Advertisment

ঢকুৱাখনা লোকনিৰ্মাণত বেপৰোৱা ঠিকাদাৰৰ মইমতালি...

ঢকুৱাখনাৰ বিধায়ক নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱাৰ অতি ঘনিষ্ঠ হোৱাৰ সুবাদত লোকনিৰ্মাণ বিভাগৰ অভিলাসী আঁচনিৰ ঠিকা লাভ কৰা এনেবোৰ বেপৰোৱা ঠিকাদাৰৰ বাবে জনসাধাৰণে যমৰ যন্ত্ৰণা ভোগা পৰিলক্ষিত হৈ আহিছে।

author-image
Asomiya Pratidin
New Update
1
ডিজিটেল সংবাদ,ঢকুৱাখনা :  ঢকুৱাখনা ক্ষেত্ৰীয় লোক নিৰ্মাণ সংমণ্ডলত এচাম বেপৰোৱা , সোৰোপা মুনাফালোভী ঠিকাদাৰৰ অবাধ দৌৰাত্ম্য চলিছে। লোকনিৰ্মাণ বিভাগৰ পথ নিৰ্মাণ আঁচনিৰ ঠিকা লৈ, কামৰ আধাৰশিলা পৰ্যন্ত কৰি অৱশেষত এনেবোৰ আঁচনি ৰূপায়ণৰ বেলিকা মূৰপুলুকা মৰা পৰিলক্ষিত হৈছে।
Advertisment
ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ দলে আৰু  লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ অতি ঘনিষ্ঠ হোৱাৰ সুবাদত লোকনিৰ্মাণ বিভাগৰ অভিলাসী আঁচনিৰ ঠিকা লাভ কৰা এনেবোৰ বেপৰোৱা ঠিকাদাৰৰ বাবে জনসাধাৰণে যমৰ যন্ত্ৰণা ভোগা পৰিলক্ষিত হৈ আহিছে।
তথাপিতো মৰটোপনি নাভাগে ভণ্ড ৰাজনীতিকৰ।এনে এটা পৰিত্যক্ত আঁচনি হ'ল গোগামুখ- ঘিলামৰা সংযোগী ২২নং ৰাজ্যিক ঘাই পথৰ পৰা বালিয়নী গাঁও সংযোগী পথ নিৰ্মাণ আঁচনি। ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই,বিধায়ক নৱ দলে,সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত ৬ মাৰ্চত আধাৰশিলা স্থাপন কৰিছিল এইখন গুৰুত্বপূৰ্ণ পকী পথ নিৰ্মাণ আঁচনি।
মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনি ২০২৩-২০২৪ বৰ্ষৰ অধীনত প্ৰায় ১২ শ মিটাৰ দৈর্ঘৰ এই গুৰুত্বপূৰ্ণ সদাব্যস্ত পথটোৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল বিধায়ক নৱ দলেৰ অতি ঘনিষ্ঠ লোকনিৰ্মাণ বিভাগৰ ঠিকাদাৰ দীপক ছেত্ৰীয়ে ।তেতিয়াৰ  ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতা , লখিমপুৰ জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী মঞ্জু বৰগোহাঞি আদিৰ উপস্থিতিত বিধায়ক ,সাংসদে ফিটা কাটি আধাৰশিলা স্থাপন কৰা এই গুৰুত্বপূৰ্ণ পথতোত যোৱা ৯ টা মাহে নপৰিল এচপৰা মাটি কিম্বা এটা শিল।
আজিকোপতি এই পথ নিৰ্মাণৰ নামত এগজ কামো আৰম্ভ নহ'ল । বাস্তৱত ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ সংমণ্ডলৰ অধীনৰ এই পথটোৰ নিৰ্মাণৰ ঠিকা পাই কামলৈ পিঠি দিলে এইজন অকমন্য ঠিকাদাৰে।ৰাইজক প্ৰতাৰণা কৰিবলৈ  আধাৰশিলা স্থাপন কৰি  কাম আৰম্ভ নকৰাকৈ মৰটোপনি মৰাত ব্যস্ত এইজন ঠিকাদাৰ।
ঢকুৱাখনাৰ বিধায়ক, সাংসদৰ ভাত ঘৰৰ  সদস্যৰূপী ঠিকাদাৰৰ এনে দায়িত্বহীন স্থিতিৰ বাবে অবৰ্ণনীয় সমস্যাৰ সন্মুখীন হৈ আহিছে বালিয়নী গাঁৱৰ লগতে এই পথেৰে যাতায়ত কৰা সাধাৰণ ৰাইজে। ৰাইজে আধাৰশিলা স্থাপন অনুষ্ঠানত অংশলৈ ভাবিছিল বিধায়ক, সংসদৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ আবন্তিত পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া এই জৰাজীৰ্ণ পথতো এইবাৰ যাতায়তৰ উপযোগীকৈ নিৰ্মিত হব।
কিন্তু বাস্তবত সেয়া নহ'ল। যোৱা প্ৰায় ৯ টা মাহে এই পথৰ ওপৰত নপৰিল এটা শিল বালি।অঞ্চলবাসীয়ে মুখ নেদেখিলে ঠিকাদাৰ কিম্বা বিভাগীয় বিষয়া কৰ্মচাৰীৰ । পৰিণতিত এই পথটোত স্থাপন কৰা আধাৰশিলা ফলকখন উচিষ্ট সামগ্ৰী হৈ থিয় দি থাকিল ৰাইজৰ দৃষ্টিত।
মুখ্যমন্ত্ৰী গৰাকীৰ পদমৰ্য্যদা আৰু সন্মান পদপিষ্ট কৰি ঠিকাদাৰ গৰাকীয়ে এখন ব্যয়বহুল আঁচনিলৈ আংগুষ্ঠ প্ৰদৰ্শন কৰি মাহ মাহ ধৰি এনেকৈ পেলাই ৰখাৰ পাছতো এই আঁচনিখনৰ কাম আৰম্ভ কৰিবলৈ এবাৰ সকীয়াই দিবলৈ সাহস গোটাব পৰা নাই দুই  প্ৰভাৱশালী ৰাজনীতিকে । বাধ্য কৰাব পৰা নাই কাম শুভাৰম্ভ কৰাৰ।
লোকনিৰ্মাণ বিভাগত এনেবোৰ ৰাজনীতিকৰ ঘনিষ্ঠ বুলি ডাংকোব মাৰি অহা ঠিকাদাৰ হোৱাৰ বাবেই লোকনিৰ্মাণ বিভাগেও গ্ৰহণ কৰি আহিছে ভিজা মেকুৰীৰ ভূমিকা। ৰাইজৰ অন্তহীন সমস্যাৰ উপশম ঘটাবলৈ গ্ৰহণ কৰা এইখন পথ নিৰ্মাণ আঁচনিলৈ মাহ মাহ ধৰি পিঠি দিয়া বেপৰোৱা ঠিকাদাৰ গৰাকীক কাম কৰাবলৈ বাধ্য নকৰিলে শীঘ্ৰে ৰাইজে মুখ্যমন্ত্ৰী গৰাকীলৈ ৰাজহুৱা অভিযোগ পত্ৰ প্ৰেৰণ কৰাৰ সকীয়নী দিছে।
উল্লেখযোগ্য যে যোৱা লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বালিয়নী গাঁওৰ ৰাইজক আভুৱা ভাৰিবলৈ এইখন আঁচনিৰ আধাৰশিলা স্থাপন কৰা বুলি ৰাইজ পতিয়ন গৈছে। ৰাইজৰ স্পষ্ট দাবী যদি ঠিকাদাৰৰ কাম কৰাৰ মানসিকতা নাই তেন্তে কামৰ দায়িত্ব এৰক আৰু ঢকুৱাখনা লোকনিৰ্মান বিভাগে এজন যোগ্য ঠিকাদাৰক কামৰ দায়িত্ব অৰ্পণ কৰক।
ৰাজনৈতিক আশীৰ্বাদপুষ্টহৈ এহাতে কামৰ ঠিকা লৈ আনহাতে মাহ মাহ ধৰি কাম আৰম্ভ নকৰাকৈ পেলাই ৰখা দায়িত্বহীন স্থিতি ভুক্তভোগী ৰাইজে মানি নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।প্ৰয়োজনৰ স্বাৰ্থত ঐক্যবদ্ধ গণতান্ত্ৰিক সংগ্ৰামৰ আৰম্ভ কৰাৰো চিন্তা চৰ্চা কৰিছে অঞ্চলবাসীয়ে।
ঢকুৱাখনা