/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/49bac4cf-6df4-45f5-a1df-5ebb7cc6bfe0/7.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা নগৰৰ বালি গাঁৱৰ ভাৰাতীয়া ঘৰৰ আবাসী দিপুল বৈশ্যৰ কৃতীমান পুত্ৰ ডেভিড বৈশ্যই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সৌজন্যত দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষত আয়োজিত দেশভক্তি দিৱস ২০২৪ ৰ ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জিলাখনৰ ভিতৰত প্ৰথম স্থান অর্জন কৰিবলৈ সক্ষম হৈছে ডেভিড।
ঢকুৱাখনাৰ এগৰাকী নীৰৱ প্ৰকৃতি সংৰক্ষক দিপুল বৈশ্যৰ সুযোগ্য পুত্ৰ ডেভিডে "ক" শাখাৰ ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই সন্মানৰ গৰাকী হবলৈ সক্ষম হৈছে। "দেশভক্ত তৰুণৰাম ফুকন,জীৱন আৰু কৃতিত্ব" শীর্ষক ৮০০ শব্দৰ ভিতৰত ৰচনা লিখি জিলাখনৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে কিশোৰ ছাত্ৰজন।
দেওবাৰে জিলা প্ৰশাসনে আয়োজন কৰা বঁটা বিতৰণী অনুষ্ঠানত এইগৰাকী কৃতী ছাত্ৰক বিশেষ ভাবে সন্মানিত কৰা হয়।লখিমপুৰ জিলা সদৰৰ আবৰ্ত ভৱনত দেওবাৰে আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্তই ডেভিডক এই বঁটা প্ৰদান কৰে।
দেশ ভক্তি দিৱস ২০২৪ ৰ লগত সংগতি ৰাখি অনুষ্ঠিত এই অনুষ্ঠানত ডেভিড বৈশ্যৰ পিতৃ দিপুল বৈশ্য আৰু শিক্ষাগুৰু নৰেন শইকীয়াৰ লগতে জিলা প্ৰশাসন আৰু সমগ্ৰ শিক্ষা অভিযানৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়াৰ উপস্থিতিত ছাত্ৰগৰাকীক মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰে জিলা উন্নয়ন আয়ুক্তই।
Also Read: মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশঃ চৰকাৰী মিটিঙত মাছ-মাংসৰ যোগাৰ নকৰিব...