অসম লোক সেৱা আয়োগৰ পৰীক্ষাত উজ্বলিল ঢকুৱাখনাৰ  দুই মেধাবী ছাত্ৰ মানস-ত্ৰিনয়ন...

সদ্য ঘোষিত ফলাফল অনুসৰি অসম আৰক্ষী সেৱাত অষ্টম স্থান অধিকাৰ কৰি ঢকুৱাখনাৰ মানস প্রতীম চৌধুৰী আৰু ত্রিনয়ন চমুৱাই ৪৮ সংখ্যক স্থান দখল কৰি ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই আনে

author-image
Asomiya Pratidin
New Update
অসম লোক সেৱা আয়োগৰ পৰীক্ষাত উজ্বলিল ঢকুৱাখনাৰ  দুই মেধাবী ছাত্ৰ মানস-ত্ৰিনয়ন...

APSC

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ  সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ঢকুৱাখনাৰ দুই কৃতিমান ছাত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হৈ ঢকুৱাখনাৰ শৈক্ষিক স্বাভিমান সমুজ্জ্বল কৰি তুলিবলৈ সক্ষম হৈছে। 

Advertisment

সদ্য ঘোষিত ফলাফল অনুসৰি অসম আৰক্ষী সেৱাত অষ্টম স্থান অধিকাৰ কৰি ঢকুৱাখনাৰ মানস প্রতীম চৌধুৰী আৰু ত্রিনয়ন চমুৱাই ৪৮ সংখ্যক স্থান দখল কৰি গৃহ ভূমি ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই আনিছে। স্মৰ্তব্য যে, লখিমপুৰ জিলাৰ নাওবৈছা সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া হিচাবে কৰ্মৰত পংকজ কুমাৰ চৌধুৰী আৰু মুখ্যসেৱিকা ক্ষীৰ মাই চুতীয়াৰ একমাত্ৰ পুত্ৰ মানস প্রতীম চৌধুৰীয়ে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰা ২০১১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯২ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত একাদশ স্থান অধিকাৰ কৰি গৃহভূমিৰ শৈক্ষিক ক্ষেত্ৰখন  সমুজ্জ্বল কৰি তুলিছিল । 

পৰৱৰ্তী সময়ত মেধাবী ছাত্ৰ গৰাকীয়ে ডিব্ৰুগড়ৰ চল্ট ব্ৰুক একাডেমীৰ পৰা ২০১৩ চনত বিজ্ঞান শাখাত ৮৩ শতাংশ নম্বৰ লাভ কৰি বি বৰুৱা মহাবিদ্যালয়ৰ পৰা ২০১৬ চনত ৰসায়ন বিজ্ঞান  বিষয়ত ৮৪ শতাংশ নম্বৰ সহ স্নাতক ডিগ্ৰী লাভ কৰিছিল ।  পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০১৮ চনত ৮'৯৯ শতাংশ (এছ জি পি এ)  নম্বৰ লৈ ৰসায়ন বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অর্জন কৰিবলৈ সক্ষম হৈছিল।

তদ্রুপ ভাৱে ঢকুৱাখনাৰ জামুগুৰি গাঁওৰ অন্যতম মেধাবী ছাত্ৰ ত্ৰিনয়ন চমুৱাই অসম আৰক্ষী সেৱাত ৪৮ সংখ্যক স্থান লাভ কৰি  ঢকুৱাখনাৰ গৰিমা উজ্বলাই তুলিবলৈ সক্ষম হৈছে । ঢকুৱাখনাৰ জামুগুৰি গাঁওৰ শিক্ষানুৰাগী ব্যক্তি ,খেৰকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰু অৰুণ চমুৱা আৰু শশী প্ৰভা চমুৱাৰ জ্যেষ্ঠ পুত্ৰ ত্ৰিনয়ন চমুৱাই ২০১২ চনত ডিষ্টিংছন সহ ৮৮ শতাংশ  নম্বৰ লাভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড়ৰ চল্ট ব্ৰুক একাডেমীৰ পৰা ২০১৪ চনত বিজ্ঞান শাখাত ৭২ শতাংশ নম্বৰ লৈ অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত নামভৰ্তি কৰি তাৰ পৰা সুখ্যাতিৰে  বি ই ডিগ্ৰী অর্জন কৰিবলৈ সক্ষম হৈছিল । 

পৰৱৰ্তী সময়ত  মেধাবী ছাত্ৰ চমুৱাই অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ অসম আৰক্ষী সেৱাৰ ৪৮ সংখ্যক  স্থান  দখল কৰি ঢকুৱাখনা শৈক্ষিক ইতিহাস সমুজ্জ্বল কৰাৰ অন্যতম অংশীদাৰ হ'বলৈ সমৰ্থ হয় ।

ছাত্ৰ অৱস্থাৰ পৰাই বিদ্যায়তনিক দিশত মেধাত্বৰ পৰিচয় দাঙি ধৰি অহা এই দুই কৃতিমানৰ এনে ইস্পিত সফলতাত গৌৰবান্বিত ঢকুৱাখনাবাসী । শৈক্ষিক জীৱনৰ দৰে বৃত্তিগত জীৱনতো এই দুই কৃতিমানে অসম আৰক্ষীৰ স্বাভিমান অধিক উজ্বলাই তুলিব বুলি ঢকুৱাখনাবাসী আশাবাদী।

assam dhakuakhana apsc