Advertisment

অচিনাক্ত ৰোগত আক্ৰান্ত বৰমুগা: হাজাৰ হাজাৰ জাৰুৱা মুগা পলুৰ মৃত্যু

বৰমুগা পালনৰ বাবে সৰ্বোত্তম পাৰিপাৰ্শ্বিক পৰিবেশ বিশিষ্ট এই ঢকুৱাখনা সেয়ে হয়তো সৰ্বপৰিচিত সোণালী সূতাৰ দেশ হিচাবে। কিন্তু ঢকুৱাখনাৰ এই একক জৈৱ সম্পদেৰে বিশ্বৰ বুকুত অসমক এক সুকীয়া স্থান দিয়া এই বৰমুগালৈ নামি আহিছে অশনি সংকেত।

author-image
Asomiya Pratidin
New Update
fgh

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ   স্বাভিমানী অসমীয়াৰ জাতীয় জৈৱ সম্পদ বৰমুগা। অসমীয়া জাতীয় লোক কৃষ্টিৰ অন্যতম লাইখুঁটা স্বৰূপ এই বৰমুগাৰ উৰ্বৰ প্ৰাচুৰ্য ক্ষেত্ৰ চাৰিকড়ীয়া,কঢ়া,সোৱণশিৰী, ডাংধৰা, লাইপুলিয়া আদি নদীৰ অৱবাহিকাৰ বৃহত্তৰ ঢকুৱাখনা।

Advertisment

বৰমুগা পালনৰ বাবে সৰ্বোত্তম পাৰিপাৰ্শ্বিক পৰিবেশ বিশিষ্ট এই ঢকুৱাখনা সেয়ে হয়তো সৰ্বপৰিচিত
সোণালী সূতাৰ দেশ হিচাবে। কিন্তু ঢকুৱাখনাৰ এই একক জৈৱ সম্পদেৰে বিশ্বৰ বুকুত অসমক এক সুকীয়া স্থান দিয়া এই  বৰমুগালৈ নামি আহিছে অশনি সংকেত।

 অসমীয়া জাতিৰ স্বাভিমান সুৰক্ষাকাৰী ঢকুৱাখনাৰ এই মূগা শিল্পৰ স'তে সমজিলাখনৰ হাজাৰ বিজাৰ মুগা পালক অতীজৰে পৰা জড়িত হৈ পৰম্পৰাগত পদ্ধতিৰে মুগা পালনত ব্ৰতী হৈ আহিছে। এক কথাত ঢকুৱাখনাৰ প্ৰতিটো চহা পৰিয়ালৰ জীৱন জীৱিকাৰ স'তে সম্পৰ্কিত এই মুগা শিল্প।

যাৰ জৰিয়তে এই গ্রাম্যাঞ্চলিয় চহা পৰিয়াল সমূহে উপাৰ্জনৰ সেন্দুৰীয়া পথেৰে অগ্ৰসৰ হোৱাৰ সমান্তৰালকৈ গ্ৰাম্য অৰ্থনীতি আৰু ৰাজ্যৰ ৰেচম শিল্পৰ ভেঁটিও টনকিয়াল কৰি আহিছে। কিন্তু  প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ঢকুৱাখনাৰ এই ৰেচম শিল্পলৈ এতিয়া নামি আহিছে কাল অমানিশা।

হাঁহাকাৰ লাগিছে মুগা পালক সকলৰ মাজত।  কাৰণ অদ্যপি অচিনাক্ত , সংক্ৰমিত ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লৈছে হাজাৰ বিজাৰ বৰমুগাই। ঢকুৱাখনাৰ শ শ মুগা পালকৰ চকুৰ সন্মুখতে গছৰ পৰা পৰি অগণন জাৰুৱা মুগা এফালৰ পৰা নিঃশেষ হৈ গৈছে।

সমজিলাখনৰ ভিন্ন চুমনিত এনে অচিনাক্ত ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰ সমান্তৰাল ভাৱে ঢকুৱাখনা চৰকাৰী মুগা চুমনিলৈকো সংক্ৰমিত হৈছে এই মাৰাত্মক ৰোগ। ঢকুৱাখনা নগৰৰ মাজমজিয়াত অৱস্থিত অসম চৰকাৰৰ মুগা সঁচ উন্নয়ন প্ৰকল্পৰ নিজস্ব ভূখণ্ডত থকা মুগা চুমনিতো এই অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটি ৰেচম পালকৰ জীৱনলৈ নমাই আনিছে দুৰ্বিসহ যন্ত্ৰণা।

শনিবাৰে চুমনিখনৰ একাংশ মুগা পালকে জনোৱা মতে চৰকাৰী চুমনিখনত প্ৰায় ১৯ গৰাকী ৰেচম পালকে মুগা পুহিছিল। দুৰ্ভাগ্যজনক ভাবে এইটো ঋতুত বহু কেইগৰাকী পালক ইতিমধ্যে এই ভয়াবহ গ্ৰাসত পৰি সৰ্বশ্ৰান্ত হৈ  ৰেচম ক্ষেত্ৰ ত্যাগ কৰি নিৰাশ হৈ ঘৰলৈ উভটিছে ।

গছৰ ওপৰতে মুগা কলা পৰি ওলমি ৰোৱাৰ পাছত তললৈ পৰি ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে। মুগা পালক সকলৰ গাঁঠিৰ ধন ভাঙি  বৰ্হিৰাজ্যৰ পৰা অনা উন্নত জাতৰ সঁচ পকা ওলোৱাৰ সময়তে  হাজাৰ হাজাৰ মুগা এনেদৰে অকাল মৃত্যুৰ গ্ৰাসত পৰা মৰ্মান্তিক ঘটনাই দুৰ্বিসহ পৰিণতিৰ ইংগিত দিছে।

ঢকুৱাখনাৰ ভিন্ন প্ৰান্তৰৰ ৰেচম পালক এনে দুৰ্গতিৰ সন্মুখীন হোৱাৰ বিপৰীতে ৰেচম বিভাগে জলবায়ু জনিত কাৰণ বুলি কৈ দায় সৰা মন্তব্য দিয়া দেখা গৈছে। কাৰণ যিয়েই নহওঁক চলিত বৰ্ষৰ ঢকুৱাখনাৰ ৰেচম খণ্ডখনত দেখা দিয়া এনে অনাকাংক্ষিত বিপর্যয়ৰ বাবে গ্ৰাম্য কৃষকৰ সপোন থানবান হোৱা দেখা গ'ল । 

এনেদৰে পকা ওলোৱাৰ সময়তে বৰমুগা সমূহৰ আকস্মিক মৃত্যুৱে গ্ৰাম্য অৰ্থনীতিত যে ভয়ংকৰ নেতিবাচক প্ৰভাৱ পেলাব সেয়া ধূৰূপ। তাৎপৰ্যপূৰ্ণ দিশটো হ'ল কোনোধৰণৰ পৰিকল্পিত গৱেষণা কিম্বা ৰেচম পালকৰ এনে আকস্মিক বিপর্যয়ৰ মুকাবিলা কৰিবলৈ কৰ্ম আঁচনি নথকা বিয়াগোম ৰেচম বিভাগৰ অন্তসাৰশূন্য ফোঁপোলা চৰিত্ৰৰ বাবে ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ৰেচম শিল্পখনৰ যে ভৱিষ্যত অন্ধকাৰাচন্ন হব সেয়াও নিশ্চিত।

মুগা পলু