰ লগতে শিক্ষাৰ্থী সকলৰ উৎসাহপূৰ্ণ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ।

ঢকুৱাখনা