Advertisment

ঢকুৱাখনাত বিশ্ব বেংকৰ ৪ কোটিৰো অধিক টকাৰে মিঠাতেল উদ্যোগৰ উৎপাদন আৰম্ভ

উদ্যোগবিহীন ঢকুৱাখনাৰ ইতিহাসত শুক্ৰবাৰে উদ্যোগীকৰণৰ এক নতুন দিগন্তৰ সূচনা হল । ঢকুৱাখনা উপ জিলাৰ অন্তৰ্গত সোনাৰী চাপৰি কেঁকুৰীৰ ১১ গৰাকী উদ্যমী কৃষকৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত বিশ্ব বেংকৰ অৰ্থসাহায্যৰে প্ৰতিষ্ঠা হোৱা

author-image
Asomiya Pratidin
New Update
dhakua

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ  উদ্যোগবিহীন ঢকুৱাখনাৰ ইতিহাসত শুক্ৰবাৰে উদ্যোগীকৰণৰ এক নতুন দিগন্তৰ সূচনা হল । ঢকুৱাখনা উপ জিলাৰ অন্তৰ্গত সোনাৰী চাপৰি কেঁকুৰীৰ ১১ গৰাকী উদ্যমী কৃষকৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত বিশ্ব বেংকৰ অৰ্থসাহায্যৰে প্ৰতিষ্ঠা হোৱা ৰাজ্যখনৰ প্রথমটো মিঠাতেল উদ্যোগৰ উৎপাদন আজি শুভাৰম্ভ হল ।

Advertisment

শুক্ৰবাৰে বিয়লি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত  কাঁচি ঘানি মিঠাতেল উৎপাদনৰ আনুনিষ্ঠানিক ভাবে শুভাৰম্ভ কৰা হয়। মেচাৰ্ছ সোৱণশিৰী এণ্টাৰপ্ৰাইজৰ উদ্যোগত সোৱণশিৰী মাষ্টাৰ্ড অইল (কাঁচি ঘানি) নামৰ এই উৎকৃষ্ট মানদণ্ডৰ স্বাস্থ্যসন্মত মিঠাতেলৰ উৎপাদনৰ শুভ উদ্বোধনী অনুষ্ঠান এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত সম্পন্ন হয় ।  

ডি আই চিৰ মুখ্য প্ৰবন্ধক কীতাৰ্থ শঙ্কৰ শৰ্মা,  গ্ৰাম থ্ৰণ্টনৰ প্ৰবন্ধক মানিশ কুমাৰ সাহা, গ্ৰাম থ্ৰণ্টনৰ কাৰিকৰী অভিযন্তা প্ৰকাশ মিশ্ৰৰ লগতে ঢকুৱাখনা সমজিলাৰ সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতা , মাজুলী জিলাৰ আৰক্ষী অধীক্ষক নিত্য নন্দ চুতীয়া, মাজুলীৰ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক  বিতুল চেতিয়া, ঢকুৱাখনাৰ মহকুমা আৰক্ষী বিষয়া লিনটো বৰা ,কৃষি বিষয়া অজন্তা গগৈ  , প্ৰিয়দীপ পেগু ,বিদ্যুৎ বিষয়া অনুৰাগ কোঁৱৰ আদিৰ লগতে স্থানীয় গৰিষ্ঠ সংখ্যক উপস্থিত আছিল ।

"লাপীয়া"ৰ জিলা সভাপতি অজিত খনিকৰৰ সঞ্চালনাত  আৰু ভূপেন চুতীয়াৰ সহযোগিতাত অনুষ্ঠিত হয় বাণিজ্যিক উৎপাদনৰ শুভাৰম্ভনি অনুষ্ঠান । অনুষ্ঠানৰ শুভাৰম্ভ কৰি এই প্ৰকল্পৰ জন্মৰ সতে জড়িত শ্ৰমজীৱী উদ্যোগী আৰু শুভাকাংক্ষী সকলৰ ত্যাগৰ সশ্ৰদ্ধ স্মৰন কৰি থলুৱা কৃষকক লাভান্বিত কৰা , খিলঞ্জীয়া কৃষক সকলক উপযুক্ত বজাৰ দৰ প্ৰদানেৰে এখন আত্মনিৰ্ভৰ কৃষি উদ্যোগ আৰু সুকীয়া বজাৰ গঢ়ি নতুন কৃষি বিপ্লৱ গঢ়ি তোলাৰ লক্ষ্যৰে এই প্ৰকল্প স্থাপন কৰা বুলি মন্তব্য কৰে খনিকৰে।

প্ৰকল্পটোৰ ডি আই চিৰ মুখ্য প্ৰবন্ধক কীতাৰ্থ শঙ্কৰ শৰ্মাই প্ৰায় ৩ বছৰ ধৰি ৪ কোটি ব্যয় সাপেক্ষ এই প্ৰকল্প জৰিয়তে স্থানীয় উদ্যোগী কৃষক সকলক লাভান্বিত কৰা আৰু  আৰ্থিক ভাবে স্বাবলম্বী হোৱাৰ আশা প্ৰকাশ কৰে । আৰক্ষী অধীক্ষক নিত্যনন্দ চুতীয়াই এই প্ৰকল্পই থলুৱা  কৃষিজীৱী নিবনুৱা সকলৰ স্বাৱলম্বনৰ এক সেন্দুৰীয়া পথ প্ৰশস্ত কৰা বুলি কৈ সৰিয়হ খেতিৰ প্ৰাচুৰ্য ভূমি ঢকুৱাখনা মাজুলীৰ ইতিহাসত আজিৰ দিনটো চিৰ সেউজ হৈ থাকিব বুলি মন্তব্য কৰে। সভাত ঢকুৱাখনা সমজিলাৰ সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতাই উদ্যোগ বিহীন ঢকুৱাখনাত এই কৃষি উদ্যোগে নতুন দিগন্ত সূচনা কৰিলে বুলি কয় ।

থলুৱা কৃষিজীৱী ৰাইজ অৰ্থনৈতিক ভাৱে যথেষ্ট  লাভবান হব বুলি কৈ ঢকুৱাখনাৰ অৰ্থনৈতিক বিকাশত এই উদ্যোগে নতুন দিগন্তৰ সূচনা কৰিব বুলি কয় ।  সভাত মহকুমা আৰক্ষী বিষয়া লিনটো বৰায়ো প্ৰেৰণা মূলক বক্তব্য আগবঢ়াই। উল্লেখযোগ্য যে সোনাৰী চাপৰি আৰু কেঁকুৰীৰ ১১জনীয়া উদ্যোগী যুৱকৰ  উমৈহতীয়া প্রচেষ্টাত গঢ় লৈ উঠা  এই সোৱণশিৰী এণ্টাৰপ্ৰাইজ নামৰ সমবায় ভিত্তিত প্ৰতিষ্ঠানটোৱে আজিৰে পৰা গ্ৰাহকৰ চাহিদা অনুসৰি নিভাঁজ , পৰিশুদ্ধ , স্বাস্থ্যসন্মত আৰু খাদ্য সুৰক্ষা বিভাগৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত কাঁচি ঘানি মিঠাতেল উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

ঢকুৱাখানা