ঢকুৱাখনাত মাদক দ্ৰব্য,জুৱা বিৰোধী অভিৱৰ্তন

ঢকুৱাখনাত মাদক দ্ৰব্য,জুৱা বিৰোধী অভিৱৰ্তন

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত মাদক দ্ৰব্য,জুৱা বিৰোধী অভিৱৰ্তন

ডিজিটেল সংবাদ,ঢকুৱাখনা: সাম্প্ৰতিক সমাজ আৰু প্ৰজন্মৰ বাবে ভয়াবহ প্ৰত্যাহ্বান হিচাবে থিয় দিছে মাদক দ্ৰব্যৰ লগতে ভাং , ড্ৰাগছ আৰু জুৱা খেলৰ সাৰ্বজনীনতাই।সামাজিক ব্যাধি হিচাবে পৰিচিত এই বৰবিহ স্বৰূপ উপাদান সমূহৰ পৰা এখন সমাজ আৰু নৱ প্ৰজন্মক আঁতৰাই ৰখাৰ বাবে জনসজাগতা সৃষ্টিৰ লক্ষ্যৰে বৃহস্পতিবাৰে এখন গণ অভিৱৰ্তন অনুষ্ঠিত কৰা হয় ঢকুৱাখনাত।

Advertisment

"অল  ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠন ", "ছাত্ৰ সংগঠন  অল ইণ্ডিয়া ডি এছ অ 'ৰ উদ্যোগত আৰু মৌখোৱাবাসী ৰাইজৰ সহযোগত মৌখোৱা গাঁও মুৰংঘৰ প্ৰাঙ্গনত মদ, ড্ৰাগছ, জুৱাৰ ব্যাপক প্ৰচলনৰ বিৰুদ্ধে এই গণ অভিৱৰ্তন  অনুষ্ঠিত কৰা হয়। অভিৱৰ্তনত মূখ্য বক্তা হিচাপে উপস্থিত থাকে মহিলা সাংস্কৃতিক সংগঠনৰ অসম ৰাজ্যিক সমিতিৰ সভানেত্ৰী ডাঃ চিত্ৰলেখা দাস।জনাকীৰ্ণ অভিবৰ্তনত মুখ্য বক্তা দাসে কয় ঢকুৱাখনা মহকুমাৰ বিভিন্ন গ্ৰামাঞ্চল, বিশেষকৈ বৃহত্তৰ সোনাৰী চাপৰি অঞ্চলত দেশী বিদেশী মদ, মাৰাত্মক ড্ৰাগছ, ভাং আৰু জুৱাৰ ব্যাপক প্ৰচলনে এক অভাৱনীয় জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে।

মাদক দ্ৰব্যৰ ক্ৰম বৰ্ধিত প্ৰচলনে যুৱ প্ৰজন্মৰ লগতে বহু পৰিয়াললৈ অনাকাংক্ষিত সংকট নমাই আনিছে।পাৰিবাৰিক অশান্তি আৰু গ্ৰাহস্থ্য হিংসা বৃদ্ধি পোৱাত সচেতন ৰাইজৰ লগতে অভিভাৱক সকল খুবেই দুশ্চিন্তাগ্ৰস্থ হৈ পৰিছে। বৰ্তমানে ই এক ভয়ানক সামাজিক ব্যাধিলৈ ৰূপান্তৰিত হৈ চহৰাঞ্চলৰ লগতে সমগ্ৰ গাঁৱে-ভূঞে এই সমস্যাই যি ব্যাপকতা লাভ কৰিছে তাক প্ৰতিৰোধ কৰিব নোৱাৰিলে নৱ প্ৰজন্মৰ লগতে সমাজখন নিশ্চিত ধ্বংসৰ মুখত পতিত হ'ব।

এই মাৰাত্মক ব্যাধি ৰোধ কৰিবলৈ চৰকাৰ প্ৰশাসনৰ লগতে সমাজ আৰু সামাজিক সংগঠনৰ বহুত কৰণীয়তা আছে । "এইক্ষেত্ৰত অভিভাৱক আৰু জনসাধাৰণৰ সতৰ্কতা, সচেতনতা আৰু ঐক্যবদ্ধ গণতান্ত্ৰিক সজাগতাৰ বিকল্প একো নাই বুলি কৈ দাসে এই সামাজিক ব্যাধি সমূহৰ বিৰুদ্ধে দল মত নিৰ্বিশেষে সকলো ৰাইজে ঐক্যবদ্ধ ভাৱে থিয় দি চৰকাৰক মাদক দ্ৰব্যৰ প্ৰসাৰ প্ৰতিৰোধৰ বাবে চৰকাৰক বাধ্য কৰিব লাগিব বুলি মন্তব্য কৰে। মুখ্য বক্তা গৰাকীয়ে অনাগত সময়ত এই সামাজিক ব্যাধি প্ৰতিৰোধৰ বাবে ঐক্যবদ্ধ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব লাগিব বুলি মত পোষণ কৰে।

শিক্ষক অজয় দলেয়ে পৰিচালনা কৰা অভিৱৰ্তনত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি ক্ৰমে ডিম্বেশ্বৰ দলে, মুক্তিনাথ দলে, তীৰ্থেশ্বৰ দলে আৰু বিভিষণ দলেয়েও বক্তব্য ৰাখি মাদক দ্ৰব্য , নিচাযুক্ত দ্ৰব্য, ড্ৰাগছ আদিৰ বিৰুদ্ধে মতপোষন কৰে।অভিৱৰ্তনৰ আৰম্ভণিতে লিলি দলেয়ে মদ, ড্ৰাগছ, জুৱাৰ বিৰুদ্ধে অনাগত দিনত প্ৰতিৰোধ আন্দোলন গঢ়ি তোলাৰ প্ৰস্তাৱ পাঠ কৰাৰ লগতে শুক্ৰবাৰে ঢকুৱাখনা উপ জিলাৰ অতিৰিক্ত উপায়ুক্তক এক স্মাৰক পত্ৰ‌‌‌ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । 

dhakuakhana