ঘিলামৰা আদৰ্শ বিদ্যালয় অধ্যক্ষৰ স্বেচ্ছাচাৰীৰাজ, জাঙুৰ খাই উঠিছে দল-সংগঠন...

আদৰ্শ বিদ্যালয় সংগঠন অসমৰ নীতি আদৰ্শ পদপিষ্ট কৰি আদৰ্শ বিদ্যালয় পৰিচালনাৰ নামত চূড়ান্ত স্বেচ্ছাচাৰীৰাজ চলাই বিত্তীয় অনিয়ম সংঘটিত কৰা এজন অদক্ষ অধ্যক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ সংগঠন ।

author-image
Asomiya Pratidin
New Update
jjkd

ডিজিটেল সংবাদ, ঢকুৱাখনা: আদৰ্শ বিদ্যালয় সংগঠন অসমৰ নীতি আদৰ্শ পদপিষ্ট কৰি আদৰ্শ বিদ্যালয় পৰিচালনাৰ নামত চূড়ান্ত স্বেচ্ছাচাৰীৰাজ চলাই বিত্তীয় অনিয়ম সংঘটিত কৰা এজন অদক্ষ অধ্যক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ সংগঠন । লখিমপুৰ জিলাৰ ঢকুৱাখনা সমজিলাৰ অন্তর্গত ঘিলামৰাত অৱস্থিত এইখন ৰাজ্য চৰকাৰৰ ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়ত ইচ্ছাই আইন কৰি দৌৰাত্ম্য চলাই অহাৰ তথ্য সমৃদ্ধ বাতৰি "অসমীয়া প্ৰতিদিন ডিজিটেল"ত প্ৰকাশৰ পাছতে ঘিলামৰাৰ শৈক্ষিক সম্পদটোৰ অভ্যন্তৰত দেখা দিয়া বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে তিনি জাতীয়  সংগঠন ।

Advertisment

ইটোৰ পাছত সিটো অনিয়মৰ সূত্ৰপাত ঘটাই দৌৰাত্ম্য চলোৱা অধ্যক্ষ লক্ষ্যজিৎ হাজৰিকাৰ এনে দুৰ্নীতিগ্ৰস্ত স্থিতিৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত দাবীৰে ঢকুৱাখনা সমজিলা আয়ুক্তক দাবী পত্ৰ প্ৰদান কৰিছে ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থা , অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ঘিলামৰা আঞ্চলিক সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঢকুৱাখনা মহকুমা সমিতিযে ।বুধবাৰে সংগঠন কেইটাই সংবাদ মাধ্যমক জনোৱা মতে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ পুঁজি , খেলৰ সামগ্ৰী ক্ৰয়ৰ পুঁজিকে ধৰি বিভিন্ন শিতানত আবন্তিত পুঁজিৰ ব্যাপক অপচয় কৰি অধ্যক্ষজনে বিত্তীয় কেলেংকাৰী সৃষ্টি কৰিছে ।

অদক্ষ অধ্যক্ষজনৰ সীমাহীন দুৰ্নীতিৰ সন্দৰ্ভত তথ্য লাভ কৰি ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস জ্যোতি গগৈ , সাধাৰণ সম্পাদক প্ৰিয়ব্রত বুঢ়াগোঁহাই  , অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক টুলটুল ভঁৰালী , ঘিলামৰা আঞ্চলিক সমিতিৰ সভাপতি জিন্টু ভঁৰালী, সাধাৰণ সম্পাদক কৌশিক দত্ত,  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজু ৰাজ বৰপাত্ৰ ,  সাংগঠনিক সম্পাদক আজিত পেগু , জাতীয় যুৱ বাহিনীৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি দিলীপ দাস , ঢকুৱাখনা মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰোহিতেশ্বৰ চুতীয়া ,দুলেশ্বৰ গোঁহাই , যুটীয়া সম্পাদক প্ৰহ্লাদ গগৈ , অমৃত শইকীয়াই এই চৰকাৰী বিদ্যালয়ৰখনৰ বিপৰীতে আবন্তিত পুঁজি অপচয় কৰা , চৰকাৰী পুঁজি ব্যক্তিগত একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি উদৰস্থ কৰাকে প্ৰমুখ্য কৰি বিভিন্ন অনিয়ম দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতাক দাবী পত্ৰ প্ৰদান কৰিছে ।

উথাপিত অভিযোগৰ নিৰপেক্ষ তদন্ত কৰি দোষীক চৰম শাস্তি বিহাৰ দাবী উত্থাপন কৰি ইয়াৰ অন্যথাই শিক্ষাসদীৰ সহযোগিতাত তীব্র গণতান্ত্ৰিক আন্দোলনৰ পাতনি মেলাৰো সকীয়নী দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিযে ।  উল্লেখযোগ্য যে অধ্যক্ষ হাজৰিকাই বিভিন্ন সময়ত নীতি বৰ্হিভূত ভাবে চৰকাৰী পুঁজি অপচয় কৰাৰ বাতৰি প্ৰকাশৰ সমান্তৰাল ভাৱে  সংগঠন সমূহে গ্ৰহণ কৰা দায়বদ্ধ স্থিতিত ভেঁটি লৰিছে অধ্যক্ষ গৰাকীৰ লগতে এই বিত্তীয় অনিয়মৰ লগত জড়িত চক্ৰটোৰ উপৰিও মধ্যাহ্ন ভোজনৰ পুঁজি লেন দেনৰ নিৰীক্ষণ কৰা শিক্ষা বিভাগৰো ।

ঢকুৱাখনা