ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাই ৰসায়ন, পদাৰ্থ আৰু উদ্ভিদ বিজ্ঞানৰ বিষয় শিক্ষক

ঢকুৱাখনাৰ শৈক্ষিক স্বাভিমানৰ অন্যতম প্ৰতীক ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় । ১৯৩৬ চনতে প্ৰতিষ্ঠা হোৱা এইখন উচ্চ শিক্ষাৰ বাটকটীয়া শিক্ষানুষ্ঠান সুদীর্ঘ দিন ধৰি প্ৰবঞ্চিত

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গুৰুত্ব নাই শিক্ষামন্ত্ৰীৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাৰ শৈক্ষিক স্বাভিমানৰ অন্যতম প্ৰতীক ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় । ১৯৩৬ চনতে প্ৰতিষ্ঠা হোৱা এইখন উচ্চ শিক্ষাৰ বাটকটীয়া শিক্ষানুষ্ঠান সুদীর্ঘ দিন ধৰি প্ৰবঞ্চিত হৈ আহিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰা । 

Advertisment

ঢকুৱাখনা নগৰৰ মাজমজিয়াত অৱস্থিত এইখন অগ্ৰণী শিক্ষানুষ্ঠানৰ বিজ্ঞান শাখা আৰু কলা শাখাত উৎসাহজনক শিক্ষাৰ্থী উপলব্ধ । বৃহত্তৰ ঢকুৱাখনাৰ গৰিষ্ঠসংখ্যক শিক্ষানুৰাগীৰ আবেগ বিজড়িত এইখন শিক্ষানুষ্ঠানৰ গুণগত শিক্ষা ব্যৱস্থাৰ আধাৰ কৰি বহু দূৰ দূৰণিৰ শিক্ষাৰ্থীযে শিক্ষা লাভ কৰি আহিছে যদিও বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ লগতে বিদ্যায়তনিক সুব্যৱস্থা উপলব্ধ কৰাত শিক্ষা বিভাগৰ দেখা নাই কোনো সদিচ্ছা। 

বিদ্যালয়খনে বিজ্ঞান শাখাৰ ৰসানয় বিজ্ঞান বিষয়ত প্ৰায় ২বছৰে, পদাৰ্থ বিজ্ঞান বিষয়ত প্ৰায় দুবছৰে আৰু উদ্ভিদ বিজ্ঞান বিষয়ত যোৱা ৮ বছৰে তিনিগৰাকী বিষয় শিক্ষকৰ অভাৱত ভুগী আহিছে। বিজ্ঞান শাখাৰ তিনিটাকৈ অতি গুৰুত্বপূৰ্ণ তথা বিশেষভাৱে জৰুৰী আৰু মূল বিষয়ৰ বিষয় শিক্ষকৰ পদ বছৰ বছৰ ধৰি শিক্ষকবিহীন হৈ পৰি ৰোৱাত এই বিষয়ত পাঠদানত অকল্পনীয় সমস্যাৰ সন্মুখীন হৈ আহিছে বিদ্যালয় কৰ্তৃপক্ষ। 

অতি আগ্ৰহেৰে বিজ্ঞান শিক্ষা গ্ৰহণৰ বাবে বিদ্যালয়খন বাছি লোৱা মেধাবী শিক্ষাৰ্থীসকলৰ এনে বিজ্ঞান মনস্কতাৰ প্ৰতি ৰাজ্য চৰকাৰে গুৰুত্ব নিদি পিঠি দিয়াৰ বিপৰীতে গুৰুত্ব দি আহিছে বিদ্যালয় কৰ্তৃপক্ষই । বিদ্যালয়খনৰ  অধ্যক্ষ কল্পনা গগৈয়ে সহকাৰী শিক্ষকসকলৰ জৰিয়তে বিষয়ভিত্তিত যথা সাধ্য উক্ত বিষয় শিক্ষকবিহীন বিষয়ত গুণগত শিক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে । 

বিদ্যালয়খনৰ সহকাৰী শিক্ষকসকলৰ অতিৰিক্ত, নিৰবিচ্ছিন্ন যত্নপৰতাৰ বাবেই বিষয় শিক্ষকবিহীন বিজ্ঞান আৰু কলা শাখাৰ শিক্ষাৰ্থীসকলে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে । ইয়াৰোপৰি বিদ্যালয়খনৰ কলা শাখাৰ ৰাজনীতি বিজ্ঞান আৰু শিক্ষাতত্ব বিষয়ৰো বছৰ বছৰ ধৰি নাই এগৰাকীও বিষয় শিক্ষক । 

এনেবোৰ বিষয়ত শিক্ষাদানত মাধ্যমিক বিভাগৰ শিক্ষকক নিয়োগ কৰাৰ বাবে বাকীবোৰ শ্ৰেণীৰ নিয়মীয়া পাঠদানত যথেষ্ট বিৰূপ প্ৰভাৱ পৰি আহিছে বছৰ বছৰ ধৰি । অথচ শিক্ষা বিভাগৰ আমূল পৰিৱৰ্তন অনাৰ দম্ভালি মাৰি অহা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাই ভ্ৰূক্ষেপ ।

নিজ সমষ্টিৰ গুৰুত্বপূৰ্ণ বিদ্যালয়খনৰ এনে লাও লোৱা অৱস্থা দেখি জানি শুনিও মৰটোপনি নাভাগে বিধায়ক নৱ দলেৰ । কথা আৰু কামৰ সাদৃশ্য নথকা এনেবোৰ অকৰ্মন্য ৰাজনীতিকৰ এনে বেপৰোৱা ভূমিকাৰ সত্বেও এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা কলা শাখাত ৮২.১০ শতাংশ  পৰীক্ষাৰ্থী আৰু বিজ্ঞান শাখাত ৯৫.৩৮ শতাংশ পৰীক্ষাৰ্থী সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। 

চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ উত্তীৰ্ণৰ সৰ্বোচ্চ হাৰ বিচাৰি ফুৰা শিক্ষা বিভাগৰ এইখন প্ৰতিষ্ঠিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতি সদিচ্ছা কেতিয়া আহিব তালৈ অধীৰ অপেক্ষা ঢকুৱাখনাৰ শিক্ষাসদীৰ । ৫ গৰাকীকৈ বিষয় শিক্ষকৰ অভাৱত ভোগী হাহাকাৰ কৰি শিক্ষাবৰ্ষ কটোৱা এইখন প্ৰতিষ্ঠিত বিদ্যালয়ৰ প্ৰতি শিক্ষামন্ত্ৰীৰ সুদৃষ্টি পৰিব নে ? এয়াই সাম্প্ৰতিক সময়ত এক জটিল প্ৰশ্ন হৈ থিয় দিছে ঢকুৱাখনাৰ বিদ্বৎ মহলত ।

ঢকুৱাখনা ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়