ঢকুৱাখনাত কুষ্ঠ ৰোগীৰ বাবে দিব্যাংগ নিবাৰণ শিবিৰ...

চৰকাৰীভাৱে আগবঢ়োৱা বিনামূলীয়া চিকিৎসা আৰু জনসজাগতাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য আগবঢ়াই জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ শৰ্মাই

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত কুষ্ঠ ৰোগীৰ বাবে দিব্যাংগ নিবাৰণ শিবিৰ...

কুষ্ঠ ৰোগীৰ বাবে দিব্যাংগ নিবাৰণ শিবিৰ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ লখিমপুৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত,জিলা প্ৰশাসনৰ সহযোগত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয় প্ৰাংগণত দেওবাৰে কুষ্ঠ ৰোগীৰ বাবে দিব্যাংগ নিবাৰণ শিবিৰ অনুষ্ঠিত কৰে।

Advertisment

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষত আয়োজিত এই শিবিৰত লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা,লখিমপুৰ জিলা উপায়ুক্ত শোণিত সত্বৱান ,অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য বিভাগ) গীতালি দুৱৰা , ঢকুৱাখনাৰ মহকুমাধিপতি  অৰিন্দম বৰুৱা ,ঢকুৱাখনাৰ ৰাজহ চক্ৰ বিষয়া ৰাহুল দলে, লখিমপুৰ জিলাৰ  যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ অপূৰ্ব শৰ্মা ,লখিমপুৰ জিলা কুষ্ঠ ৰোগ নিবাৰণ কাৰ্যসূচীৰ নডেল  বিষয়া ডা০ ধৃতি মণি দাস, ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহু, সহকাৰী আয়ুক্ত মানৱজ্যোতি দাস ,ৰিমা কৌশিককে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক চিকিৎসক ,স্বাস্থ্য কৰ্মী উপস্থিত থাকে।

জিলা আঁচনি প্ৰৱন্ধক দেবাংগ বিকাশ গগৈয়ে আঁত ধৰা সভাত জাতীয় বীৰ লাচিত বৰফুকনৰ সশ্ৰদ্ধ স্মৰণ কৰি বীৰ জনাৰ চৰম ত্যাগৰ বাবেই বৃহত্তৰ অসমীয়া জাতি স্বাভিমানী হৈ বিশ্বৰ বুকুত থিয় দি থাকিব পৰিছে বুলি মন্তব্য কৰে সাংসদ বৰুৱা আৰু উপায়ুক্ত সত্বৱানে ।

শিবিৰত  কুষ্ঠ ৰোগৰ সংক্ৰমণ ৰোধ আৰু ইয়াৰ প্ৰতিকাৰ ,চৰকাৰীভাৱে আগবঢ়োৱা বিনামূলীয়া চিকিৎসা  আৰু জনসজাগতাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য আগবঢ়াই জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ শৰ্মাই ।  মহকুমাটোৰ ১২ গৰাকী কুষ্ঠ ৰোগী , বিশিষ্ট  নাগৰিক সমাজ আৰু স্বাস্থ্য কৰ্মী সকল উপস্থিত থকা  শিবিৰত মহকুমাটোৰ কুষ্ঠ ৰোগী সকলক জিলা কুষ্ঠ ৰোগ বিভাগৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও ড্ৰেছিং  কৰি , প্ৰয়োজনীয় ঔষধ যোগান ধৰি প্ৰতি গৰাকী  ৰোগীক এযোৰকৈ এম চি আৰ চেন্ডেল , চেল্ফ কেয়াৰ কিট আৰু এটাকৈ গছ পুলি আৰু আৰ্থিক সাহায্য  প্ৰদান কৰে।

আৰু পঢ়কঃ আজি নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ দ্বিতীয় টি-২০...

assam dhakuakhana