/asomiyapratidin/media/media_files/2025/03/23/TeFEPKUcVkhRNRf5wY12.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ ভক্তি মাৰ্গৰ গুণানুকীৰ্তনেৰে বৃহত্তৰ অসমত বৈষ্ণৱী ধাৰা প্ৰৱৰ্তন কৰিবলৈ সক্ষম হোৱা সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় ৩৮ সংখ্যক ঢকুৱাখনা অধিবেশনৰ দেওবাৰে সফল পৰিসমাপ্তি ঘটিল।
ঢকুৱাখনাৰ বাঁহপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিত্যা নন্দ সমন্বয় ক্ষেত্ৰত ঢকুৱাখনা আৰু ধেমাজি জিলা সমিতিৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৮ সংখ্যক দ্বি বাৰ্ষিক অধিবেশন। দেওবাৰে অন্তিম দিনাৰ মুকলি সভাত ৰাজ্যখনৰ ১৩ খন জিলা সমিতিৰ কেইবা সহস্ৰাধিক আই বাপ সমস্ত ভকত বৈষ্ণবৰ আগমন ঘটে ।
উত্তৰ পূব ভাৰতত নব বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তনৰ চতুৰ্থ গৰাকী প্ৰবৰ্তক আদ্য গুৰু শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ মাৰ্গ দৰ্শনত দীক্ষিত মায়ামৰা সমাজৰ কেইবা সহস্ৰাধিক ভকতৰ উপস্থিতিত মুকলি সভা উদ্বোধন কৰে মায়ামৰা সমাজৰ সমন্বয়ক নীলমণি হাজৰিকাই।
মায়ামৰা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেবত চন্দ্ৰ দাস আৰু হৰিজি সমাজৰ সভানেত্ৰী ৰূপালী দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আদৰনি ভাষণ প্ৰদান কৰে বিধায়ক নৱ দলেয়ে । সভাত মুখ্য অতিথি হিচাবে অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰ প্ৰধানী, নিৰ্দিষ্ট বক্তা হিচাবে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই অংশগ্ৰহণ কৰে।
নিজৰ ভাষণত নিৰ্দিষ্ট বক্তা শইকীয়াই কয় ধাৰ্মিক আৰু আধ্যাত্মিক চেতনা সমান্তৰালভাৱে আগুৱাই নি সাংস্কৃতিক সমাজে এক সাংস্কৃতিক পৰিকাঠামো নিৰ্মাণত নিৰন্তৰ আত্মনিয়োগ কৰি আহিছে। মহাপুৰুষ অনিৰুদ্ধ গুৰু জনাই প্ৰদৰ্শন কৰি যোৱা শৃঙ্খলিত সমাজ আৰু সাংস্কৃতিক চেতনাৰে কিদৰে নব প্ৰজন্মক আগুৱাই নিব পাৰে তাৰে এক সমুজ্জল নিদৰ্শন দেখুৱাই দিছে সাংস্কৃতিক সমাজে ।
শ্ৰীমন্ত শংকৰদেৱগুৰু জনাৰ সমসাময়িক যি কেইগৰাকীমান দেৱ গুৰুৰ আবিৰ্ভাৱ হৈছিল সেই সকলৰ ভিতৰত আদি গুৰু অনিৰুদ্ধ দেৱৰ যিমান অৱদান আছিল সেই অনুসৰি তেওঁৰ যিমান প্ৰচাৰ প্ৰসাৰ হব লাগিছিল সেই ক্ষেত্ৰত অনিৰুদ্ধ দেৱ বহু ক্ষেত্ৰত পিছপৰি থকা আৰু স্বীকৃতি নাপালে বুলি নিজৰ অনুভৱ প্ৰকাশ কৰে শইকীয়াই ।
সাংস্কৃতিক আৰু আধ্যাত্মিক ভাবে মায়ামৰা সমাজক সম্পৃক্ত কৰাত অনিৰুদ্ধ দেৱ গুৰুজনাৰ অতুল্য অৱদানৰ প্ৰকৃত মূল্যায়ন কৰাত মায়ামৰা সাংস্কৃতিক সমাজৰ নিৰন্তৰ প্ৰয়াসৰ শলাগ লয় শইকীয়াই। গুৰুজনাৰ সৃষ্টি ৰাজিৰ তত্ব দৰ্শন যদি নামঘৰ মণিকূটৰ ভিতৰত আবদ্ধ কৰি ৰাখে তেন্তে জগতগুৰু শংকৰদেৱৰ সৃষ্টি ৰাজী যিদৰে লক্ষ্মীনাথ বেজবৰুৱাৰ দিনলৈকে আবদ্ধ কৰি অন্যায় কৰা হৈছিল তেনেদৰেই অনিৰুদ্ধ দেৱৰ প্ৰতিও একেই অন্যায় কৰা হব বুলি কয় ।
এয়া যাতে নহয় তাৰ প্ৰতি সাংস্কৃতিক সমাজে গুৰুত্ব দিব লাগিব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে আজিৰ এই মনোজ্ঞ সভালৈ ৰাজ্য চৰকাৰৰ কেইবাগৰাকী সাংসদ মন্ত্ৰী বিধায়কক নিমন্ত্ৰণ কৰা হৈছিল । কিন্তু ৰহস্যজনক ভাবে এগৰাকীও মন্ত্ৰী বিধায়ক সভালৈ নহাত ক্ষোভ প্ৰকাশ কৰি শইকীয়াই এইসকল ৰজা ঘৰীয়াই মায়ামৰা সমাজৰ প্ৰতি কিবা চৰকাৰী ঘোষণা কৰাৰ ভয়ত ত্ৰস্তমান হৈ এনে কৰা বুলি সভাত মত প্ৰকাশ কৰে।
হৰি নাম , গুৰু বাদ্যৰ অমিয়া সুৰৰ ঝংকাৰত মত্যৰ বৈকুণ্ঠ পুৰীলৈ ৰূপান্তৰ ঘটা সমন্বয় ক্ষেত্ৰত শিক্ষাবিদ নীলমণি দাসৰ সম্পাদনাত প্ৰকাশ কৰা অধিবেশনৰ মুখপত্ৰ °মায়ামৰা" উন্মোচন কৰে বিশিষ্ট গৱেষক আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ডঃ মিনামুদ্দিন আহমেদে ।
মায়ামৰা সমাজৰ সত্ৰাধিকাৰ প্ৰভু সকল ,সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক হেমন্ত গোঁহাই সহ কেম্দ্ৰীয় আৰু সকলো জিলা সমিতিৰ নেতৃবৰ্গৰ উপস্থিতিত সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰি পৰৱৰ্তী সময়ত সমাজৰ পতাকা নমাই অধিবেশনৰ সফল পৰিসমাপ্তি মৰা হয় ।