সমাজপ্ৰাণ পবিত্ৰ কুমাৰ বৰা স্মাৰক কুইজ প্ৰতিযোগিতা

ঢকুৱাখনা সমজিলা ভিত্তিত প্ৰাথমিক আৰু মজলীয়া পৰ্যায়ৰ শিক্ষাৰ্থী সকলৰ মাজত আয়োজন কৰা এই প্ৰতিযোগিতাত ঢকুৱাখনাৰ গৰিষ্ঠ সংখ্যক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
gdfgdg

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ জীয়ামৰীয়া গাঁৱৰ সমাজপ্ৰাণ ব্যক্তি প্ৰয়াত পবিত্ৰ কুমাৰ বৰা। প্ৰবীণ সমাজ সংগঠক ,ধৰ্ম প্ৰাণ পবিত্ৰ কুমাৰ বৰাৰ সশ্ৰদ্ধ সোঁৱৰণত বৃহস্পতিবাৰে দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা হয় কুইজ প্ৰতিযোগিতা।

ঢকুৱাখনা সমজিলা ভিত্তিত প্ৰাথমিক আৰু মজলীয়া পৰ্যায়ৰ শিক্ষাৰ্থী সকলৰ মাজত আয়োজন কৰা এই প্ৰতিযোগিতাত ঢকুৱাখনাৰ গৰিষ্ঠ সংখ্যক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। জীয়ামৰীয়া গাঁৱৰ ৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে প্ৰয়াত বৰাৰ সহধৰ্মীনি পুতলী বৰাই।

অল আছাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা প্ৰকৃতি সংৰক্ষক বিমান সন্দিকৈয়ে পৰিচালনা কৰে কুইজ প্ৰতিযোগিতাখন। ঢকুৱাখনাৰ গৰিষ্ঠ সংখ্যক ৰাইজ, শিক্ষাগুৰু ,অভিভাৱক,সচেতন ৰাইজ আৰু বৰাৰ পৰিয়ালবৰ্গ উপস্থিত থকা আন্তঃ সমজিলা পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত ঢকুৱাখনা বালিকা মজলীয়া অভ্যসন বিদ্যালয়ৰ ছাত্ৰী জাগ্রতা চুতীয়া আৰু ৰীয়া বৰুৱাই প্ৰথম স্থান দখল কৰাৰ লগতে আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ দীপশিখা চুতীয়া আৰু বাস্তৱ চেতিয়াই দ্বিতীয় স্থান আৰু একেই বিদ্যালয়ৰে সুস্মিতা দত্ত আৰু উজ্জ্বল প্ৰতাপ হাতীবৰুৱাই তৃতীয় স্থান দখল কৰে।

প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত শিক্ষাৰ্থী সকলক মানপত্ৰ গ্ৰন্থ সম্ভাৰৰ লগতে একোটাকৈ গছপুলিৰে সন্মানিত হয়। স্মাৰক অনুষ্ঠানৰ সৈতে ৰজিতা খুৱাই ২০২৪ বর্ষৰ পৰা প্ৰদান কৰি অহা প্ৰয়াত পবিত্ৰ কুমাৰ বৰা স্মাৰক শৈক্ষিক বঁটা ২০২৫ বর্ষত ঢকুৱাখনা নগৰৰ কচু গাঁৱৰ প্ৰতিভাবান বাঁহী বাদক বিপুল দাসক প্ৰদান কৰা হয়। এখন প্ৰশস্তি পত্ৰ, নগদ ধন আৰু ছেলেং চাদৰেৰে সন্মানিত কৰা হয় উদীয়মান লোকশিল্পী গৰাকীক।

ঢকুৱাখনা