/asomiyapratidin/media/media_files/2025/02/19/H7EMYVepAaKGpSvSwPtb.jpg)
ঢকুৱাখনা. Photograph: (ঢকুৱাখনা.)
ডিজিটেল সংবাদ, ঢকুৱাখনা: মিচিং জাতীয় সংগঠনৰ জাতীয় অনুষ্ঠান আলি আয়ে লৃগাংক লৈ প্রদর্শন কৰা পক্ষপাতী ভূমিকাত ক্ষুব্ধ প্ৰদেশ যুৱ কংগ্ৰেছ । জনগোষ্ঠীয় ৰাইজৰ লোক উৎসৱ আলি আয়ে লৃগাংৰ নিৰ্ধাৰিত আখ্যান আৰু নীতি মতে অনুষ্ঠিতকৰনৰ পৰিকল্পনাত অৱশেষত চেঁচা পানী পৰিল ঢকুৱাখনাত । অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ পৃষ্ঠপোষকতা আৰু স্থানীয় ৰাইজৰ আতিথ্যত ঢকুৱাখনাত আজিৰে পৰা কেন্দ্ৰীয় আলি আয়ে লৃগাং অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছিল । ঢকুৱাখনা সমজিলাৰ খেৰকটা গুটুং বগৰীগুৰিত বুধবাৰৰ পৰা দুদিনীয়াকৈ কেন্দ্ৰীয় লৃগাং অনুষ্ঠানৰ আয়োজন চলিছিল । অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত বুধবাৰ আৰু বৃহস্পতি বাৰে আয়োজন কৰা এই লৃগাং অনুষ্ঠানৰ বাবে আহ্বায়ক সমিতিৰ লগতে যুৱ কংগ্ৰেছৰ কৰ্মকর্তা সকলে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল ।
সকলো উপ সমিতিৰ উদ্যোগত তৎপৰতাৰে সাজু হৈ উঠা কেন্দ্ৰীয় লৃগাং অনুষ্ঠানৰ প্ৰথম মাংগলিক কাৰ্যসূচী লৃগৎ অনুষ্ঠিত কৰাৰ পূৰ্বে এই পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰাত বাধা দিয়ে মিচিং জাতীয় সংগঠনে । যাৰ বাবে জনগোষ্ঠীয় জাতীয় অনুষ্ঠান ভাগি বাতিল কৰিবলৈ অনিচ্ছাকৃত সিদ্ধান্ত লবলৈ বাধ্য হল প্ৰদেশ যুৱ কংগ্ৰেছৰ লগতে আহ্বায়ক সমিতি আৰু স্থানীয় জনগোষ্ঠীয় ৰাইজ।
ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই সিদ্ধান্ত ব্যক্ত কৰে । লৃগাংৰ আহ্বায়ক ,অসম প্ৰদেশ যুৱ কংগ্ৰেছ সমিতিৰ উপসভাপতি আনন্দ নৰহ , লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচম লাহনে সংবাদমেল সম্বোধন কৰি কয় মিচিং জাতীয় সংগঠনে কোনো ৰাজনৈতিক দলৰ বেনাৰত অনুষ্ঠিত নোহোৱা আৰু স্থানীয় জনগোষ্ঠীয় আহ্বায়ক সমিতিৰ জৰিয়তে অনুষ্ঠিত হব লগা এই কেন্দ্ৰীয় লৃগাং অনুষ্ঠিতকৰণত সমূহীয়া বাধা প্ৰদান কৰিছে মিচিং জাতীয় সংগঠন সমূহে ।
যাৰবাবে বুধবাৰৰ পৰা দুদিনীয়াকৈ ঢকুৱাখনাত অনুষ্ঠিত হব লগা কেন্দ্ৰীয় লৃগাং অনিৰ্দিষ্ট সময়ৰ বাবে বাতিল কৰা বুলি জানিবলৈ দিয়ে। যুৱ নেতা আনন্দ নৰহে কয় মিচিং বানে কৌবাংৰ সভাপতি পৰমা চায়েঙিয়াৰ সৈতে চলোৱা আলোচনা কালত কৌবাংৰ আখ্যান মতে পাতিবলৈ অনুমতি দিছিল। সেইমতে আহ্বায়ক সমিতিয়ে লাইখুটা পাতিছিল । যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল। কিন্তু বুধবাৰে এই মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰিলে জাতীয় সংগঠনে।
নৰহে জনোৱা মতে পুৱা মাংগলিক পৰ্ব লৃগৎ কৰিবলৈ নিদিলে ।
সংগঠনৰ নেতৃত্বই বন্ধ কৰি দিলে । পৰিণতিত অনিৰ্দিষ্ট কাললৈ বাতিল কৰিব লগা হয় । নৰহে জনোৱা মতে লৃগাংৰ অনুমতি যুৱ কংগ্ৰেছৰ নামত নাই। আছে আহ্বায়ক সমিতিৰ নামত ।এটা পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ নিদিয়া কাৰ্যত দুখ পাইছে লোক সংস্কৃতি প্ৰেমী ৰাইজ আৰু যুৱ কংগ্ৰেছে । নৰহৰ বানে কৌবাংৰ প্ৰতি অনুৰোধ কেন্দ্ৰিয় অনুষ্ঠান ভাগি আখ্যান আৰু নীতি মতে কৰিবলৈ দিয়ক।
যিহেতু ৰাজ্য চৰকাৰে পূৰ্বৰ সময়ত আৰু মাজুলীত আজিৰ পৰা বিজেপিৰ কৃশান মৰ্চাই লৃগাং অনুষ্ঠান অনুষ্ঠিত কৰিছে । এয়া কেনেকৈ সম্ভৱ। বানে কৌবাংৰ আখ্যান সকলোৰে বাবে সমান নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰি নৰহে কংগ্ৰেছৰ আয়োজন বাবেই বাধা প্ৰদান আৰু বিজেপিযে আয়োজন কৰাৰ বাবে সহযোগিতা কৰা পক্ষপাতী আচৰণক কটু সমালোচনা কৰে। নৰহে বানে কৌবাংৰ এছ অ পি কেৱল কংগ্ৰেছৰ বাবে প্ৰযোজ্য হোৱাৰ অন্তৰালত গভীৰ ৰাজনৈতিক চক্ৰান্ত থকা বুলি তীৰ্যক সমালোচনা কৰে।
প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দীপাংকৰ দাস ,জুৱেল চিৰিং , যুৱ কংগ্ৰেছৰ সমষ্টি সমিতিৰ সভাপতি লক্ষ্য নাথ নাতে ,ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া, সম্পাদক শৰৎ পাতিৰ , কেশেন চেতিয়া, ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি দেৱজিৎ হাজৰিকা আদি উপস্থিত থকা সংবাদমেলত জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচুম লাহনে অনাকাংক্ষিত ভাবে কেন্দ্ৰীয় লৃগাং বাতিল কৰিব লগা হোৱা কাৰ্যক দুখ প্ৰকাশ কৰে ।তেওঁ কয় বিহু দল ,জাতি ,সংগঠন সকলোৱে পাতে । এই ক্ষেত্ৰত এছ অ পি অহা নাই । কিন্তু লৃগাংত এছ অ পি অহা এনে ঘটনা প্ৰথম বাৰৰ হৈছে । দেখা গৈছে কংগ্ৰেছৰ বাবে এখন আৰু বিজেপিৰ বাবে অন্য এখন আইন জাতীয় সংগঠনৰ।
বিজেপিৰ চত্ৰছাঁয়াত এনেবোৰ আইন প্ৰযোজ্য হৈছে । লাহনৰ জাতীয় সংগঠনৰ প্ৰতি অনুৰোধ পবিত্ৰ অনুষ্ঠান ভাগি পতাত বাধা নিদিব । অন্যথাই এই কথা ইতিহাসৰ পাতত কলা অধ্যায় হৈ সন্নিবিষ্ট হৈ থাকিব ।এনে পক্ষপাতী পদক্ষেপে অতিথ্যপৰায়ন ঢকুৱাখনাৰ গৰিমাত প্ৰচণ্ড আঘাত হানিছে । তেওঁ কয় কোনে কি পাতিব ,নাপাতিব তাক বিজেপিয়ে নিৰ্ধাৰণ কবিব নেকি। এতিয়া নাগৰিকে জীয়াই থাকিবলৈ উশাহ নিশাহ লবলৈ বিজেপিক সুধিব লাগিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰি এনে দাম্ভিক পদক্ষেপক তীব্ৰ সমালোচনা কৰে । সংবাদমেলত ব্লক প্ৰশাসনিক সম্পাদক শৰৎ পাতিৰেও বক্তব্য ৰাখে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us