/asomiyapratidin/media/media_files/2024/12/17/RubE53vLEMS3u3TjL0tK.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা সমজিলা এলেকাত ধাৰাবাহিক চুলাই বেপাৰ উচ্ছেদ অভিযান অব্যাহত আছে ঢকুৱাখনা আবকাৰী বিভাগৰ। দিনে নিশাই চুলাই ভাটী বিচাৰি চলাথ কৰিছে ঢকুৱাখনা আবকাৰী চক্ৰই।
ঢকুৱাখনা চক্ৰৰ চক্ৰ বিষয়া পৰাগ চেতিয়াৰ নেতৃত্বত বিভাগৰ এটা দলে মঙলবাৰ পৰ্যন্ত ঘিলামৰা, উজনি ফুকন গাঁও, লাহীবাৰী, দীঘলা গাঁও, ২নং বানতৌ, ১ নং বানতৌ, ধেনুষণা ,ভাটি জালভাৰী, বালি গাঁও, চিনাই গোঁহাই গাঁও ,চিনাই দীঘলী গাঁও, মইনাপৰা, হুজ গাঁও,হিলৈদাৰী, বাঁহপৰা, টাউন তিনিআলি ,জামুগুৰি ২নং শিঙিয়া গৰৈমাৰী, ঘটাপৰা, মণ্ডলচুক , গৰৈমাৰী , বাঘে ঢপলিয়া, ৰাজপথৰ দাঁতিৰ ৰেষ্টোৰাঁ,হোটেল, ধাবা আদিত অভিযান চলায়।
দলটোৱে প্ৰায় ৯৮০ লিটাৰ চুলাই প্ৰস্তুত কৰা পাচ,প্ৰায় ৮৫ লিটাৰ চুলাই,১৪ টা চুলাই প্ৰস্তুত কৰা সা-সঁজুলি জব্দ কৰি নষ্ট কৰি দিয়ে। অভিযানকাৰী দলটোৰ নেতৃত্ব দিয়া চক্ৰ বিষয়া চেতিয়াই ধাৰাবাহিক ভাবে অব্যাহত ৰখা এই অবৈধ চুলাই বিৰোধী অভিযান কালত বহু কেইটা চুলাই ভাটী উচ্ছেদ কৰি ভৱিষ্যতে এনে সমাজবিৰোধী ব্যৱসায় নকৰিবলৈ অন্তিম সকীয়নি দিয়ে।