/asomiyapratidin/media/media_files/2025/03/09/YF9FPjcPXOxSv2zoghNp.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ অন্যতম এক স্বকীয় লোক পৰম্পৰাগত উৎসৱ প:ৰাগ। সামাজিক বৈষম্য দূৰ কৰি নৃগোষ্ঠীয় ৰাইজৰ মাজত ঐক্য ,সংহতি আৰু ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰাৰ এক উৎকৃষ্ট লোকমাধ্যম হিচাবে বিবেচিত এই প:ৰাগ উৎসৱৰ ধামখুমীয়াত আচ্ছন্ন হৈছে ঢকুৱাখনা।
ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত চটিয়না কুম্বাং গাঁৱত বিগত প্ৰায় ৯টা দশক ধৰি পৰম্পৰাগত ৰীতি নীতিৰে অনুষ্ঠিত কৰি অহা হৈছে এই লোক উৎসৱ । ১৯৩৪ চনতেই বৃহত্তৰ অঞ্চলটোৰ কুম্বাং গাঁওৰ ৰাইজে চ'টি নামৰ স্থানত প্ৰথম বাৰৰ বাবে শুভাৰম্ভ কৰা এই প:ৰাগ মহোৎসৱে এইবাৰ ৯১ বর্ষত উপনীত হৈছে।
চতিয়না কুম্বাং গাঁওবাসী ৰাইজৰ হেঁপাহৰ এই মহোৎসৱটি এইবাৰ বৰ্ণাঢ্য ৪দিনীয়া কাৰ্যসূচীৰে শৈলেন পেগু লত্তাত অহা ১২,১৩,১৪ আৰু ১৫ মাৰ্চত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে। সপ্তম বাৰ্ষিক এই মহোৎসৱ সফলতাৰে অনুস্থিতকৰণৰ বাবে লক্ষীকান্ত পেগুক সভাপতি,বিপুল কুম্বাংক উপ সভাপতি, মনেশ কুম্বাংক সম্পাদক, অমিয় কুম্বাংক সহকাৰী সম্পাদক আৰু ভূপেন কুম্বাংক বিত্ত সম্পাদক হিচাবে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰি দিছে।
দেওবাৰে এই মহোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত উদযাপন সমিতিয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে। প্ৰায় ২১ লাখ টকা বাজেটেৰে গাঁওবাসী আৰু গাঁওখনৰ পৰা বৃত্তিগত আৰু পেছাগত কাৰণত বিভিন্ন স্থানত থকা ব্যক্তি সকলৰ সহযোগিতাত অনুষ্ঠিতব্য এই লোক উৎসৱৰ প্ৰথম দিনা মুৰং ঘৰৰ দ্বাৰ মুকলি ,মিগম অপেৰ মুৰং ঘৰ প্ৰৱেশ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হব ।
১৩মাৰ্চৰ দ্বিতীয় দিনা বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাৰ লগতে জাতীয় কৃষ্টি প্ৰদৰ্শনৰ পাছতে প:ৰাগ উৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰিব মিচিং বানে কৌবাংৰ সভাপতি পৰমানন্দ চায়েঙিয়াই। ১৪মাৰ্চৰ তৃতীয় দিনা গাঁওৰ জীয়ৰী বোৱাৰী সকলৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতাৰ লগতে ভিন্ন প্ৰতিযোগিতাৰ পাছতে বিয়লি স্মৃতি গ্ৰন্থ উন্মোচন কৰিব মিচিং আগম কৌবাংৰ সভাপতি হৰি নাৰায়ন পেগুৱে ।
১৫ মাৰ্চৰ অন্তিম দিনৰ কাৰ্যসূচীত সমূহীয়া সম্প্ৰীতিৰ আহাৰ গ্ৰহণৰ পাছতে নিশালৈ বৰ্ণিল সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হব। মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেত্ৰী ইন্দিৰা চিন্তে কুম্বাংয়ে উদ্বোধন কৰিব লগা এই সাংস্কৃতিক কাৰ্যসূচীত সুকণ্ঠী গায়িকা তৰুলতা কুটুম , বায়' পেগুৱে অংশগ্ৰহণ কৰিব ।
ইয়াৰোপৰি এই উৎসৱৰ সতে ৰজিতা খুৱাই অনুষ্ঠিত হব লগা সভাত মুখ্য অতিথি হিচাপে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু , এম এ চিৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া , অধ্যক্ষ সুনীল পেগু, সাংসদ প্ৰদান বৰুৱা , বিধায়ক নৱ দলে ,ভৰত নৰহ, জ্যেষ্ঠ কংগ্ৰেছ নেতা ডাঃ জয় প্ৰকাশ দাস, অসম অনুসূচীত জাতীয় পৰিষদৰ সভাপতি ডঃ ৰমানন্দ দাসকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক বিশিষ্ট ব্যক্তি আৰু প্ৰশাসনীয় বিষয়াই সন্মানীয় অতিথি আৰু বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰিব।
উদযাপন সমিতিয়ে গাঁওবাসীৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ জোৰত অনুষ্ঠিত হব লগা সপ্তম বাৰ্ষিক এই লোক মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে । নৃগোষ্ঠীটোৰ প্ৰতিগৰাকী নব প্ৰজন্মৰ মাজত স্বকীয় লোক সংস্কৃতিৰ পৰম্পৰা বিলাই দি ভাতৃত্ববোধৰ বাণীৰে সম্পৃক্ত হোৱাৰ লক্ষ্যৰে আয়োজিত এই পৰম্পৰাগত মহোৎসৱৰ প্ৰস্তুতিয়ে সমগ্ৰ অঞ্চল বিধৌত কৰা দৃষ্টিগোচৰ হ'ল।
গাঁওখনৰ ঘৰে ঘৰে এই লোক উৎসৱৰ ব্যাপক তৎপৰতাই আচ্ছন্ন কৰা দেখা গল । তাৰোপৰি জনগোষ্ঠীয় যুৱক যুৱতী ,পুৰুষ মহিলা সকল জাতীয় সাজপাৰ পৰিধান কৰি স্বকীয় গুমৰাগ নৃত্যৰ মাদকতাত বিলীন হৈ শৈলেন পেগু লত্তা মুখৰিত কৰা পৰিলক্ষিত হ'ল ।