ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত বাহিৰ বগৰী গাঁৱৰ এগৰাকী আশা কৰ্মী নিযুক্তিক লৈ শাসক দলে নিকৃষ্ট ৰাজনীতি কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। ৰাজনৈতিক শক্তিৰ অপব্যৱহাৰেৰে স্বাস্থ্য বিভাগৰ দুৰ্বল বিষয়াক হাত কৰি বিধিগত ভাবে নিৰ্বাচিত আশা কৰ্মীক বঞ্চনা কৰি কেৱল ৰাজনৈতিক ভাবে প্ৰভাৱিত কৰা প্ৰাৰ্থীক নিযুক্তিৰ এক বিতৰ্কিত প্ৰক্ৰিয়া অব্যাহত আৰম্ভ হৈছে।
সোমবাৰে ঢকুৱাখনা সমজিলাৰ আয়ুক্তক ঢকুৱাখনা খেৰকটা অঞ্চলৰ বাহিৰ বগৰী গাঁৱৰ মহিলা একাংশই প্ৰদান কৰা ৰাজহুৱা অভিযোগ মতে গাঁওখনৰ খালি হোৱা আশা কৰ্মীৰ এটা পদৰ বাবে নিযুক্তিৰ সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল যোৱা ৬ ফেব্ৰুৱাৰীত। এই পদৰ বাবে অনুষ্ঠিত সাক্ষাৎকাৰৰ বিপৰীতে বাহিৰ বগৰি গাঁওৰ ৰিতো মণি দলে পেগু নামৰ এগৰাকী মহিলাক নিৰ্বাচিত কৰিছিল।
পৰৱৰ্তী সময়ত ৫ এপ্ৰিলত নিৰ্বাচিত মহিলা গৰাকীক বিধিগত ভাবে আশা কৰ্মীৰ দায়িত্ব পালনৰ সমস্ত নথিপত্ৰ চমজাই দিয়া হৈছিল বিধিগত ভাবে। কিন্তু কিছুদিন পাছত পুনৰ ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়াই আকস্মিক ভাবে নিৰ্বাচিত মহিলা গৰাকীক আশা কৰ্মীৰ কৰ্তব্য পালন নকৰিবলৈ নিৰ্দেশ দি সমীপৰ অন্য এগৰাকী আশা কৰ্মীৰ ওপৰত অতিৰিক্ত দায়িত্ব অৰ্পণ কৰি কাম অব্যাহত ৰাখে।
আজি ক্ষুব্ধ মহিলা সকলে এইসন্দৰ্ভত সম জিলা আয়ুক্তক এক লিখিত অভিযোগ দাখিল কৰি এই অবৈধ কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। ৰাইজে চৰণ চুক উপ স্বাস্থ্য কেন্দ্ৰত সকলো বিষয় ববীয়াৰ উপস্থিতিত আশা কৰ্মীৰ দায়িত্ব অৰ্পণ কৰা ৰিতো মণি দলে পেগুক উক্ত পদত নিযুক্তি দিয়া, ৰাজনৈতিক প্ৰভূত্ব খটুৱাই অবৈধ ভাৱে অন্য ব্যক্তিক নিযুক্তিৰ বিৰোধিতা কৰি ৰাজহুৱা প্ৰস্তাৱ সম্বলিত অভিযোগ দাখিল কৰে।
ঢকুৱাখনা খণ্ড উন্নয়ন বিষয়াকো এই অভিযোগ দাখিল কৰি এগৰাকী গেৰুৱা দলৰ কাণ্ডজ্ঞানহীন নেতাৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা এনে অবৈধ কাণ্ডৰ একেমুখে প্ৰতিবাদ কৰি নিৰ্বাচিত ৰিতো মণি দলে পেগুক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰে।