Advertisment

ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি নিযুক্ত...

অৱশেষত ঢকুৱাখনাৰ নিষ্ঠাবান ন্যায়কামী কংগ্ৰেছ কৰ্মী সকলে ন্যায় পালে ।  অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি  ভূপেন বৰাৰ নিৰ্দেশনা আৰু মৌখিক অনুমোদন ক্ৰমে ঢকুৱাখনা ব্লক কংগ্ৰেছত এগৰাকী  কাৰ্যকৰী সভাপতি  নিযুক্তি দিছে ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ খবৰ

ঢকুৱাখনাৰ খবৰ Photograph: (ঢকুৱাখনাৰ খবৰ)

ডিজিটেল সংবাদ ঢকুৱাখনা:  অৱশেষত ঢকুৱাখনাৰ নিষ্ঠাবান ন্যায়কামী কংগ্ৰেছ কৰ্মী সকলে ন্যায় পালে । 
অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি  ভূপেন বৰাৰ নিৰ্দেশনা আৰু মৌখিক অনুমোদন ক্ৰমে ঢকুৱাখনা ব্লক কংগ্ৰেছত এগৰাকী  কাৰ্যকৰী সভাপতি  নিযুক্তি দিছে । লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগন চন্দ্ৰ বৰাই এক  নিৰ্দেশনা যোগে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী ৰমেন মিলিক কাৰ্যকৰী সভাপতি হিচাবে নিযুক্তি দিছে ।

Advertisment

যোৱা ১৩ ফেব্ৰুৱাৰীত জিলা কংগ্ৰেছৰ কাৰ্য্যালয়ৰ পৰা বাহিৰ হোৱা এই নিৰ্দেশনাৰ পাছতে শনিবাৰে নৱনিযুক্ত কাৰ্যকৰী সভাপতি মিলিয়ে কাৰ্যভাৰ গ্ৰহণ কৰে ।শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ শিক্ষক কোষৰ উপাধ্যক্ষ ডঃ সুৰজিত দলে ,  ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া, প্ৰদেশ কংগ্ৰেছৰ সদস্য লালিত্য কুমাৰ দাস, ব্লক কংগ্ৰেছৰ উপ সভাপতি ৰাকেশ পেগু ,ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী ইনামণি  বৰুৱা, কাৰ্যকৰী সভানেত্ৰী মিনাক্ষী গগৈৰ লগতে সকলো মণ্ডলৰ নেতৃবৰ্গ আৰু কৰ্মকর্তা উপস্থিত থকা কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত সভাপতিত্বত কৰে ব্লক সভাপতি তৰুণ চেতিয়াই ।  

বিয়লি ৰাজীৱ ভৱনত নৱনিযুক্ত কাৰ্যকৰী সভাপতি গৰাকী পদৰ্পণৰ  পাছতেই  দলীয় সকলো কৰ্মকর্তাই মিলিক  উষ্ণ অভিনন্দন জনাই। ব্লক উপসভাপতি ৰাকেশ পেগুৱে আঁত ধৰা কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত এগৰাকী নীতিনিষ্ঠ আৰু সৰ্বজন সমাদৃত ব্যক্তিক ব্লক কংগ্ৰেছৰ শীর্ষ পদত নিযুক্তি দিয়াত  গভীৰ সন্তুষ্টি প্ৰকাশ কৰে ।

প্ৰদেশ কংগ্ৰেছৰ সদস্য লালিত্য কুমাৰ দাস, ব্লক উপ সভাপতি ৰাকেশ পেগু ,  মহিলা নেত্ৰী ইনামণি বৰুৱা,  ব্লক যুৱ কংগ্ৰেছৰ সভাপতি অনুপ বৰুৱা আদিয়ে বক্তব্য ৰাখে । ব্লক সভাপতি কেন্দ্ৰিক বিগত প্ৰায়  ৭ মাহ ধৰি  দলীয়  অসন্তুষ্টি আৰু অচলাবস্থাৰ   পাছত দলীয়  বিতশ্ৰৰ্দ্ধ কৰ্মী সকলৰ  আহ্বানলৈ শ্ৰদ্ধা জনাই প্ৰদেশ  কংগ্ৰেছৰ নিৰ্দেশত  জিলা কংগ্ৰেছে গ্ৰহণ কৰা এই  সময়োপযোগী সিদ্ধান্তৰ একেমুখে শলাগ লয় ।

সংবাদ মাধ্যমৰ আগত  দলীয় নেতা কৰ্মী সকলে দলৰ মজিয়াত সুদীর্ঘ দিন অব্যাহত থকা ব্লক সভাপতি কেন্দ্ৰিক অসন্তুষ্টিৰ কাৰ্যকৰী সভাপতি নিযুক্তিৰ পাছত স্থায়ী নিৰসন হব বুলি আশা প্ৰকাশ কৰে । ব্লক কংগ্ৰেছৰ  নৱনিযুক্ত কাৰ্যকৰী সভাপতি মিলিয়ে দলৰ সাংগঠনিক ভেঁটি অধিক মজবুত কৰি ,প্ৰতিগৰাকী দলীয় কৰ্মীৰ  আশা আকাংক্ষা বাস্তৱায়িত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলি আশ্বাস দিয়ে ।

উল্লেখযোগ্য যে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ  সভাপতি চেতিয়াক অপসাৰণ কৰাৰ দাবীত দীৰ্ঘদিন ধৰি দলীয়  নেতা কৰ্মী সকলে দাবী জনাই আহিছিল । কিন্তু জিলা কংগ্ৰেছৰ পক্ষপাতী আচৰণৰ বাবে সেয়া সম্ভৱ নোহোৱা বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছিল। কিন্তু বিষয়টো প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দৃষ্টিগোচৰ হোৱাত দলৰ কৰ্মী সকলৰ নাৰ্য দাবীৰ পৰিপ্ৰেক্ষিতত মিলিক কাৰ্যকৰী সভাপতিৰ পদ সৃষ্টি কৰি ঢকুৱাখনা ব্লকত নিযুক্তি দিয়ে । পৰিণতিত দলীয় কৰ্মী সকল অধিক উৎসাহিত হৈ  দুগুণ উৎসাহেৰে সাংগঠনিক কামত আত্মনিয়োগ কৰাৰ পথ প্ৰশস্ত  হৈছে ।

ঢকুৱাখনা