অনুশোচনাত ভূগি যুৱকৰ আত্মহনন...

দৈনিক অৰ্ধ লক্ষাধিক পুঁজি সংগ্ৰহ কৰি অহা যুৱকজনক ৰাজহুৱা জেৰা কৰাৰ অন্তত ভুক্তভোগী ৰাইজে ঢকুৱাখনা সদৰ আৰু সোণাৰি চাপৰি আৰক্ষীক খবৰ দি যুৱকজনক আৰক্ষীৰ হাতত গতাই দিয়ে।

author-image
Asomiya Pratidin
New Update
ুিুিুিুিু

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত ঘিলামৰা আৰক্ষী থানাৰ লাওকোঠ গাঁৱৰ এজন যুৱকৰ আত্মাহননৰ ঘটনাই ব্যাপক চৰ্চা লভিছে। গাঁওখনৰ উৎপল গগৈয়ে শনিবাৰে নিশা নিজা ঘৰৰ দাঁতিৰ চাহ বাগানৰ মাজত চৰম সিদ্ধান্ত লয়। যুৱকজনৰ এনে মৃত্যুৰ কাৰণ স্পষ্ট হোৱা নাই যদিও যুৱকজনৰ কিছু দুষ্কাৰ্য পোহৰলৈ অহাত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি আশঙ্কা কৰা হৈছে।

Advertisment

সংগৃহীত তথ্য মতে, ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ গ্ৰামাঞ্চলীয়
এলেকাৰ "নন কেদেষ্টিয়েল" গাঁৱৰ জৰীপ কৰাৰ লগতে অনলাইন নামজাৰি কৰা আৰু উত্তৰাধিকাৰীৰ নাম সন্নিৱিষ্ট কৰাৰ বাবে বিগত প্ৰায় এসপ্তাহ ধৰি দৰিদ্ৰ চহাৰ পৰা সঞ্চিত পুঁজি দাবী কৰি আহিছিল এইজন যুৱকে।

নিজৰ পৈত্রিক ভূ সম্পত্তি নামজাৰী কৰাৰ আশাত চৰকাৰী ভাবে প্ৰেৰিত কৰ্মচাৰী বুলি গণ্য কৰি সমজিলাখনৰ গঞাই এনেবোৰ ব্যক্তিয়ে দাবী কৰা নগদ আৰু অনলাইন পুঁজি আদায় দি আহিছিল যুৱকজনক। কিন্তু পৰৱৰ্তী পৰ্যায়ত এইজন অৰ্থ সংগ্ৰহকাৰী অবৈধ আৰু ৰাজহ বিভাগৰ কৰ্তৃত্বশীল নহয় বুলি প্ৰমাণ হোৱাত হাঁহাকাৰ লাগে দৰিদ্ৰ চহা পৰিয়াল সমূহৰ মাজত।

সমগ্ৰ ঢকুৱাখনা সমজিলাত এনে লুন্ঠনৰাজ চলি থকাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে শনিবাৰে ৰাইজৰ হাতত আটক হয় এইজন যুৱক। নিজকে ৰাজ্য চৰকাৰৰ ভূমি ৰাজহ বিভাগৰ কৰ্তৃত্বশীল কৰ্মচাৰী বুলি চিনাকি দি পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ ভাটী জালভাৰী গাঁৱত দৰিদ্ৰ কৃষক পৰিয়ালৰ পৰা ভূমি জৰীপ আৰু নামজাৰি কৰাৰ বাবদ প্ৰতি দাগত নূন্যতম ৫০০টকাকৈ আৰু প্ৰতি বিঘাত নূন্যতম ৩ হাজাৰ টকাকৈ সংগ্ৰহ কৰিছিল উৎপল গগৈ নামৰ যুৱকজনে।

ৰাজ্য চৰকাৰৰ ভূমি ৰাজহ বিভাগৰ মূখ্য কাৰ্যালয় ৰাজহ ভৱনৰ জৰীপ বিভাগৰ যুটীয়া সঞ্চালকৰ স্বাক্ষৰযুক্ত NEOGEO INFO TECHNOLOGIES PVT LTD নামৰ প্ৰতিষ্ঠানটোৰ পৰিচয়পত্ৰ দেখুৱাই ভাটি জালভাৰী গাঁৱত শনিবাৰে এনেদৰে অৰ্থ সংগ্ৰহ অভিযান চলাই থকা অৱস্থাত শনিবাৰে ৰাইজৰ সন্দেহ হয়। ৰাইজে যুৱকজনক সোধা পোছা কৰাৰ সময়ত এই ভয়ংকৰ লুন্ঠনৰাজ পোহৰলৈ আহে। 

দৈনিক অৰ্ধ লক্ষাধিক পুঁজি সংগ্ৰহ কৰি অহা যুৱকজনক ৰাজহুৱা জেৰা কৰাৰ অন্তত ভুক্তভোগী ৰাইজে ঢকুৱাখনা সদৰ আৰু সোণাৰি চাপৰি আৰক্ষীক খবৰ দি যুৱকজনক আৰক্ষীৰ হাতত গতাই দিয়ে। ৰাইজৰ তৎপৰতাত হাতে লোতে ধৰা পৰা ধৃত যুৱকজনে কৃষকৰ পৰা ধন সংগ্ৰহ কৰাটো স্বীকাৰ কৰি এই ক্ষেত্ৰত মাজ জালভাৰী গাঁৱৰ গাঁও প্রধান আৰু চুপাৰ ভাইজাৰ জনৈক ফুকন জড়িত থকাৰ কথা প্ৰকাশ কৰে।

সোণাৰি চাপৰি আৰক্ষীয়ে যুৱকজনক ঢকুৱাখনা সদৰ থানালৈ আনে আৰু পৰৱৰ্তী সময়ত ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত আৰক্ষী থানাত অভিযুক্তৰে ৰাইজৰ মাজত হোৱা আলোচনা কালত সংগৃহীত পুঁজি ৰাইজক উভতাই দিয়াৰ সিদ্ধান্তত উপনীত হয়। সেই অনুক্ৰমে ৰাজহ চক্ৰ বিষয়াৰ হস্তক্ষেপত ৰাইজে কোনো গোচৰ নিদি বিষয়টো নিস্পতি হোৱাৰ পাছত অভিযুক্ত যুৱকজনক ঢকুৱাখনা আৰক্ষীয়ে অভিভাৱকৰ হাতত বিধিগত প্ৰক্ৰিয়াৰে গতাই দি ঘৰলৈ প্ৰেৰণ কৰে।

কিন্তু ঘৰলৈ যোৱাৰ পাছতে যোৱা নিশা যুৱকজন আত্মহনন কৰা অৱস্থাত উদ্ধাৰ হয়। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নয়নজ্যোতি ডেকা উপস্থিত হৈছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, মৃত্যুৰ পূৰ্বে যুৱকজনে সামাজিক মাধ্যমৰ যোগে উদ্বেগজনক বাৰ্তা লিপিবদ্ধ কৰি গৈছে।

ঢকুৱাখনা